ETV Bharat / bharat

সিদ্ধু মুছেৱালা হত্যাকাণ্ড: উত্তৰাখণ্ডত গ্ৰেপ্তাৰ এজন অভিযুক্ত

author img

By

Published : May 30, 2022, 7:13 PM IST

সিদ্ধু মুছেৱালা হত্যাকাণ্ড (Sidhu Moosewala murder case)ৰ লগত জড়িত এজন অভিযুক্তক গ্ৰেপ্তাৰ (One arrested in Uttarakhand) ৷ সোমবাৰে উত্তৰাখণ্ডত স্থানীয় এছ টি এফ আৰু পঞ্জাৱ এছ টি এফসহ ডেৰাডুন আৰক্ষীৰ সহযোগত অভিযান চলাই সোমবাৰে লৰেন্স বিষ্ণৈ গেঙৰ এটা সদস্যক আটক কৰে ৷

Sidhu Moosewala murder case: One arrested in Uttarakhand
সিদ্ধু মুছেৱালা হত্যাকাণ্ডঃ উত্তৰাখণ্ডত এটা অভিযুক্ত গ্ৰেপ্তাৰ

ডেৰাডুন, 30 মে': সিদ্ধু মুছেৱালা হত্যাকাণ্ড (Sidhu Moosewala murder case)ৰ লগত জড়িত এজন অভিযুক্তক গ্ৰেপ্তাৰ (One arrested in Uttarakhand) ৷ সোমবাৰে উত্তৰাখণ্ডত স্থানীয় এছ টি এফ আৰু পঞ্জাৱ এছ টি এফসহ ডেৰাডুন আৰক্ষীৰ সহযোগত অভিযান চলাই সোমবাৰে লৰেন্স বিষ্ণৈ গেঙৰ এজন সদস্যক আটক কৰে ৷ অৱশ্যে উত্তৰাখণ্ড এছ টি এফে এতিয়াও আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰৰ বিষয়ে কোনো মন্তব্য প্ৰকাশ কৰা নাই ৷

ধৃত অভিযুক্তজনে মুছেৱালাৰ হত্যাকাণ্ডৰ মুখ্য অভিযুক্তক বাহন আৰু আশ্ৰয় প্ৰদান কৰি সহায় কৰিছিল বুলি আৰক্ষী সুত্ৰই জানিবলৈ দিয়ে ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি পেটেল নগৰৰ নয়া গাঁও চকী আৰক্ষী থানাৰ বিষয়াসকলে ডেৰাডুনত এটা চেক পোষ্ট স্থাপন কৰে। ইয়াৰ পিছতে আৰক্ষীৰ অভিযানত জালত পৰে অভিযুক্তজন ৷

অভিযুক্তজনক বৰ্তমান উত্তৰাখণ্ড আৰু পঞ্জাৱ এছ টি এফে জেৰা অব্যাহত ৰাখিছে (the accused is currently being interrogated by Uttarakhand and Punjab STF)। এক গোপন সুত্ৰৰ তথ্য অনুসৰি হেমকুণ্ড চাহিব যাত্ৰাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মুছেৱালা হত্যাকাণ্ডৰ সৈতে সম্পৰ্ক থকা কিছু লোক উত্তৰাখণ্ডত প্ৰৱেশ কৰাৰ খবৰ পঞ্জাৱ এছ টি এফে উত্তৰাখণ্ড এছ টি এফক অৱগত কৰে ৷ ইফালে উত্তৰাখণ্ডত স্থানীয় চোৰাংচোৱা ব্যুৰো উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

আনহাতে মুছেৱালাৰ হত্যাকাণ্ডক দুটা গেঙৰ মাজত হোৱা সংঘাতৰ ফল বুলি পঞ্জাৱ আৰক্ষীয়ে মন্তব্য প্ৰকাশ কৰে ৷ গেংষ্টাৰ লৰেন্স বিষ্ণৈ আৰু গোল্ডি ব্ৰাৰৰ সহযোগীসকলে এই হত্যাকাণ্ড সংঘটিত কৰিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছিল ৷

পঞ্জাৱৰ বিখ্যাত গায়ক সিদ্ধু মুছেৱালাক দেওবাৰে মানচাৰ জৱাহৰকে গাঁৱৰ ওচৰত দিন দুপৰতে জীপত তেওঁৰ দুজন বন্ধুৰ সৈতে যাত্ৰা কৰি থকা অৱস্থাত কোনো অচিনাক্ত ব্যক্তিয়ে গুলীচালনা কৰে ৷ ইয়াৰ পিছতে সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় তাৰকাজনৰ (Sidhu Moosewala murder case) ৷

তাৎপৰ্যপূৰ্ণভাৱে এই ঘটনাটো সংঘটিত হোৱাৰ এদিন পূৰ্বে মুছেৱালাৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰিছিল পঞ্জাৱৰ 'আপ' চৰকাৰে ৷ শেহতীয়াকৈ মুছেৱালাই বহুতো অপৰাধীৰ পৰা ভাবুকি পাই আছিল বুলি বন্ধুবৰ্গই জানিবলৈ দিয়েল । বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহত কংগ্ৰেছত যোগদান কৰাৰ পিছতেই কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দিতাও কৰিছিল তাৰকাগৰাকীয়ে ৷

লগতে পঢ়ক: পঞ্জাৱত দিন দুপৰতে গুলীয়াই হত্যা কৰা হ’ল জনপ্ৰিয় তাৰকা সিদ্ধু মুছেৱালাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.