নেশ্যনেল ডেস্ক, 26 আগষ্ট: পৰ্যটকসকলৰ কাৰণে সুখবৰ ৷ এতিয়াৰ পৰা পৰ্যটকসকলে অনলাইনযোগে টিকট ক্ৰয় কৰি তাজমহলকে ধৰি আগ্ৰাস্থিত সকলো পৰ্যটনস্থলীত প্ৰৱেশ কৰিব পাৰিব (Taj Mahal Entry Ticket)৷ ভাৰতীয় পুৰাতাত্ত্বিক জৰীপে শীঘ্ৰেই ইয়াৰ বাবে এটা ৱেবছাইট আৰু এপ্প মুকলি কৰিব (ASI will launch app)৷
ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এ এছ আই)(ASI)য়ে ইউ.পি.আই.ৰ পৰাই তাজমহলকে ধৰি দেশৰ অন্যান্য পৰ্যটনস্থলীসমূহৰ বাবে বাবে অনলাইনযোগে টিকট বুক কৰাৰ ওপৰত কাম কৰি আছে ৷ অনলাইন টিকট প্ৰণালীৰ ওপৰত চিন্তা-চৰ্চা কৰাৰ পিছত শেহতীয়াকৈ এ এছ আইয়ে ৱেবছাইটটোৰ সৈতে শীঘ্ৰেই এপ্পটো মুকলি কৰাৰ পৰিকল্পনা কৰিছে ৷
এই পৰ্যটনস্থলীসমূহত টিকট প্ৰণালী সম্পূৰ্ণৰূপে ডিজিটেল হোৱাৰ পিছত অফলাইনত টিকট বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ব । অফলাইনত টিকট কাউণ্টাৰসমূহত পৰ্যটকসকলে টিকট ক্ৰয়ৰ বাবে যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হয় । ইয়াৰে সুযোগ লৈ অসাধু চক্ৰই পৰ্যটকক ব্লেকত টিকট বিক্ৰী কৰাৰো অভিযোগ উত্থাপন হৈ আহিছে ৷
ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ অধীক্ষক পুৰাতত্ত্ববিদ ৰাজকুমাৰ পেটেলে এই সন্দৰ্ভত কয় যে তাজমহলকে ধৰি অন্যান্য পৰ্যটনস্থলীত অনলাইন টিকট প্ৰণালী কাৰ্যকৰী কৰাৰ বাবে ৱেবছাইটটোৰ সৈতে এপটো মুকলি কৰা হ'ব । এই এপ্পত নেটৱৰ্কৰ কোনো সমস্যা নহ’ব ৷ ইয়াৰ বাবে পৰ্যটনস্থলীসমূহত ৱাই ফাই ব্যৱস্থাও উন্নত কৰা হ'ব ৷
বহুতো পৰ্যটক আছে যিয়ে ফোন বেংকিং ব্যৱহাৰ কৰিব নাজানে ৷ তেওঁলোকে টোল-ফ্ৰী নম্বৰত ফোন কৰি এ টি এম বা ক্ৰেডিট কাৰ্ডৰ জৰিয়তে সুৰক্ষিতভাৱে টিকট বুক কৰিব পাৰিব ৷ কৰ’ণাৰ সময়ত পৰ্যটনস্থলীসমূহত প্ৰট’কল মানি চলি অনলাইন টিকট প্ৰণালী ৰূপায়ণ কৰা হৈছিল যদিও তাজমহলৰ পূব আৰু পশ্চিম দুৱাৰত নেটৱৰ্ক সমস্যাৰ কাৰণে বহুতো অসুবিধাৰ সৃষ্টি হৈছিল ৷ কেতিয়াবা অনলাইন টিকেটিং প্ৰণালীৰ চাৰ্ভাৰও লেহেমীয়া হৈ যায় ৷ ফলত পৰ্যটকসকলে অফলাইনত টিকট ক্ৰয় কৰে ৷
সম্প্ৰতি তাজমহলত পৰ্যটকৰ সংখ্যা প্ৰতিদিনে 20 হাজাৰতকৈও অধিক । সেয়েহে অফলাইন টিকটৰ বাবে দৈনিক বাক-বিতণ্ডা লগাৰ দৰে ঘটনাও পৰিলক্ষিত হয় ৷
লগতে পঢ়ক: নিৰ্বাচনী বিধি উলংঘা কৰি বিপদৰ সন্মুখীন ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণ