ETV Bharat / bharat

জে.এন-১ ৰ ভয়াৱহ সংক্ৰমণ, কৰ্ণাটকত ৩ ক'ভিড আক্ৰান্তৰ মৃত্যু - Covid JN 1

কৰ্ণাটকত ক'ভিডৰ নতুন প্ৰকাৰ জে.এন-১ ধৰা পৰিছে । ক'ভিডত আক্ৰান্ত হৈ ৩ জন লোকৰ মৃত্যু হৈছে (Died due to Covid infection)। ফলস্বৰূপে স্বাস্থ্য বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । ৰাইজক ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিবলৈ আহ্বান জনোৱা হৈছে ।

Covid in Karnataka
কৰ্ণাটকত ৩ ক'ভিড আক্ৰান্তৰ মৃত্যু
author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 10:28 AM IST

Updated : Dec 26, 2023, 11:39 AM IST

নেশ্যনেল ডেস্ক, ২৬ ডিচেম্বৰ : শেহতীয়াকৈ দেশত পুনক ক'ভিডৰ সংক্ৰমণ আৰম্ভ হৈছে । যোৱা ২-৩ টা দিনত বিভিন্ন ৰাজ্যত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱা দেখা গৈছে । ইয়াৰ মাজতে কৰ্ণাটকত ৩ গৰাকী ক'ভিড আক্ৰান্তৰ মৃত্যুৰ খবৰ পোৱা গৈছে । সোমবাৰে ৰাজ্যখনত ১২৫ গৰাকী লোকৰ দেহত ক'ভিড-১৯ ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল । আনহাতে হাছান, দক্ষিণ কানাড়া আৰু বেংগালুৰু চহৰত সংক্ৰমিত ৩ গৰাকী লোকৰ মৃত্যু হৈছে ।

বৰ্তমান ৰাজ্যখনত ৪৩৬ টা সক্ৰিয় ঘটনা আছে । ইয়াৰ ভিতৰত ৪০০ গৰাকী লোক ঘৰতে কোৱাৰেণ্টাইনত আছে। আনহাতে ৩৬গৰাকী লোক চিকিৎসাধীন হৈ আছে । ৭ গৰাকী লোকে আইচিইউত আৰু ২৯ গৰাকী সাধাৰণ ৱাৰ্ডত চিকিৎসা গ্ৰহণ কৰি আছে বুলি জানিব পৰা গৈছে ।

বেংগালুৰু চহৰত ৯৪ গৰাকী, মহীশূৰত ১৩ গৰাকী, দক্ষিণ কানাড়া আৰু হাছানত ৫ গৰাকী, বিজয়নগৰ আৰু শিমোগাত ২ গৰাকীকৈ আৰু বেল্লাৰী, চিক্কাবাল্লাপুৰ আৰু চিত্ৰদুৰ্গাত এজনকৈ লোক ক'ভিডৰ চিকাৰ হৈছে ।

হাছান জিলাত ক'ভিড মিউটেন্ট প্ৰকাৰৰ চিকাৰ হৈ প্ৰথমগৰাকী লোকৰ মৃত্যু হৈছে । নতুন প্ৰকাৰ জে.এন-১ ৰ চিকাৰ হৈ এগৰাকী বৃদ্ধ লোকৰ মৃত্যু হোৱাৰ লগে লগে জিলাখনত তীব্ৰ আতংকৰ সৃষ্টি হৈছে । স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ মতে মৃত লোকজন চান্নাৰায়াপাটনাৰ বাসিন্দা আছিল। আনহাতে তেওঁ আন ৰোগতো আক্ৰান্ত আছিল ।

ইয়াৰ উপৰিও, জিলাখনত চৰ্দি আৰু জ্বৰত ভুগি থকা ৫ গৰাকী ৰোগীৰ ক্ষেত্ৰতে ক'ভিডৰ সংক্ৰমণ ধৰা পৰিছে । ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে যদিও স্বাস্থ্য বিভাগে সাৱধানতামূলক ব্যৱস্থা অনুসৰণ কৰিবলৈ ৰাইজক আহ্বান জনাইছে ।

ক'ভিডৰ সংক্ৰমণ বৃদ্ধিৰ লগে লগে স্বাস্থ্য মন্ত্ৰী দীনেশ গুণ্ডুৰাৱে সোমবাৰে কয় যে অধিক সাৱধানতামূলক ব্যৱস্থা গ্ৰহণৰ বাবে মঙলবাৰে ক'ভিড মেনেজমেণ্টৰ বাবে গঠন কৰা কেবিনেট উপ-সমিতিৰ বৈঠকৰ পিচত পৰৱৰ্তী সিদ্ধান্ত লোৱা হ'ব ।

বৈঠকত ক'ভিডৰ নতুন প্ৰকাৰ জে.এন-১ আৰু পৰৱৰ্তী পদক্ষেপসহ ক'ভিডৰ নিয়ন্ত্ৰণৰ বিষয়ে আলোচনা কৰা হ'ব । স্বাস্থ্য বিভাগৰ দ্বাৰা ইতিমধ্যে নিৰ্দেশনা জাৰী কৰা হৈছে । পৰামৰ্শ অনুসৰি সকলোকে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিবলৈ কোৱা হৈছে । ৬০ বছৰৰ উৰ্ধৰ আৰু আন ৰোগত আক্ৰান্ত লোকসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ।

লগতে পঢ়ক :ভাৰতৰ যুৱকসকলৰ আকস্মিক মৃত্যুৰ কাৰণ ক'ভিড টীকাকৰণ নহয় : আইচিএমআৰ

Last Updated : Dec 26, 2023, 11:39 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.