ETV Bharat / bharat

Bihar news : প্ৰসাদৰ বাবে শাৰী পাতি শোকাৱহ মৃত্যুক আঁকোৱালি ল’লে শিশুসহ দুগৰাকীয়ে

author img

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 1:41 PM IST

দুৰ্গা পূজাস্থলীত শোকাৱহ দুৰ্ঘটনা ৷ ভিৰৰ মাজত পৰি মৃত্যু এটি শিশু সহ 2 গৰাকী মহিলাৰ ৷

several people killed in stampede at Durga Puja pandal in Bihars Gopalganj
প্ৰসাদৰ বাবে শাৰী পাতি শোকাৱহ মৃত্যুক আঁকোৱালি ল’লে শিশু সহ দুগৰাকীয়ে

নেশ্যনেল ডেস্ক, 24 অক্টোবৰ: পূজা মণ্ডপত শোকাৱহ দুৰ্ঘটনা ৷ বিহাৰত নৱমী পূজাৰ দিনা সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো ৷ গোপালগঞ্জৰ ৰাজা দল এলেকাত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো ৷ ঘটনা সন্দৰ্ভত গোপালগঞ্জৰ জিলা দণ্ডাধীশ নৱল কিশোৰ চৌধুৰীয়ে জনোৱা মতে, দুৰ্গোৎসৱৰ উদযাপন চলি থকাৰ মাজতে ভিৰৰ মাজত শিশুটি বাগৰি পৰি যায় ৷ উক্ত শিশুটিক বচাবলৈ চেষ্টা কৰি দুগৰাকী মহিলাও ভিৰৰ মাজত পৰে আৰু আটাইকেইজনৰে কৰুণ মৃত্যু ঘটে ।

জিলা দণ্ডাধীশগৰাকীয়ে কয়, "আজি দুৰ্গা নৱমী হোৱাৰ বাবে ৰাজ্যৰ কেইবাটাও স্থানত নিৰ্মাণ কৰা হৈছে পূজাৰ পেণ্ডেল । পেণ্ডেলত হোৱা অত্যাধিক ভিৰৰ বাবে এটা শিশু বাগৰি পৰে আৰু তেওঁক বচাবলৈ চেষ্টা কৰা দুগৰাকী মহিলাও বাগৰি পৰে আৰু উঠিব নোৱাৰিলে । 200 মিটাৰ দূৰত্বত অৱস্থিত এখন চিকিৎসালয়লৈ লৈ যোৱাৰ সময়তে মৃত্যু হয় তেওঁলোকৰ । আমি সেই স্থানত উপস্থিত আছো ৷ বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে ।"

ৰাজা দল পূজা পেণ্ডেলত হোৱা দুৰ্ঘটনাটোৰ ফলত তিনিজন লোকৰ মৃত্যু ঘটিছে । নিহতসকলৰ ভিতৰত দুগৰাকী মহিলা আৰু এটা শিশু আছে বুলি জানিব পৰা গৈছে । তদুপৰি এই ঘটনাত 10 জনতকৈ অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে । আহতসকলক সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । জানিব পৰা মতে ৰাজা দল পূজা মণ্ডপত আৰক্ষী বাহিনী মোতায়েন কৰা হোৱা নাছিল । ভিৰৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।

প্ৰসাদ গ্ৰহণৰ বাবে শাৰী পতাৰ সময়তে এই ঘটনা সংঘটিত হয় বুলি চৰকাৰী সূত্ৰত প্ৰকাশ ৷

লগতে পঢ়ক: Dussehra 2023: ৰাৱণ দাহনৰ উদ্দেশ্যৰে সন্ধিয়া ৰামলীলা মৈদানত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.