ETV Bharat / bharat

SC On Manipur Incident: উচ্চতম ন্যায়ালয়ত মণিপুৰৰ দুই ভুক্তভোগী মহিলাৰ বিশেষ আবেদন - Manipur victims woman in SC

সোমবাৰে মণিপুৰৰ ঘটনাক লৈ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে । ভুক্তভোগী দুই মহিলাইও ন্যায় বিচাৰি আদালতৰ কাষ চাপিছে । চিবিআইয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে ।

Manipur Incident
SC On Manipur Incident
author img

By

Published : Jul 31, 2023, 11:32 AM IST

নেশ্যনেল ডেস্ক,৩১ জুলাই : মণিপুৰৰ ভাইৰেল ভিডিঅ'টোৱে ইতিমধ্যে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বিষয়টোৱে সংসদৰ বৰ্ষাকালীন অধিৱেশনো একপ্ৰকাৰ অচল কৰি তুলিছে । ইয়াৰ মাজতে ভিডিঅ'টোত দেখা ভুক্তভোগী দুই মহিলাইও ন্যায় বিচাৰি আদালতৰ কাষ চাপিছে ।

ইফালে উচ্চতম ন্যায়ালয়ত ইতিমধ্যে বিষয়টোৰ বিচাৰাধীন হৈ আছে । সোমবাৰে মণিপুৰৰ ভাইৰেল ভিডিঅ' গোচৰৰ শুনানি উচ্চতম ন্যায়ালয়ত হোৱাৰ কথা আছে । মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে আবেদনখনৰ শুনানি গ্ৰহণ কৰিব । একে সময়তে, মণিপুৰ ভাইৰেল ভিডিঅ' গোচৰত দুয়োগৰাকী ভুক্তভোগী মহিলাও উচ্চতম ন্যায়ালয়ত উপস্থিত হৈছে । দুয়োগৰাকী মহিলাই বিষয়টোত হস্তক্ষেপ বিচাৰি উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছে ।

৪ মে'ত সংঘটিত যৌন নিৰ্যাতনৰ গোচৰৰ সৈতে সম্পৰ্কিত এজাহাৰ সন্দৰ্ভত এখন আবেদন দাখিল কৰা হৈছে । ভুক্তভোগী মহিলা দুয়োগৰাকীয়ে চৰকাৰ আৰু কেন্দ্ৰৰ বিৰুদ্ধে এখন আবেদন দাখিল কৰিছে । উচ্চতম ন্যায়ালয়ৰ পৰা তেওঁলোকৰ পৰিচয়ৰ সুৰক্ষা বিচাৰি আবেদন জনাইছে ।

ইফালে ৪ মে'ত মণিপুৰত একাংশ লোকে দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰা ঘটনাৰ চিবিআইয়ে তদন্ত কৰি আছে । অৱশ্যে ঘটনাটোৰ ভিডিঅ' ১৯ জুলাইত ভাইৰেল হৈছিল । ২৭ জুলাইত, কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত এখন শপতনামা দাখিল কৰিছিল, য'ত কেন্দ্ৰই কৈছিল যে মহিলাৰ যৌন নিৰ্যাতনৰ অভিযোগ চিবিআইক হস্তান্তৰ কৰা হৈছে ।

যোৱা ৩ মে'ৰ পৰা মণিপুৰত আৰম্ভ হোৱা হিংসা বন্ধ হোৱা নাই । কেন্দ্ৰীয় চৰকাৰে গোচৰটো মণিপুৰৰ বাহিৰলৈ স্থানান্তৰ কৰিবলৈ চেষ্টা কৰিছে । এই ক্ষেত্ৰত, বিচাৰটো দ্ৰুত গতিত চলাবলৈও দাবী জনোৱা হৈছে, যাতে অভিযোগনামাখন ৬ মাহৰ ভিতৰত দাখিল কৰিব পৰা যায় । অৱশ্যে, কেন্দ্ৰীয় চৰকাৰে দাবী কৰিছে যে, মণিপুৰত শান্তি পুনৰুদ্ধাৰৰ দিশত নিৰন্তৰ আলোচনা চলি আছে ।

আনহাতে, টিএমচিয়ে সোমবাৰে মণিপুৰৰ হিংসা সন্দৰ্ভত পশ্চিমবংগ বিধানসভাত এক নিন্দা প্ৰস্তাৱ উত্থাপন কৰিব । মণিপুৰ আৰক্ষীয়ে ১৮ মে'ত থৌবাল জিলাৰ নংপোক চেকামাই আৰক্ষী থানাত অচিনাক্ত লোকৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণ, অপহৰণ আৰু হত্যাৰ গোচৰ ৰুজু কৰিছিল । চিবিআইয়ে অচিনাক্ত লোকৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিছে ।

লগতে পঢ়ক : No confidence motion against BJP govt : বিৰোধীৰ অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত ২ আগষ্টত হ'ব আলোচনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.