ETV Bharat / bharat

৪৫ মিনিটৰ বিভ্ৰাটৰ পিছত স্বাভাৱিকলৈ ঘূৰিল এক্স

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 1:43 PM IST

X outage : সামাজিক মাধ্যমৰ মঞ্চ এক্স আৰু এক্স প্ৰ'য়ে বৃহস্পতিবাৰে দিনটোৰ আৰম্ভণিতে বিশ্বজুৰি বিভ্ৰাটৰ সন্মুখীন হয় । ইউজাৰসকলে সামাজিক মাধ্যম ছাইটটোৰ পৰা মেছেজ নোপোৱাৰ অভিযোগ কৰে ।

45 mins outage of X
৪৫ মিনিটৰ বিভ্ৰাটৰ পিছত স্বাভাৱিকলৈ ঘূৰিল এক্স

নিউজ ডেস্ক, ২১ ডিচেম্বৰ : ইলন মাস্কৰ মালিকানাধীন মাইক্ৰ'ব্লগিং প্লেটফৰ্ম এক্স আৰু এক্স প্ৰ'য়ে বৃহস্পতিবাৰে বিশ্বজুৰি ৪৫ মিনিটৰ বাবে বিভ্ৰান্তিৰ সন্মুখীন হয় । অৱশ্যে ইয়াৰ পিছত ছ'চিয়েল মিডিয়া প্লেটফৰ্মটো স্বাভাৱিকৰ দৰে চলিবলৈ আৰম্ভ কৰে ।

পূৰ্বতে টুইটাৰ বুলি পৰিচিত এক্স পুৱা প্ৰায় ১১ বজাত কাৰিকৰী বিজুতিৰ সন্মুখীন হয় । ৱেবছাইট আৰু ম'বাইল এপ্লিকেচন দুয়োটাতে ফীডত নিয়মীয়া টুইটৰ সলনি 'Welcome to your timeline' দেখুৱায় ।

আউটেজ মনিটৰ ৱেবছাইট ডাউনডিটেক্টৰৰ মতে, ৬৪ শতাংশৰো অধিক লোকে এপ্লিকেচনটো ব্যৱহাৰ কৰোঁতে সমস্যাৰ সন্মুখীন হৈছে । আনহাতে, ৱেবছাইটটো ব্যৱহাৰ কৰোঁতে ২৯ শতাংশ আৰু ছাৰ্ভাৰ সংযোগৰ সৈতে ৭ শতাংশ লোকে সমস্যাৰ কথা জনায় ।

ইফালে ভাৰতত মুখ্যত দিল্লী, মুম্বাই, আহমেদাবাদ, পাটনা, কলকাতা, হায়দৰাবাদ, বেংগালুৰু আৰু চেন্নাইৰ এক্স ইউজাৰসকলে মাইক্ৰ'ব্লগিং প্লেটফৰ্মটোৰ সমস্যাৰ সন্মুখীন হয় ।

প্লেটফৰ্মলৈ গৈ বহু ইউজাৰে সমস্যাবোৰৰ বিষয়ে জনায় । "টুইটাৰত আন কাৰোবাৰ সমস্যা হৈছে নেকি? ত্ৰুটি ? আপোনাৰ নিজৰ টুইট আৰু আনৰ টুইট প্ৰদৰ্শন কৰা নাই নেকি ? মোৰ ওচৰত পিছত পঢ়িবলৈ বুলি ভাললগা কেইবাশ কনটেণ্ট বুকমাৰ্ক কৰা আছিল । সকলো নাইকিয়া হৈ গ'ল । মই পাগল হৈ গৈছোঁ ।" এগৰাকী ইউজাৰে লিখে ।

আন এগৰাকী ইউজাৰে পোষ্ট কৰি কয়, "টুইটাৰে মোৰ ওপৰত ফ্লিপ আউট কৰিছে আৰু মোবাইলত লোড কৰা নাই, আন কোনোবাই সমস্যাৰ সন্মুখীন হৈছে নেকি ?"

আৰু এজন ব্যৱহাৰকাৰীয়ে উল্লেখ কৰিছে, "মই এতিয়া কাৰো উত্তৰ দেখা নাপাওঁ... মই টুইটাৰ কাৰাগাৰত আছোঁ নেকি ? নে সকলোৰে এই সমস্যাবোৰ হৈছে ? টুইটাৰ ডাউন নে ক্ষতিগ্ৰস্ত হৈছে ?"

লগতে পঢ়ক :Year ender 2023: ভাৰতীয় ক্ৰিকেট দলৰ বাবে আশানুৰূপ নহ'ল ২০২৩ চনৰ সামৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.