চিটাৰা ডেস্ক, ২২ এপ্ৰিল : দেশজুৰি কৰ'ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে অভিনেতা চনু চুডে দৰিদ্ৰ শ্ৰেণীৰ সকলো লোককে বিনামূলীয়াকৈ কৰ'ণা প্ৰতিষেধক প্ৰদান কৰিব লাগে আৰু মূল্য নিৰ্ধাৰণ হ'ব লাগে । প্ৰতিজন দৰিদ্ৰ লোকে বিনামূলীয়াকৈ প্ৰতিষেধক গ্ৰহণ কৰিব লাগে । ইয়াৰ বাবে মূল্য নিৰ্ধাৰণৰ ওপৰত সীমা ৰখাটো অতি গুৰুত্বপূৰ্ণ । এইসকল দৰিদ্ৰ লোকক সহায় কৰিবলৈ ক্ষমতাশীল ব্যক্তি আগবাঢ়ি অহাটো উচিত বুলি এইদৰে বুধবাৰে টুইটাৰযোগে মন্তব্য কৰে ।
অভিনেতাগৰাকীৰ এই টুইটৰ পাচতে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰে । ৰাজ্য চৰকাৰসমূহে প্ৰতিটো পালিৰ বাবে ৪০০ টকাত কোভিশ্বিল্ড প্ৰতিষেধক, ব্যক্তিগত চিকিৎসালয়সমূহত ৬০০ টকাত আৰু টীকাকৰণ কেন্দ্ৰত ১৫০ টকাতে লাভ কৰিব প্ৰতিষেধক । ইফালে, কেন্দ্ৰীয় চৰকাৰে জনোৱা অনুসৰি, বুধবাৰে দেশত ২১.৫৭ লাখৰো অধিক ঘটনা সক্ৰিয় হৈ আছে । এয়া যোৱা বছৰৰ তুলনাত সৰ্বাধিক সক্ৰিয় ঘটনাৰ দুগুণ বুলি কোৱা হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা ।