ETV Bharat / bharat

Manipur violence : মণিপুৰক লৈ আলোচনা হ'ব; ৰাজনাথ সিঙৰ আশ্বাস - Protest over Manipur issue

মণিপুৰক লৈ উত্তাল উভয় সদন । দ্বিতীয় দিনাও কেন্দ্ৰীয় চৰকাৰে আশ্বাস দিছে যে মণিপুৰৰ বিষয়ক লৈ আলোচনা হ'ব । প্ৰতিটো বিষয় আলোচনাৰ বাবে সাজু কেন্দ্ৰীয় চৰকাৰ ।

Manipur violence
মণিপুৰক লৈ আলোচনা হ'ব ৰাজ নাথ সিঙৰ আশ্বাস
author img

By

Published : Jul 21, 2023, 2:01 PM IST

নেশ্যনেল ডেস্ক,২১ জুলাই : চলিত সংসদৰ বৰ্ষাকালীন অধিৱেশনত মণিপুৰৰ হিংসাক লৈ হুলস্থূলীয়া পৰিৱেশে বিৰাজ কৰিছে । বিৰোধীয়ে সংসদৰ মজিয়াত প্ৰতিবাদী শ্ল'গান দিয়াৰ সময়তে শাসকীয় পক্ষই বিষয়টো আলোচনাৰ বাবে সাজু হৈছে । মণিপুৰৰ বিষয়ক লৈ কিছু বিৰোধী নেতাই শ্ল'গান দিয়াৰ পাছতে শুকুৰবাৰে লোকসভা দুপৰীয়া ১২ বজালৈ স্থগিত ৰখা হয় ।

ইয়াৰ মাজতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুকুৰবাৰে লোকসভাৰ সকলো সদস্যকে আশ্বাস দিয়ে যে কেন্দ্ৰই উত্তৰ-পূব ৰাজ্যখনৰ আইন-শৃংখলা সন্দৰ্ভত সকলো বিষয় আলোচনা কৰিবলৈ সাজু আৰু ইচ্ছুক । অধ্যক্ষ ওম বিৰলাই তেওঁক আহ্বান জনোৱাৰ পাছতে ৰাজনাথ সিঙে নিম্ন সদনক সম্বোধন কৰি এই আশ্বাস প্ৰদান কৰে ।

ৰাজনাথ সিঙে কয় যে মণিপুৰৰ ঘটনাটো নিশ্চিতভাৱে এক অতি গুৰুতৰ বিষয় আৰু পৰিস্থিতি অতি চিন্তনীয় । যাৰ বাবে প্ৰধানমন্ত্ৰীয়ে নিজেই কৈছে যে ৰাজ্যখনত যি ঘটিছে সমগ্ৰ দেশকে লজ্জানত কৰিছে ।

সদনত মণিপুৰৰ পৰিস্থিতিকলৈ কৰা হুলস্থূল সম্পৰ্কে বিৰোধীক সমালোচনা কৰি ৰাজনাথ সিঙে কয় যে মণিপুৰক লৈ যাতে আলোচনা হ'ব নোৱাৰে তাৰ বাবে কিছুমান ৰাজনৈতিক দলে সংসদত এক অপ্ৰয়োজনীয় হুলস্থূলৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে । তেওঁৰ অভিযোগ মণিপুৰৰ বিষয়ক কিছুমান বিৰোধী দলে গুৰুত্ব সহকাৰে লোৱা নাই । যাৰ বাবে বৃহস্পতিবাৰে চলিত বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিৰ দিনটো সংসদৰ দুয়োখন সদনৰ কাম কাজ ব্যাহত হৈছিল । মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে ঘটনাটোৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিছে । চৰকাৰে মণিপুৰক লৈ সংসদত আলোচনা বিচাৰে । সৰ্বদলীয় বৈঠকতো ৰাজনাথ সিঙে এই কথা কোৱা বুলি উল্লেখ কৰে ।

উল্লেখ্য যে বৃহস্পতিবাৰে সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মণিপুৰৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল । মণিপুৰৰ কন্যাৰ সৈতে যি ঘটনা ঘটিছে সেয়া ক্ষমাৰ যোগ্য নহয় বুলিও প্ৰধানমন্ত্ৰীয়ে দাবী কৰিছিল । দেশৰ সকলো মুখ্যমন্ত্ৰীকে নিজ নিজ ৰাজ্যসমূহত আইন-শৃংখলা পৰিস্থিতি কঠোৰ কৰবিলৈও তেওঁ আহ্বান জনাইছিল ।

লগতে পঢ়ক :Parliament monsoon session 2023 : সদনত মণিপুৰৰ বিতৰ্কত উত্তৰ দিবলৈ সাজু অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.