ETV Bharat / bharat

Badaun Road Accident: বাছ চালকৰ ভুলৰ বাবেই নিমিষতে প্ৰাণ হেৰুৱালে 4 টি শিশুৱে

author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 2:42 PM IST

শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ’ল চাৰিজনকৈ শিক্ষাৰ্থীৰ ৷ বাছ চালক নিহত ৷ গুৰুতৰভাৱে আহত 5 শিক্ষাৰ্থী ৷ উত্তৰ প্ৰদেশৰ বদাঁযু জিলাত সোমবাৰে সংঘটিত হৈছে এই দুৰ্ঘটনাটো ৷ ঘটনা সন্দৰ্ভত আৰম্ভ তদন্ত ।

several School Students Killed and injured In Horrific Bus Accident
বাছ চালকৰ ভুলৰ বাবেই নিমিষতে প্ৰাণ হেৰালে 4 টি শিশুৱে

নেশ্যনেল ডেস্ক, 30 অক্টোবৰ: উত্তৰ প্ৰদেশৰ বদাঁযু জিলাত সোমবাৰে এখন তীব্ৰবেগী বাছৰ সৈতে স্কুল ভেনৰ সংঘৰ্ষ হোৱাৰ ফলত 4 টিকৈ শিশুৰ মৃত্যু ঘটে ৷ ইয়াৰোপৰি স্কুল ভেনখনৰ চালকগৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে 16 টি শিশু আহত হয় বুলি জানিব পৰা গৈছে । আহতসকলৰ ভিতৰত 5 টি শিশুৰ অৱস্থা গুৰুতৰ বুলি কোৱা হৈছে ।

বদৌন থানা এলেকাৰ অন্তৰ্গত উছাৱা অঞ্চলৰ নভিগঞ্জৰ সমীপত প্ৰায় 20 টা শিশু কঢ়িয়াই অনা ভেনখন বিদ্যালয়লৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনাটো । ততাতৈয়াকৈ আহতসকলক বদৌন চিকিৎসা মহাবিদ্যালয় আৰু জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । চিকিৎসকে মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা প্ৰকাশ কৰিছে । দুৰ্ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰাৰ লগে লগে জিলা দণ্ডাধীশ আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকে বদৌন জিলা চিকিৎসালয়ত উপস্থিত হৈ আহতসকলৰ অৱস্থাৰ বিষয়ে সোধা-পোছা কৰে । আহত শিশুসকলক গুৰুত্ব সহকাৰে চিকিৎসা সেৱা কৰিবলৈ চিকিৎসকসকলক কয় প্ৰশাসনে ।

বদাঁযুৰ জিলা দণ্ডাধীশ মনোজ কুমাৰে জনোৱা মতে, সোমবাৰৰ পুৱা বিপৰীত দিশৰ পৰা যোৱা এখন বাছত খুন্দা মাৰে স্কুল ভেনখনে । বিদ্যালয়ৰ ভেনখনত থকা চালকজন আৰু তিনিজন ছাত্ৰৰ থিতাতে মৃত্যু ঘটে আৰু দুৰ্ঘটনাটোৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰি থকা হৈছে বুলি কুমাৰে কয় ।

শিশুসকলৰ আত্মীয়ই জনোৱা মতে, সোমবাৰৰ পুৱা তেওঁলোকৰ সন্তানে স্কুলৰ বাবে ভেনখনত উঠাৰ কিছু সময়ৰ পিছতে পৰিয়ালক দুৰ্ঘটনাটোৰ বিষয়ে অৱগত কৰা হৈছিল । আনহাতে, আহত এটি শিশুৱে বাছ চালকজনে গাড়ী চলোৱা নাছিল বুলি জনায় । বাছখন আন কোনোবাইহে চলাইছিল বুলি অৱগত কৰে । নতুন চালকজনে ভুলকৈ বাছখন চলাইছিল বুলিও শিশুটিয়ে কয় । ইয়াৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় বুলি প্ৰথমিকভাৱে সন্দেহ প্ৰকাশ কৰা হৈছে । ঘটনা সন্দৰ্ভত আৰম্ভ হৈছে তদন্ত ।

লগতে পঢ়ক: Qatar court death sentences Indian Navy officer : কাটাৰত ভাৰতীয় নৌসেনা বিষয়াক মৃত্যুদণ্ড, ভুক্তভোগী পৰিয়ালক জয়শংকৰৰ সাক্ষাৎ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.