ETV Bharat / bharat

Delhi Budget 2023: এই বৰ্ষত 24 হাজাৰ শিক্ষকক নিযুক্তি দিব কেজৰিৱাল চৰকাৰে

author img

By

Published : Mar 22, 2023, 6:26 PM IST

বুধবাৰে কেজৰিৱাল চৰকাৰৰ বিত্তমন্ত্ৰী কৈলাশ গেহলটে দাখিল কৰিছে 2023-24 বৰ্ষৰ বাজেট ৷ এইবাৰৰ বাজেটত শিক্ষাখণ্ডৰ বাবে ধাৰ্য কৰা হৈছে সৰ্বাধিক টকা ৷ প্ৰতিগৰাকী শিক্ষকক টেবলেট প্ৰদান কৰা হ’ব বুলি ঘোষণা বাজেটত (Delhi Budget) ৷

Delhi Budget 2023
24 হাজাৰ শিক্ষকক এই বৰ্ষত নিযুক্তি দিব কেজৰিৱাল চৰকাৰে

নেশ্যনেল ডেস্ক, 22 মাৰ্চ: বুধবাৰে সদনত দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰৰ বিত্তমন্ত্ৰী কৈলাশ গেহলটে (Finance Minister Kailash Gehlot) দাখিল কৰিলে 2023-24 বৰ্ষৰ পূৰ্ণাংগ বাজেট ৷ এই বাজেটেত শিক্ষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে কেজৰিৱাল চৰকাৰে ৷ মুঠ বাজেটৰ 20 শতাংশ ধাৰ্য কৰা হৈছে শিক্ষাৰ বাবে ৷ অৰ্থাৎ শিক্ষাৰ বাবে ধাৰ্য কৰা হৈছে 16575 কোটি টকা (Delhi budget highlight) ৷

বিধানসভাত বাজেট দাখিল কৰি বিত্তমন্ত্ৰী কৈলাশ গেহলটে কয় যে, নিউয়ৰ্ক টাইমছত দিল্লীৰ শিক্ষা নীতিৰ ওপৰত আলোচনা হোৱাটো এটা ডাঙৰ কথা ৷ 2022-23 শিক্ষাবৰ্ষত দিল্লী যথেষ্ট পৰিমাণে আগবাঢ়ি গৈছে ৷ বিগত বৰ্ষ কেইটাত ক’ভিড 19ৰ পৰিপ্ৰেক্ষিটত বিশ্বৰ বহু দেশত শিক্ষা ব্যৱস্থা বিফল হৈছে ৷ কেজৰিৱাল চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বাবে চৰকাৰে প্ৰতিকূল পৰিস্থিতিতো শিক্ষাখণ্ডৰ লোকচান হ্ৰাস কৰিছে বুলি মন্তব্য কৰে বিত্তমন্ত্ৰী গৰাকীয়ে ৷ শিক্ষক, অধ্যক্ষ, উপাধ্যক্ষ সকলোকে টেবলেট প্ৰদান কৰা হ’ব বুলি সদৰী কৰে বিত্তমন্ত্ৰী কৈলাশ গেহলটে (Delhi budget 2023 update) ৷

বাজেটত কেজৰিৱাল চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণাসমূহ হ’ল-

1. এবছৰত 24,144 জন শিক্ষকৰ পোনপটীয়াকৈ নিযুক্তি প্ৰদান কৰা

2. শিক্ষকসকলক নতুন টেবলেট প্ৰদান কৰা

3. সকলো বিদ্যালয়তে 20 টাকৈ কম্পিউটাৰৰ ব্যৱস্থা কৰা

4. 9 হাজাৰতকৈও অধিক খেলুৱৈৰ বাবে 110 কোটিতকৈও অধিক টকা অনুমোদন

5. 12 খন নতুন ব্যৱহাৰিক বিদ্যালয় আৰম্ভ কৰা, য’ত নাম ভৰ্তি হ’ব নৱম শ্ৰেণীৰ পৰা

6. দিল্লী বিদ্যালয় পৰিষদৰ সৈতে সংযুক্ত 37 খন ড৹ আম্বেদকাৰ উৎকৰ্ষ বিদ্যালয় স্থাপন কৰা

7. ড৹ আম্বেদকাৰ এক্সিলেন্স বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ফৰাচী, জাৰ্মান আৰু জাপানী ভাষাৰ পাঠ দিয়া(বৰ্তমানেও প্ৰদান কৰি থকা হৈছে)

উল্লেখ্য যে, কেজৰিৱাল চৰকাৰে শিক্ষাৰ বাবে এইবাৰৰ বাজেটত পূৰ্বতকৈ 297 কোটি টকা অধিক ধাৰ্য কৰা হৈছে ৷ শৈক্ষিক ক্ষেত্ৰত দিল্লী চৰকাৰৰ সফলতাৰ কথা উল্লেখ কৰি বিত্তমন্ত্ৰী কৈলাশ গেহলটে কয়, ‘‘দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহত দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ 98 শতাংশ ৷ বিগত বৰ্ষত JEE main ত 493 গৰাকী আৰু NEET পৰীক্ষাত 648গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷ পূৰ্বৰ বাজেটত কেজৰিৱাল চৰকাৰে শিক্ষাৰ বাবে ধাৰ্য কৰিছিল 16,278 টকা (Delhi budget allocation for education sector)’’ ৷

লগতে পঢ়ক: Delhi Budget 2023 : দিল্লীৰ প্ৰতি কেন্দ্ৰৰ উদাসীনতাই ৰাজহ আন্তঃগাঁথনিত আঘাত হানিছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.