নেশ্যনেল ডেস্ক, ২৪ এপ্ৰিল: দেশজুৰি কৰ'ণাৰ দ্বিতীয় ঢৌৰ সংক্ৰমণে সকলোকে শংকিত কৰি তুলিছে । ৰাইজক সাৱধান হ'বলৈ চৰকাৰ তথা প্ৰশাসনে বাৰাম্বাৰ সজাগ কৰি আহিছে যদিও সেই সজাগতাক অংগুষ্ঠ প্ৰদৰ্শন কৰিছে একাংশ অসচেতন ৰাইজে । মহামাৰী ক'ভিড সংক্ৰমণৰ পৰা ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । যিসকল লোকে অসাৱধানতাৰে অৰ্থাৎ কোনো কোনো লোকে ডিঙিত, নাকৰ তলত মাস্ক পৰিধান কৰে সেইসকল লোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে কয় । পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে পঞ্জাৱ, হাৰিয়ানা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডিগড়ৰ সংশ্লিষ্ট সংস্থা আৰু স্বাস্থ্য বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰিছে, যাতে জনসাধাৰণে সঠিকভাৱে মাস্ক পৰিধান কৰে ।
দেশত প্ৰতিদিনে কৰ’ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই প্ৰায় এক কোটিৰ সীমা অতিক্ৰম কৰিছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ভাৰতত যোৱা ২৪ ঘণ্টাত ৩,৪৬,৭৮৬ গৰাকী ব্যক্তি নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ২,৬২৪ গৰাকীৰ মৃত্যু ঘটিছে । স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, বিগত ২৪ ঘণ্টাত ২,১৯,৮৩৮ গৰাকীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ৷ পৰৱৰ্তী সময়ত দেশত সৰ্বমুঠ ১,৬৬,১০,৪৮১ গৰাকী লোকৰ ভিতৰত মুঠ ১,৩৮,৬৭,৯৯৭ গৰাকী আৰোগ্য হোৱাৰ বিপৰীতে ১,৮৯,৫৪৪ গৰাকী লোকে মৃত্যুবৰণ কৰিছে ৷ আনহাতে, ২৫,৫২,৯৪০ গৰাকীৰ দেহত কৰ’ণা ভাইৰাছ সক্ৰিয় হৈ আছে ।