ETV Bharat / bharat

ছমাহৰ ভিতৰত পতন ঘটিব পাৰে সিন্দে চৰকাৰৰ : শাৰদ পাৱাৰ - সিন্দে চৰকাৰৰ পতন

‘‘সিন্দেক সমৰ্থন কৰা বহু বিদ্ৰোহী বিধায়ক বৰ্তমানৰ ব্যৱস্থাত সুখী নহয় । মন্ত্ৰীৰ দপ্তৰ বিতৰণ হোৱাৰ পিছত তেওঁলোকৰ অস্থিৰতা ওলাই আহিব ৷ যাৰ ফলত অৱশেষত সিন্দে চৰকাৰৰ পতন ঘটিব (Shinde government in Maharashtra)।’’ এই মন্তব্য এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰৰ ৷

Shinde govt may collapse in next six months

author img

By

Published : Jul 4, 2022, 6:12 PM IST

নিউজ ডেস্ক, 4 জুলাই : এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰে দেওবাৰে কয় যে, মহাৰাষ্ট্ৰত মধ্যৱৰ্তী নিৰ্বাচনৰ সম্ভাৱনা আছে, কিয়নো বিদ্ৰোহী শিৱসেনা নেতা একনাথ সিন্দেৰ নেতৃত্বত গঠিত চৰকাৰ অহা ছয় মাহত ভংগ হ’ব পাৰে (Shinde govt may collapse in next six months)। দেওবাৰে সন্ধিয়া এনচিপি বিধায়ক আৰু দলৰ আন নেতাসকলক সম্বোধন কৰি এই মন্তব্য কৰে এনচিপিৰ মুৰব্বীগৰাকীয়ে ।

বৈঠকত উপস্থিত থকা এনচিপিৰ এজন নেতাই পাৱাৰৰ উদ্ধৃতি দি কয়, "মহাৰাষ্ট্ৰত নৱগঠিত চৰকাৰখন অহা ছমাহত ভংগ হ’ব পাৰে ৷ সেয়েহে সকলোৱে মধ্যৱৰ্তী নিৰ্বাচনৰ বাবে সাজু থাকিব লাগে’’ । পাৱাৰে কয় যে, সিন্দেক সমৰ্থন কৰা বহু বিদ্ৰোহী বিধায়ক বৰ্তমানৰ ব্যৱস্থাত সুখী নহয়। মন্ত্ৰীৰ দপ্তৰ বিতৰণ হোৱাৰ পিছত তেওঁলোকৰ অস্থিৰতা ওলাই আহিব ৷ যাৰ ফলত অৱশেষত চৰকাৰৰ পতন ঘটিব (Shinde government in Maharashtra)।

পাৱাৰে এইটোও আঙুলিয়াই দিছিল যে, এই পৰীক্ষাৰ বিফলতাৰ ফলত কেইবাজনো বিদ্ৰোহী বিধায়ক তেওঁলোকৰ মূল দললৈ ঘূৰি আহিব । যদি হাতত মাত্ৰ ছমাহ থাকে, এনচিপিৰ বিধায়কসকলে তেওঁলোকৰ নিজ নিজ বিধানসভা সমষ্টিত অধিক সময় অতিবাহিত কৰা উচিত ।

শিৱসেনা-এনচিপি-কংগ্ৰেছ চৰকাৰৰ পতনৰ পিছত বৃহস্পতিবাৰে সিন্দেয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৷ আনহাতে জ্যেষ্ঠ বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নাভিছে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । সিন্দেৰ নেতৃত্বত প্ৰায় ৪০ জন শিৱসেনা বিধায়কে দলীয় নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল ৷ যাৰ ফলত যোৱা বুধবাৰে উদ্ধৱ ঠাকৰে নেতৃত্বাধীন মহা বিকাশ আঘাড়ী (এমভিএ) চৰকাৰৰ পতন ঘটিছিল ।

ইফালে, সোমবাৰে মহাৰাষ্ট্ৰ বিধানসভাত আস্থা ভোটত জয়লাভ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ(Eknath Shinde government passed majority mark) । ৰাহুল নাৰ্ভেকাৰক মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰাৰ (Rahul Narvekar Maharashtra new Assembly speaker) এদিন পিছতে আন এক সাফল্য লাভ সিন্দেৰ । ১৬৪ জন বিধায়কৰ সমৰ্থনেৰে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতাৰ সংখ্যা হেলাৰঙে অতিক্ৰম কৰে একনাথ সিন্দেয়ে ।

লগতে পঢ়ক : 164 বিধায়কৰ সমৰ্থনেৰে আস্থা ভোটত জয়লাভ একনাথ সিন্দেৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.