ETV Bharat / bharat

Bharat Jodo Yatra : পঞ্জাৱত ভাৰত জোড়ো যাত্ৰাত যোগ দিলে সিদ্ধু মুছেৱালাৰ পিতৃ বলকৌৰ সিঙে - Sidhu Moosewala

পঞ্জাৱত আৰম্ভ হোৱা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই সোমবাৰে তৃতীয় দিনত প্ৰৱেশ কৰিলে (Congress Bharat Jodo Yatra in Jalandhar)। এই যাত্ৰা জলন্ধৰৰ পৰা আৰম্ভ হোৱাৰ পিছত হুচিয়াৰপুৰত সমাপ্ত হ'ব । সিদ্ধু মুছেৱালাৰ পিতৃ বলকৌৰ সিঙেও জলন্ধৰত এই যাত্ৰাত অংশগ্ৰহণ কৰিছে ।

Bharat Jodo Yatra in Punjab
পাঞ্জাৱত ভাৰত জোড়ো যাত্ৰা
author img

By

Published : Jan 16, 2023, 11:47 AM IST

নেশ্য়নেল ডেস্ক, ১৬ জানুৱাৰী: ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাৰ পঞ্জাৱত আজি তৃতীয় দিন (Bharat Jodo Yatra in Punjab)। সোমবাৰে ভাৰত জোড়ো যাত্ৰাৰ তৃতীয় দিনা ৰাহুল গান্ধীয়ে শ্ৰমিকসকলৰ সৈতে জলন্ধৰৰ গ্ৰামাঞ্চলৰ মাজেৰে গৈ হুচিয়াৰপুৰত উপস্থিত হ'ব । দেওবাৰে জলন্ধৰৰ পৰা সাংসদ সন্তোষ সিং চৌধুৰীৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছত ভাৰত জোড়ো যাত্ৰা পুনৰ আৰম্ভ হৈ সন্ধিয়া 6:30 বজাত জলন্ধৰৰ হেমকুণ্ট পাব্লিক স্কুলত সমাপ্ত হয় (MP Santokh Singh Chaudhary)। জলন্ধৰৰ খালচা মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাত শীৰ্ষ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ১৬ কিলোমিটাৰ খোজ কাঢ়ি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰে ।

ৰাহুল গান্ধীৰ এই যাত্ৰা জলন্ধৰ-হুচিয়াৰপুৰ ঘাইপথেৰে যোৱাৰ ফলত সৃষ্টি হ'ব পৰা যান-বাহনৰ সমস্যাৰ পৰা ৰাইজক সকাহ দিবলৈ জলন্ধৰ গ্ৰাম্য আৰক্ষীয়ে পথত যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছুমান নিৰ্দেশনা জাৰি কৰা হৈছে । জিলা আৰক্ষী অধীক্ষক স্বৰণদীপ সিঙে কয় যে ১৬ জানুৱাৰীত ভাৰত জোড়ো যাত্ৰা চহৰখনৰ পিছত গ্ৰামাঞ্চলত প্ৰৱেশ কৰাৰ প্ৰতি লক্ষ্য় ৰাখি নিৰাপত্তাজনিত কাৰণত পাঠানকোটলৈ যোৱা পথসমূহ বন্ধ কৰা হৈছে ।

উল্লেখ্য় যে, পাঠানকোটলৈ যোৱা পথটো কৰতাৰপুৰ, বিয়াছ, বাটালা, গুৰদাসপুৰৰ মাজেৰে নিৰ্ধাৰণ কৰা হৈছে । আৰক্ষী অধীক্ষক স্বৰণদীপ সিঙে ৰাইজক ডাইভাৰ্চন পথৰ বাহিৰে আন কোনো পথ ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে । যদিহে কোনোবাই বিকল্প পথৰে যান-বাহন চলায় তেতিয়াহ'লে তেওঁলোকে যান-জঁটৰ সন্মুখীন হ'ব পাৰে । তেওঁ পুনৰ কয় যে পাঠানকোটৰ পৰা জলন্ধৰ হৈ লুধিয়ানালৈ যোৱা লোকসকলৰ বাবে দাচুহা, তাণ্ডা, হুচিয়াৰপুৰ, ফাগৱাৰালৈ যোৱা পথটো ব্য়ৱহাৰৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে ।

ইপিনে, সিদ্ধু মুছেৱালাৰ পিতৃ বলকৌৰ সিঙেও জলন্ধৰত ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰে (Sidhu Moosewala)। তেওঁ পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অমৰিন্দৰ সিং ৰাজা ৱাৰিং আৰু ৰাহুল গান্ধীক সংগ দিয়ে (Punjab Pradesh Congress President)। অৱশ্য়ে বলকৌৰ সিঙে কিছু সময় ৰহুল গান্ধীৰ সৈতে খোজ কাঢ়ি উভতি আহে । ইপিনে, সিদ্ধু মুছেৱালাৰ সমৰ্থকসকলে তেওঁৰ হত্য়াকাণ্ডৰ ন্যায় দাবী কৰিছে ।

উল্লেখ্য় যে ভাৰত জোড়ো যাত্ৰাই মঙলবাৰে প্ৰৱেশ কৰে পঞ্জাৱত ৷ ২০২২ৰ ৭ ছেপ্তেম্বৰত তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই তামিলনাডু,অসম, কেৰালা,কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ,তেলেংগানা,মহাৰাষ্ট্ৰ,মধ্যপ্ৰদেশ, ৰাজস্থান,দিল্লী, উত্তৰ প্ৰদেশ,হাৰিয়ানাত প্ৰৱেশ কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ পিছত পঞ্জাৱত প্ৰৱেশ কৰে । অহা ৩০ জানুৱাৰীত এই যাত্ৰাৰ অন্ত পৰিব ৷

লগতে পঢ়ব:Bharat Jodo Yatra in Punjab: দলীয় কৰ্মী অনুৰাগীৰে পাঞ্জাৱত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.