ETV Bharat / bharat

দ খাৱৈত বাছ বাগৰি 7 আইটিবিপি জোৱানৰ মৃত্যু

author img

By

Published : Aug 16, 2022, 4:38 PM IST

অমৰনাথ যাত্ৰাৰ দায়িত্বৰ পৰা উভতি অহাৰ পথতেই মঙলবাৰে চন্দনৱাৰী আৰু পেহেলগামৰ মাজত নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে এখন যাত্ৰীবাহী বাছ ৷ এই ভয়ংকৰ দুৰ্ঘটনাত 7 জন আই টি বি পিৰ জোৱান থিতাতে নিহত হয় ৷ লগতে 10 জন জোৱান গুৰুতৰভাৱে আহত হোৱাৰ তথ্য পোৱা গৈছে (Bus falls into gorge in Pahalgam) ৷

Seven ITBP jawans dead as bus falls into gorge in Pahalgam
দ খাৱৈত বাছ বাগৰি 7 আইটিবিপি জোৱানৰ মৃত্যু

নেশ্যনেল ডেস্ক, 16 আগষ্ট: জম্মু-কাশ্মীৰৰ পেহেলগাম অঞ্চলত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Bus falls into gorge in Pahalgam)৷ যোৱা 11 আগষ্টত সামৰণি পৰা অমৰনাথ যাত্ৰাৰ কৰ্তব্যৰ পৰা উভতি অহাৰ পথতেই মঙলবাৰে চন্দনৱাৰী আৰু পেহেলগামৰ মাজত নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে আৰক্ষীৰ যোৱান কঢ়িয়াই অনা এখন যাত্ৰীবাহী বাছ ৷ জানিব পৰামতে দুৰ্ঘটনাত পতিত হোৱা বাছখনত 37 জন ইণ্ডো তিব্বত সীমান্ত আৰক্ষী (আইটিবিপি) (Indo Tibetan Border Police)ৰ জোৱান আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ দুগৰাকী জোৱান আছিল ৷

দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰকে দুর্ঘটনাস্থলীলৈ ১৯ খন এম্বুলেন্স ৰাওনা হয় । এই ভয়ংকৰ দুৰ্ঘটনাত 7 জন আই টি বি পিৰ জোৱান থিতাতে নিহত হয় ৷ লগতে 10 জন জোৱান গুৰুতৰভাৱে আহত হয় ৷ সম্প্ৰতি জোৱানসকলৰ মৃতদেহ পেহেলগাম অসমাৰিক হাস্পতালত ৰখা হৈছে ৷ ইতিমধ্যে সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) হেলিকপ্টাৰ এখনে আহতসকলক বিচাৰি উদ্ধাৰ অভিযান অৱ্যাহত ৰাখিছে ৷

এই শোকাৱহ দুৰ্ঘটনা সন্দৰ্ভত জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই আইটিবিপি জোৱানসকলৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৷ তেওঁ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে ৷ লগতে আঘাতপ্ৰাপ্ত কৰ্মচাৰীসকলক সকলো সহায় আগবঢ়োৱা হ’ব বুলি আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়ক: কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত নিহত কাশ্মীৰী পণ্ডিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.