ETV Bharat / bharat

দিল্লীত মাঙ্কিপক্সত আক্ৰান্তৰ সংখ্য়া ছয়লৈ বৃদ্ধি

author img

By

Published : Sep 4, 2022, 4:24 PM IST

মাঙ্কিপক্স হৈছে জন্তুৰ পৰা ভাইৰাছৰ জৰিয়তে বিয়পা ৰোগ(Monkey pox zoonotic disease)। ১৯৫৮ চনত প্ৰথমবাৰৰ বাবে বান্দৰৰ শৰীৰত এই ৰোগ ধৰা পৰিছিল(Monkey pox first detected)। ১৯৭০ চনত কংগো গণৰাজ্যৰ এটি শিশুৰ দেহত প্ৰথম মানৱ সংক্ৰমণ ধৰা পৰিছিল । অতি সম্প্ৰতি এইবিধ ৰোগৰ ভাৰততো প্ৰদুৰ্ভাৱ হৈছে । শেহতীয়াভাৱে দিল্লীত ষষ্ঠগৰাকী ৰোগী নিশ্চিত কৰা হৈছে ।

Monkeypox case in India
দিল্লীত মাঙ্কিপক্সত আক্ৰান্তৰ সংখ্য়া ছয়লৈ বৃদ্ধি

নেশ্য়নেল ডেস্ক, ৪ছেপ্তেম্বৰ: দেশত ধৰা পৰিছে মাঙ্কিপক্সত আক্ৰান্ত আন এগৰাকী ব্যক্তি(Monkeypox case in India)। এইবাৰ দিল্লীত মাঙ্কিপক্সৰ ষষ্ঠগৰাকী ৰোগী নিশ্চিত কৰা হৈছে(monkeypox infected in Delhi)। এই লোকগৰাকীৰ শৰীৰত উক্ত ৰোগৰ উপস্থিতি ধৰা পৰাৰ পিছতে শুক্ৰবাৰে লোকনায়ক জয় প্ৰকাশ নাৰায়ণ চিকিৎসালয়ত চিকিৎসালয়ত(monkeypox victim admitted to LNJP hospita)ভৰ্তি কৰোৱা হয় । ভুক্তভোগীগৰাকী 22 বছৰীয়া আফ্ৰিকান বংশোদ্ভৱ যুৱতী । লোকনায়ক জয় প্ৰকাশ নাৰায়ণ চিকিৎসালয় কৰ্তৃপক্ষই শণিবাৰে এই কথা সদৰী কৰিছে ।

চিকিৎসালয় কৰ্তৃপক্ষই উল্লেখ কৰা মতে,যুৱতীগৰাকীৰ পৰা লোৱা নমুনা সন্দৰ্ভত নিশ্চিত হোৱাৰ পিছত তেওঁক আইচ'লেচন ৱাৰ্ডত ৰখা হৈছে । চিকিৎসালয়খনৰ চিকিৎসা সঞ্চালক ডাঃ সুৰেশ কুমাৰে কয় যে সংক্ৰমিত মহিলাগৰাকীক নিৰীক্ষণ কৰা হৈছে । তেওঁৰ বাবে চিকিৎসকৰ এটা দলও জড়িত হৈ আছে । আফ্ৰিকান মূলৰ যুৱতীগৰাকী বিদেশৰ পৰা আহি দ্বাৰকাত বাস কৰিছিল । ইয়াৰ পূৰ্বে এগৰাকী আফ্ৰিকান মহিলা আৰু নাইজেৰিয়ান মূলৰ এজন ৩৫ বছৰীয়া লোক এই ৰোগত আক্ৰান্ত হৈছিল ।

উল্লেখ্য় যে মাঙ্কিপক্সৰ ৰোগীৰ চিকিৎসাৰ বাবে লোকনায়ক জয় প্ৰকাশ নাৰায়ণ চিকিৎসালয়ত এটা পৃথক ৱাৰ্ড স্থাপন কৰা হৈছে । এতিয়ালৈকে পাঁচগৰাকী এই ৰোগত সংক্ৰমিত ৰোগীক এই চিকিৎসালয়খনৰ পৰা অব্যাহতি দিয়া হৈছে । ইয়াৰ পূৰ্বে দিল্লীত মাঙ্কিপক্সৰ প্ৰথম ঘটনাটো যোৱা ২৪ জুলাইত ধৰা পৰিছিল । উল্লেখ্য় যে এদিন পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাই মাঙ্কিপক্স Global health emergency ঘোষণা কৰিছিল । ইপিনে,কেন্দ্ৰীয় চৰকাৰে ভাৰতত বিয়পি পৰা ভাইৰাছবিধ পৰীক্ষা কৰিবলৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে ।

মাঙ্কিপক্স ভাইৰাছৰ বাবে সচৰাচৰ ইনকিউবেচন সময় হৈছে ৬ ৰ পৰা ১৩দিনৰ ভিতৰত (incubation period for Monkey pox) । কিন্তু কিছুমান ক্ষেত্ৰত ইনকিউবেচন সময় ৫ৰ পৰা ২১দিনৰ ভিতৰত হোৱা বুলি ধৰা পৰিছে । লক্ষণবোৰ ২ ৰ পৰা ৪ সপ্তাহলৈ থাকিব পাৰে । মাঙ্কিপক্সৰ ক্ষেত্ৰত মৃত্যুৰ হাৰ কম । জ্বৰ,তীব্ৰ মূৰৰ বিষ,পিঠিৰ বিষ,পেশীৰ বিষ আৰু অলসতা হৈছে সাধাৰণ লক্ষণ । ১৩ দিনৰ জ্বৰৰ পিছত ছাল ৰুক্ষ হয় । তদুপৰি বেছিভাগ সময়তে মুখ,হাত,ভৰি,হাতৰ তলুৱা,জননাংগৰ আশে-পাশে আৰু চকুত পানীজোলা ফুটাৰ দৰে ওলাবলৈ ধৰে ।

লগতে পঢ়ক:সুদা হাতে তামিলনাডুৰ পৰা উভতিল অসম চৰকাৰৰ উচ্চস্তৰীয় দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.