ETV Bharat / bharat

Atiq Ahmed murder case : তুৰস্কত নিৰ্মিত প্ৰায় 7 লাখ টকীয়া পিষ্টল ব্যৱহাৰ কৰিছিল হত্যাকাৰীয়ে - Zigana pistols sepecialty

গেংষ্টাৰ আতিক আৰু তেওঁৰ ভাতৃ আশ্ৰাফক হত্যা কৰা তিনিওজনৰে আৰ্থিক অৱস্থা ভাল নহয় । এনে পৰিস্থিতিত তেওঁলোকে তুৰস্কত নিৰ্মিত পিষ্টল কেনেকৈ পালে (Turkey made pistol used to kill Atiq)? ভাৰতত নিষিদ্ধ এই পিষ্টল ৫-৭ লাখ টকাত বিক্ৰী হয় । হত্যাৰ ষড়যন্ত্ৰত আন কোনো লোক জড়িত থকাৰ সন্দেহ আৰক্ষীৰ ।

Atiq Ahmed murder case
তুৰস্কত নিৰ্মিত পিষ্টল ব্যৱহাৰ কৰিছিল হত্যাকাৰীয়ে
author img

By

Published : Apr 16, 2023, 8:14 PM IST

নেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল: সম্প্ৰতি দেশত আতিক আহমেদ আৰু আশ্ৰফৰ হত্যাক লৈ ব্যাপক চৰ্চা চলি আছে (Atiq Ahmed murder case)। নিশা প্ৰয়াগৰাজত আৰক্ষী আৰু সংবাদ মাধ্যমৰ সন্মুখতে দুয়োকে গুলীৰে ধৰাশায়ী কৰিছিল তিনি দুৰ্বৃত্তই । প্ৰায় ১৮ ৰাউণ্ড গুলীচালনা কৰিছিল তেওঁলোকৰ ওপৰত । তিনিও জন হত্যাকাৰী বেলেগ বেলেগ জিলাৰ পৰা আহিছিল । তেওঁলোকৰ হাতত আছিল জিগানা পিষ্টল । তুৰস্কত লাখ লাখ টকা খৰছ কৰি নিৰ্মাণ কৰি অনা এই জিগানা পিষ্টলেৰে আতিক আহমেদ আৰু আশ্ৰফক গুলীয়াই হত্যা কৰা হৈছিল (Atiq Ahmeds killers used Turkey made pistol)।

এই পিষ্টলৰ বিশেষত্ব হৈছে ইয়াত একেলগে ১৫ টা গুলী লোড কৰিব পাৰি (Zigana pistols used to kill Atiq Ahmed)। এনে পৰিস্থিতিত, এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, এই তিনিজন হত্যাকাৰীৰ নিজৰ ষড়যন্ত্ৰ আছিল নে তেওঁলোকক বিত্ত যোগান ধৰা মাষ্টাৰমাইণ্ড আন কোনোবা আছে । কাৰণ, তিনিওজন হত্যাকাৰীয়ে আতিক আৰু আশ্ৰাফক হত্যা কৰিবলৈ ৭ লাখ টকাৰ পিষ্টল ব্যৱহাৰ কৰিছে ।

উল্লেখ্য যে, আতিক আহমেদ আৰু আশ্ৰাফক হত্যা কৰিবলৈ ব্যৱহৃত পিষ্টলটো সাধাৰণ নাছিল । সেইকেইটা তুৰস্কত নিৰ্মাণ কৰা জিগানা পিষ্টল আছিল । কোৱা হয় যে, এই পিষ্টলবোৰ মালয়েছিয়া আৰু তুৰস্কত নিৰ্মাণ কৰা হয় । এই পিষ্টল ভাৰতত নিষিদ্ধ । ইয়াক অবৈধভাৱে ভাৰতলৈ অনা হয় আৰু ৭ লাখ টকা পৰ্যন্ত দামক বিক্ৰী কৰা হয় । জিগানা পিষ্টলৰ বিশেষত্ব হৈছে ইয়াত এবাৰত ১৫ টা গুলী ভৰ্তি কৰিব পাৰি । যাৰ বাবে শ্বুটাৰসকলে আতিক আহমেদ আৰু আশ্ৰাফৰ ওপৰত ধাৰাবাহিক গুলীচালনা কৰিবলৈ সক্ষম হৈছিল ।

আৰক্ষীৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে ভাৰতত নিষিদ্ধ পিষ্টল হত্যাকাৰীয়ে কেনেকৈ ব্যৱহাৰ কৰিব পাৰিলে (Zigana pistols sepecialty)। হত্যাকাৰী লাভলেশ, ছানি আৰু অৰুণে পিষ্টল ক্ৰয় কৰিবলৈ ৭ লাখ টকা কেনেকৈ পালে ? কিয়নো, তিনিওজন হত্যাকাৰীয়ে আৰক্ষীৰ সন্মুখত মন্তব্য দিছে যে, তেওঁলোকে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ আতিকক হত্যা কৰিছে ।

অৱশ্যে, আৰক্ষীয়ে সন্দেহ কৰিছে যে এই হত্যাকাণ্ডৰ ষড়যন্ত্ৰৰ আঁৰত আৰু কোনো লোক জড়িত হৈ আছে । যিয়ে এই হত্যাকাৰীসকলক তুৰস্কত নিৰ্মাণ কৰা পিষ্টল, বাহন যোগান ধৰাৰ লগতে আৰু হোটেলৰ খৰছ দিছিল । আৰক্ষীয়ে হত্যাকাৰীক জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Atiq Ahmed Murder Case: জনপ্ৰিয়তা আৰ্জিবলৈ আতিক-আশ্ৰফক হত্যা কৰিব বিচাৰিছিলোঁ; হত্যাকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.