ETV Bharat / bharat

কৰ্ণাটকত ভাৰত জোড়ো যাত্ৰাত অংশ ল'ব ছোনিয়া আৰু প্ৰিয়ংকা গান্ধীয়ে - KPCC president on Bharat Jodo Yatra

কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কৰ্ণাটকত 'ভাৰত জোড়ো যাত্ৰা'ত অংশগ্ৰহণ কৰিব (Sonia Gandhi and Priyanka to join congress Yatra)। কৰ্ণাটক প্ৰদেশ কংগ্ৰেছে ইতিমধ্যে প্ৰস্তুতি চলাইছে ।

congress
কৰ্ণাটকত ভাৰত জোড়ো যাত্ৰা
author img

By

Published : Sep 24, 2022, 2:15 PM IST

নেশ্যনেল ডেস্ক,২৪ ছেপ্টেম্বৰ : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত অব্যাহত আছে ভাৰত জোড়ো যাত্ৰা (Congress Bharat Jodo Yatra)। জানিব পৰা মতে কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কৰ্ণাটকত 'ভাৰত জোড়ো যাত্ৰা'ত অংশগ্ৰহণ কৰিব (Sonia Gandhi and Priyanka to join Congress Yatra)। ৰাহুল গান্ধীৰ নেতৃত্বত দলটো ৩০ ছেপ্টেম্বৰত কৰ্ণাটকত প্ৰৱেশ কৰিব । কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ডি কে শিৱকুমাৰে শুকুৰবাৰে এই কথা প্ৰকাশ কৰিছে ।

শিৱকুমাৰে কয় যে প্ৰদেশ কংগ্ৰেছে বিভিন্ন নেতাক দায়িত্ব দি ইতিমধ্যে এই যাত্ৰাৰ প্ৰস্তুতি চলাইছে । ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ প্ৰস্তুতি চলোৱা হৈছে । অৱশ্যে কোনটো দিনত তেওঁলোক উপস্থিত থাকিব সেই বিষয়ে এতিয়াও কোনো তথ্য লাভ কৰিব পৰা হোৱা নাই ।

ইফালে শুকুৰবাৰে এআইচিচিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালৰ লগতে সাধাৰণ সম্পাদক তথা কৰ্ণাটকৰ ভাৰপ্ৰাপ্ত বিষয়া ৰণদীপ সিং সুৰজেৱালা, ৰাজ্যিক সভাপতি শিৱকুমাৰ আৰু কেইবাজনো নেতাই যাত্ৰা সন্দৰ্ভত দলৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে । কংগ্ৰেছ নেতা বেণুগোপালে জনোৱা মতে কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে দুটা বেলেগ বেলেগ দিনত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

ৰাজ্যিক সভাপতি শিৱকুমাৰে কোৱা মতে কৰ্ণাটকত এই যাত্ৰাৰ দলটো ৩০ ছেপ্টেম্বৰৰ পুৱা ৯ বজাত গুণ্ডলুপেটৰ পৰা আৰম্ভ হ'ব (Bharat Jodo Yatra In Karnataka)। তেওঁ লগতে কয় যে ২ অক্টোবৰত গান্ধী জয়ন্তীত নাঞ্জানগুডৰ বদনাভালুত এক বিশেষ কাৰ্যসূচী আছে (KPCC president on Bharat Jodo Yatra)। অৱশ্যে দশেৰাত দুদিনীয়াকৈ এই যাত্ৰা বন্ধ থাকিব আৰু বেল্লাৰীত এখন ৰাজহুৱা সভাও অনুষ্ঠিত হ'ব । ৰাহুল গান্ধীয়ে প্ৰতিদিনে যুৱ, মহিলা, নাগৰিক সমাজ, শিক্ষাৰ্থী, জনজাতীয় সম্প্ৰদায় আৰু কৃষকসকলৰ সৈতে বাৰ্তালাপ কৰিব ।

ইফালে ৰাহুল গান্ধীয়ে দলৰ সভাপতিৰ দায়িত্ব লোৱাৰ বাবে বিভিন্ন দাবী চলি থকাৰ মাজতে শিৱকুমাৰে কয় যে তেওঁ এই সন্দৰ্ভত কোনো মন্তব্য দিব নিবিচাৰে । ইতিমধ্যে কৰ্ণাটক প্ৰদেশ কংগ্ৰেছে সভাপতি সন্দৰ্ভত কেন্দ্ৰীয় নেতৃত্বক নিজৰ মতামত প্ৰকাশ কৰিছে । অৱশ্যে সকলো সিদ্ধান্ত ৰাহুল গান্ধীয়ে নিজে ল'ব বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :মোহন ভাগৱতৰ মাদ্ৰাছা ভ্ৰমণক সমালোচনা মায়াৱতীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.