ETV Bharat / bharat

সামৰিক মৰ্যাদাৰে শেষ বিদায় কেপ্তেইন অংকিত গুপ্তাক - শেষ শ্ৰদ্ধাঞ্জলি কেপ্তেইন অংকিত গুপ্তাক

ৰাজস্থানৰ জোধপুৰ জিলাত সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে শেষ শ্ৰদ্ধাঞ্জলি কেপ্তেইন অংকিত গুপ্তাক । পৰিয়ালৰ উপস্থিতিত দশম পেৰা কমাণ্ডো বেটালিয়ান কেম্পত তেওঁক গাৰ্ড অব অনাৰো জনোৱা হয় ।

সামৰিক মৰ্যাদাৰে শেষকৃত সম্পন্ন কেপ্তেইন অংকিত গুপ্তাৰ

author img

By

Published : Jan 13, 2021, 6:53 PM IST

নিউজ ডেস্ক, ১৩ জানুৱাৰী : ৰাজস্থানত এতিয়া চাৰিওফালে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে । বিশেষ বাহিনী (Special Force, Para)ৰ জোৱান অংকিত গুপ্তাৰ মৃতদেহ উদ্ধাৰৰ পিছতে অভাৱনীয় পৰিবেশে বিৰাজ কৰে সমগ্ৰ অঞ্চলতে ।

যোৱা সপ্তাহত প্ৰশিক্ষণৰ অংশ হিচাপে কায়লানা হ্ৰদত জপিয়াইছিল 10 পেৰা কামাণ্ডো বেটালিয়নৰ কেপ্টেইন অংকিতে । তেতিয়াৰে পৰা সন্ধানহীন হৈ আছিল অংকিত গুপ্তা । অৱশেষত ঘটনাৰ ৬ দিনৰ পিছত মৃতদেহ উদ্ধাৰ কৰা হয় । মৰোণত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ প্ৰথমে দশম পেৰা কমাণ্ডো বেটেলিয়ান কেম্পত লৈ যোৱা হয় য'ত পৰিয়ালৰ উপস্থিতিত তেওঁৰ প্ৰতি শেষ সন্মান প্ৰদৰ্শন কৰা হয় ।

তাৰ পিছতে সেনা বাহিনীৰ উপস্থিতিত জোৱানজনৰ শেষকৃত্য সম্পন্ন কৰা হয় ৰাজস্থানৰ ডিগাদি শ্মশান ঘাটত । ইফালে জোৱান জনক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ শ্মশান ঘাটত যথেষ্ট লোকে ভিৰ কৰা দেখা গ'ল আৰু সকলোৱে "ভাৰত মাতা কি জয়" বুলি চিঞৰি শেষ শ্ৰদ্ধা জনাই জোৱান জনক ।

উল্লেখ যে কেপ্তেইন অংকিত গুপ্তাই যোৱা নৱেম্বৰ মাহত বিবাহ পাশত আবদ্ধ হৈছিল আৰু তাৰ পিছতে বিশেষ প্ৰশিক্ষণৰ বাবে উভতি গৈছিল জোৱানজন ।

লগতে পঢ়ক : মাৰ্কোছে উদ্ধাৰ কৰিলে সন্ধানহীন কামাণ্ডো কেপ্টেইন অংকিত গুপ্তাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.