ETV Bharat / bharat

Signature View Apartment to demolished : ভাঙি দিয়া হ'ব ৩৩৬ টা পৰিয়াল থকা দিল্লীৰ ছিগনেচাৰ ভিউ এপাৰ্টমেণ্ট

author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 2:13 PM IST

Updated : Sep 23, 2023, 7:02 PM IST

২০১২ চনত ছিগনেচাৰ ভিউ এপাৰ্টমেণ্টৰ ফ্লেটবোৰ গ্ৰাহকক দিয়া হৈছিল । তাৰ এবছৰ পাছৰে পৰা ফ্লেটবোৰৰ দেৱালত ফাট মেলিবলৈ আৰম্ভ কৰে । এটা ঘৰৰ ছাঁদো খহি পৰে । আৱাসীসকলৰ তীব্ৰ প্ৰতিবাদৰ অন্তত এপাৰ্টমেণ্টটো ভাঙি দিবলৈ ওলাইছে প্ৰশাসনে । ৩ বছৰৰ ভিতৰত আৱাসীসকলৰ ঘৰবোৰ পুনৰ নিৰ্মাণ কৰি দিয়া হ'ব ।

Signature View Apartment to demolished
ভাঙি দিয়া হ'ব ৩৩৬ টা পৰিয়াল থকা দিল্লীৰ ছিগনেচাৰ ভিউ এপাৰ্টমেণ্ট

নেশ্যনেল ডেস্ক,২৩ ছেপ্টেম্বৰ : নয়ডাৰ টুইন টাৱাৰৰ কথা আপোনাৰ মনত আছে নে ? যিটো বিগত বছৰ প্ৰশাসনে ভাঙি পেলাইছিল । দিল্লীত পুনৰ আন এটা বিশাল অট্টালিকা ভাঙিবলৈ সাজু হৈছে প্ৰশাসন । জানিব পৰা মতে দিল্লীৰ মুখাৰ্জী নগৰ এলেকাত নিৰ্মিত ছিগনেচাৰ ভিউ এপাৰ্টমেণ্টটো শীঘ্ৰে ভাঙি দিয়া হ'ব ।

দৰাচলতে, ২০০৮ আৰু ২০১০ চনৰ ভিতৰত দিল্লী উন্নয়ন কৰ্তৃপক্ষই ছিগনেচাৰ ভিউ এপাৰ্টমেণ্ট নামৰ এখন চ'ছাইটি গঠন কৰিছিল । তাৰ অধীনত এপাৰ্টমেণ্টটো ২.৮৩ হেক্টৰ ভূমিত নিৰ্মাণ কৰা হৈছিল । য'ত বৰ্তমান ৩৩৬ টা পৰিয়ালে বাস কৰে । এই চ'ছাইটিত দিল্লী উন্নয়ন কৰ্তৃপক্ষই প্ৰায় ২২৪ টা এইচআইভি ফ্লেট আৰু ১১২ টা এমআইজি ফ্লেট নিৰ্মাণ কৰিছিল । এই ৩৩৬ টা ফ্লেট ১২ টা টাৱাৰত বিয়পি আছে । ইয়াৰ ভিতৰত ১০ মহলীয়া ১০ টা টাৱাৰ আছে আৰু ২ টা ছয় মহলীয়া টাৱাৰ আছে ।

কিন্তু সম্প্ৰতি এই চ'ছাইটিটোৰ ঘৰবোৰ জৰাজীৰ্ণ হৈ পৰিছে । বহু ঠাইত দেৱালত ফাট মেলিছে । ইয়াৰ নিৰ্মাণত নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে । ২০১২ চনত এই চ'ছাইটিৰ নিৰ্মাতাই ক্ৰেতাসকলক ফ্লেট আৱণ্টন কৰিছিল । কিন্তু এটা বছৰ পাছতে ২০১৩ চনত এটা টাৱাৰৰ এটা ঘৰৰ ছাঁদ খহি পৰে । তেতিয়াৰ পৰাই এপাৰ্টমেণ্টটোত সঘনাই দুৰ্ঘটনা সংঘটিত হ'বলৈ আৰম্ভ কৰে ।

কোটি কোটি টকা খৰছ কৰি ঘৰ ক্ৰয় কৰা লোকসকল বিৰক্ত হৈ পৰে । যাৰ বাবে অৱশেষত প্ৰশাসনে এই এপাৰ্টমেণ্টটো ভঙাৰ সিদ্ধান্ত লৈছে । কিয়নো ৩ বছৰৰ ভিতৰত ইয়াৰ বাসিন্দাসকলক পুনৰ ঘৰ নিৰ্মাণ কৰি দিব লাগিব ।

ছিগনেচাৰ ভিউ এপাৰ্টমেণ্ট চ'ছাইটিৰ সভাপতি অমৰেন্দ্ৰ কুমাৰে কয় ইয়াত দুই প্ৰকাৰৰ ফ্লেট আছে এমআইজি আৰু এইচআইভি । তাৰ মূল্য বৰ্তমান দুইৰ পৰা তিনি কোটি টকাৰো অধিক । ২০১৩ চনত হোৱা দুৰ্ঘটনাটোৰ পাছৰে পৰা চ'ছাইটিৰ লোকসকলে প্ৰশাসনক বিভিন্ন ধৰণৰ দাবী জনাই আহিছিল । অৱশেষত দিল্লী উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষৰ দায়িত্বত থকা লেফটেনেণ্ট গভৰ্ণৰে বিষয়টো গুৰুত্ব সহকাৰে লয় আৰু ৰাইজক আশ্বাস প্ৰদান কৰে ।

এতিয়া দিল্লী উন্নয়ন কৰ্তৃপক্ষই সকলো পৰিয়ালৰ বাবে নতুনকৈ ফ্লেট নিৰ্মাণ কৰি দিব । কৰ্তৃপক্ষই এই লোকসকলক এমআইজি ফ্লেটৰ বাবে প্ৰতি মাহে ৩৫,০০০ টকা আৰু এইচআইভি ফ্লেটৰ বাবে প্ৰতি মাহে ৫০,০০০ টকা ভাড়া পৰিশোধ কৰিব । এই ভাড়া ৩ বছৰৰ বাবে পৰিয়ালবোৰক দিয়া হ'ব আৰু ফ্লেটটো সম্পূৰ্ণৰূপে নিৰ্মাণ হোৱাৰ পাছত তাৰ বাসিন্দাসকলে পুনৰ আহি বসবাস কৰিবলৈ সক্ষম হ'ব । উল্লেখ্য যে চ'ছাইটিৰ কোষাধ্যক্ষ ধৰ্মেন্দ্ৰ কুমাৰে কোৱা মতে এপাৰ্টমেণ্টটোত সঘনাই সংঘটিত হোৱা দুৰ্ঘটনাৰ বাবে এতিয়ালৈকে ৮৫ টা পৰিয়ালে এপাৰ্টমেণ্টটো ত্যাগ কৰিছে ।

লগতে পঢ়ক :Indian Railway Special Trains : উৎসৱৰ বতৰত বিশেষ ৰেলৰ ব্যৱস্থা ভাৰতীয় ৰেলৱেৰ

Last Updated : Sep 23, 2023, 7:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.