ETV Bharat / bharat

নিজৰ স্কুলীয়া দিন পাহৰি শিক্ষাৰ ব্যক্তিগতকৰণ কৰিবলৈ লৈছে নেকি বিপ্লৱ দেৱে ?

author img

By

Published : Dec 16, 2021, 10:26 PM IST

ত্ৰিপুৰাৰ বিধায়ক আশীষ দাসে(Tripura MLA Ashish Das) বিজেপিৰ পৰা তৃণমূল কংগ্ৰেছলৈ যাত্ৰা কৰাৰ পিছতে ৰাজ্যখনৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰকাশ কৰিছে সৰৱতা ৷ শিক্ষাৰ ব্যক্তিগতকৰণ সম্পৰ্কত মন্তব্য কৰি তেওঁ কয় যে, বিপ্লৱ কুমাৰ দেৱে স্কুলত পঢ়া দিনত শিক্ষাৰ ব্যক্তিগতকৰণ হ’লে তেওঁ আজিৰ পৰ্যায়ত নিজক প্ৰতিষ্ঠা কৰিবই নোৱাৰিলে হেঁতেন ৷

নিজৰ স্কুলীয়া দিন পাহৰি শিক্ষাৰ ব্যক্তিগতকৰণ কৰিবলৈ লৈছে নেকি বিপ্লৱ দেৱে ?
নিজৰ স্কুলীয়া দিন পাহৰি শিক্ষাৰ ব্যক্তিগতকৰণ কৰিবলৈ লৈছে নেকি বিপ্লৱ দেৱে ?

আগৰতলা, ১৯ ডিচেম্বৰ : শেহতীয়াকৈ বিজেপিৰ পৰা তৃণমূল কংগ্ৰেছলৈ যাত্ৰা কৰা ত্ৰিপুৰাৰ বিধায়ক আশীষ দাসে(Tripura MLA Ashish Das) দাবী কৰিছে যে ত্ৰিপুৰাত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ সময়ৰ পৰাই ইটোৰ পিছত সিটো জনবিৰোধী সিদ্ধান্ত লৈ আহিছে । বৃহস্পতিবাৰে আবেলি এখন সংবাদমেল সম্বোধন কৰি আশীষে কয় যে, শিক্ষাৰ ব্যক্তিগতকৰণ হৈছে এই চৰকাৰে লোৱা আটাইতকৈ জনবিৰোধী সিদ্ধান্তসমূহৰ ভিতৰত এটা(Privatization of education in Tripura) ।

তেওঁ কয়, '' ত্ৰিপুৰাত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ সময়ৰ পৰাই, ইটোৰ পিছত সিটোকৈ জনবিৰোধী সিদ্ধান্ত লৈ আছে। শিক্ষাৰ ব্যক্তিগতকৰণ হৈছে এই চৰকাৰে লোৱা আটাইতকৈ জনবিৰোধী সিদ্ধান্তবোৰৰ ভিতৰত এটা ।'' মোদী চৰকাৰে ব্যক্তিগতকৰণ(Privatization in Modi government)ৰ নামত বযৱসায়ী সকলক কেনেদৰে ৰাজহুৱা সম্পত্তি বিক্ৰী কৰি আছে আৰু ত্ৰিপুৰা চৰকাৰে শিক্ষাৰ ব্যক্তিগতকৰণৰ দ্বাৰা একে পথ অনুসৰণ কৰি আছে সেয়া সমগ্ৰ দেশে দেখিছে বুলি তেওঁ মন্তব্য কৰে ।

তেওঁ কয় যে, এখন মুকলি পত্ৰৰ জৰিয়তে তেওঁ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱ(Tripura CM Biplab kumar Dev)ক এই শিক্ষা নীতি বাতিল কৰিবলৈ ২৪ ঘণ্টা সময় দিছিল কিন্তু তথাপিও তেওঁ ইয়াৰ কোনো সঁহাৰি দিয়া নাই ।

তেওঁ পুনৰ কয়, আনকি প্ৰধানমন্ত্ৰী মোদীয়েও কৃষকসকলৰ দ্বাৰা বছৰজোৰা আন্দোলনৰ পিছত কৃষি আইন বাতিল কৰিব লগা হৈছিল । বিপ্লব দেৱ আৰু ৰতন লাল নাথে অধ্যয়ন কৰি থকা সময়ত শিক্ষাৰ ব্যক্তিগতকৰণ হ'লে, তেওঁলোকে তেওঁলোকৰ আগৰ বিত্তীয় অৱস্থাৰ বাবে আজিৰ স্থিতিত উপনীত নহ'লহেঁতেন । ইপিনে, ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰীয়ে দাবী কৰে যে শিক্ষাৰ ব্যক্তিগতকৰণৰ পিছত ৰাজ্যখন ক্ৰীড়াক্ষেত্ৰতো জিলিকি উঠিব ।

লগতে পঢ়ক : নৰেন্দ্ৰ মোদীয়ে একমাত্ৰ নিৰ্বাচনত পৰাজিত হোৱালৈ ভয় কৰে: পি চিদাম্বৰম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.