ETV Bharat / bharat

ক'ভিড পৰিস্থিতি: সাংসদৰে আলোচনাত মিলিত হ'ব ছোনিয়া গান্ধী - ছোনিয়া গান্ধী

শুকুৰবাৰে লোকসভাৰ সাংসদসকলৰে বৈঠকত মিলিত হ'ব কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধী । বৰ্তমান দেশৰ ক'ভিড-১৯ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিব কংগ্ৰেছ নেত্ৰীগৰাকীয়ে । ভাৰ্চুৱেল মাধ্যমেৰে অনুষ্ঠিত কৰা হ'ব এই বৈঠক ।

Sonia Gandhi calls lok sabha mps meet to discuss covid situation
লোকসভাৰ সাংসদসকলৰে বৈঠকত মিলিত হ'ব কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধী
author img

By

Published : May 6, 2021, 5:05 PM IST

নেশ্যনেল ডেস্ক,৬ মে': দেশৰ কৰ'ণাসৃষ্ট পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা বাবে বৈঠকৰ আহ্বান জনাইছে কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীয়ে । শুকুৰবাৰে দিনৰ ১১ বজাত ভাৰ্চুৱেল মাধ্যমেৰে অনুষ্ঠিত হ'ব এই বৈঠকখন । লোকসভাৰ সাংসদসকলৰে আলোচনাত মিলিত হ'ব কংগ্ৰেছ নেত্ৰীগৰাকী ।

এগৰাকী কংগ্ৰেছ সাংসদে ইটিভি ভাৰতক জনাইছে এই কথা । উল্লেখ্য যে, বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত যোৱা ২৪ ঘণ্টাত ৪,১২,২৬২ টা নতুন আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে আৰু ৩,৯৮০ জন লোকে প্ৰাণ হেৰুৱাইছে । যোৱা শনিবাৰে, কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীয়ে সমগ্ৰ দেশতে মহামাৰীৰ সংক্ৰমণ ধাৰাবাহিকভাৱে বৃদ্ধি হৈ থকা সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰি এক ভিডিঅ' বাৰ্তা শ্বেয়াৰ কৰিছিল ।

সকলো ৰাজনৈতিক দলৰ সৈতে আলোচনা কৰি মহামাৰীৰে মোকাবিলা কৰিবলৈ এক ৰাষ্ট্ৰীয় নীতি প্ৰস্তুত কৰিবলৈ তেওঁ চৰকাৰক আহ্বান জনাইছিল । মহামাৰীৰ বাবে লক ডাউন ঘোষণা কৰা ৰাজ্যসমূহৰ দৰিদ্ৰ লোকৰ একাউণ্টত ৬ হাজাৰকৈ টকা স্থানান্তৰ কৰিবলৈ অনুৰোধ জনাইছিল কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ।

লগতে সকলো নাগৰিককে প্ৰতিষেধক প্ৰদান কৰিবলৈ তেওঁ কেন্দ্ৰীয় চৰকাৰক দাবী উত্থাপন কৰি আহিছে । আনহাতে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দৰিদ্ৰ শ্ৰেণীৰ লোকক নিম্নতম উপাৰ্জনৰ আশ্বাস দি কেন্দ্ৰক দেশজুৰি লক ডাউন ঘোষণা কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক: মহামাৰীৰ পাছত প্ৰধান সমস্যা হ'ব মানসিক সমস্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.