ETV Bharat / bharat

Tragic accident in MP : শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে 5 গৰাকীকৈ লোকে - মধ্যপ্ৰদেশত শোকাৱহ পথ দুৰ্ঘটনা

তীব্ৰ বেগত গাড়ী চলায় নিজৰ জীৱনলৈ বিপদ মাতিলে 5 গৰাকীকৈ লোকে ৷ মধ্যপ্ৰদেশত সংঘটিত হৈছে এই ঘটনা ৷ উমৰিয়া জিলাৰ ঘুংঘুটি আউটপোষ্টৰ অধীনত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো ।

Tragic accident in MP
শোকাৱহ পথ দুৰ্ঘটনা
author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 12:25 PM IST

নেশ্যনেল ডেস্ক, 25 ছেপ্টেম্বৰ: মধ্যপ্ৰদেশত শোকাৱহ পথ দুৰ্ঘটনা ৷ জন্মদিনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে 5 জনকৈ লোকে ৷ তীব্ৰ বেগত গাড়ী চলায় নিজৰ জীৱনলৈ বিপদ মাতিলে 5 গৰাকীকৈ লোকে ৷ ৰাজ্যখনৰ উমৰিয়া জিলাৰ ঘুংঘুটি আউটপোষ্টৰ অধীনত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো । শ্বাহদোলৰ সীমান্তৱৰ্তী উমৰীয়া জিলাৰ পালি পথত গছৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হয় এখন গাড়ী ।

দুৰ্ঘটনাটোত মৃত লোকসকলৰ ভিতৰত আছে শ্বাহদলৰ খনিজ বিভাগত পৰিদৰ্শক পদবীত থকা পুষ্পেন্দ্ৰ ত্ৰিপাঠী আৰু নিষ্ঠাবান লোকসেৱা প্ৰবন্ধক অবিনাশ ডুবে শ্বাহিদ ।

বাহনখনে মাঝগাৱন গাঁৱৰ 43 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰাৰ ফলত বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয় বুলি জানিব পৰা গৈছে ৷ এছ ডি অ’ পি পালিয়ে জানিব দিয়া মতে, ঘটনাস্থলীতে তিনিগৰাকীয়ে প্ৰাণ হেৰুৱাইছে ৷ আনহাতে, বাকী দুজনক শ্বাহদোল জিলা চিকিৎসালয়লৈ লৈ যোৱাৰ সময়ত আঘাতপ্ৰাপ্ত হৈ মৃত্যু ঘটে ।

শ্বাহদল জিলাৰ খনিজ বিভাগত কৰ্মৰত পৰিদৰ্শক পুষ্পেন্দ্ৰ ত্ৰিপাঠী আৰু কালেক্টৰেট কাৰ্যালয়ত কৰ্মৰত লোকসেৱা প্ৰবন্ধক অবিনাশ ডুবেৰ উপৰিও আন তিনিজন ব্যক্তিয়ে মৃত্যু ঘটে দুৰ্ঘটনাটোত ৷ মাদাৰী ধাবাত জন্মদিন উদযাপনৰ বাবে আটাইকেইজনে পথচোৱাৰে গৈছিল ৷ তীব্ৰবেগী তেওঁলোকৰ বাহনখন পথৰ পৰা আঁতৰি গছজোপাৰ সৈতে খুন্দা মৰাৰ ফলত এক কৰুণ ঘটনা সংঘটিত হয় ৷

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ পৰীক্ষা সম্পন্ন হোৱাৰ পিচতহে মৃতদেহ শোকসন্তপ্ত পৰিয়ালটিক নশ্বৰ দেহকেইটা গতাই দিয়া হ’ব ।

লগতে পঢ়ক: AIMIM MP Owaisi on Bidhuri remarks: সদনত এদিন গণ প্ৰহাৰৰ বলি হ’ব মুছলমান সাংসদ; ওৱেইচি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.