ETV Bharat / bharat

TMCৰ বিফলতা : ৰেলীৰ বাবে অনুমতি প্ৰদানত অস্বীকাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ - setback for tmc

হিংসাত্মক ঘটনা তথা উত্তেজনা প্ৰতিহত কৰাৰ উদ্দেশ্যে ৰাজ্যখনত কোনো ধৰণৰ ৰাজনৈতিক সমদলৰ অনুমতি নিদিয়াৰ সিদ্ধান্ত ত্ৰিপুৰাৰ চৰকাৰৰ ৷ চৰকাৰৰ এই সিদ্ধান্তত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰি ৰেলী অনুষ্ঠিত কৰাৰ বাবে তৃণমূল কংগ্ৰেছক অনুমতি প্ৰদানত অস্বীকাৰ ত্ৰিপুৰাৰ উচ্চ ন্যায়ালয়ৰ ৷

setback for tmc
TMCৰ বিফলতা
author img

By

Published : Sep 22, 2021, 4:36 PM IST

আগৰতলা , 22 ছেপ্টেম্বৰ : যিকোনো ধৰণৰ হিংসাত্মক ঘটনা তথা উত্তেজনা প্ৰতিহত কৰাৰ উদ্দেশ্যে ত্ৰিপুৰাৰ চৰকাৰে(Tripura Government) ৰাজ্যখনত কোনো ধৰণৰ ৰাজনৈতিক সমদলৰ অনুমতি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ মঙলবাৰে ত্ৰিপুৰাৰ উচ্চ ন্যায়ালয়ে(High Court of Tripura) ত্ৰিপুৰা চৰকাৰৰ এই সিদ্ধান্তত কোনো ধৰণৰ হস্তক্ষেপ কৰাৰ ক্ষেত্ৰত অস্বীকাৰ কৰে ৷

ত্ৰিপুৰাৰ ৰাজধানী চহৰ আগৰতলাত ৰাজহুৱা ৰেলী অনুষ্ঠিত কৰাৰ অনুমতি বিচাৰি অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছে(All India Trinamool Congress) দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সময়ত আদালতে এই নিৰ্দেশ প্ৰদান কৰে ৷ ইয়াৰ পূৰ্বে 22 ছেপ্টেম্বৰত অনুষ্ঠিত কৰিবলগীয়া ৰেলীৰ বাবে তৃণমূল কংগ্ৰেছক অনুমতি প্ৰদান কৰিবলৈ আৰক্ষীয়ে অস্বীকাৰ কৰিছিল ৷

বিষয়টো সন্দৰ্ভত বক্তব্য ৰাখি অধিবক্তা সিদ্ধাৰ্থ শংকৰ দে’(Siddhartha Shankar Dey)য়ে কয় যে, ন্যায়াধীশ অৰিন্দম লোধৰ একক বিচাৰপীঠে গোচৰটো নিষ্পত্তি কৰিছে ৷ তেওঁ কয় যে, ন্যায়ালয়ে কেতিয়াও ৰাজনৈতিক সমদল আৰু শোভাযাত্ৰাৰ অনুমতি দিয়াৰ কৰ্তৃপক্ষ হিচাপে কাম কৰা নাই ৷ সোমবাৰে উচ্চ ন্যায়ালয়ত জৰুৰী ভিত্তিত আবেদনখন কৰা হৈছিল ৷ কিন্তু, গোচৰটোৰ শুনানিৰ পিছত আদালতে আবেদনখন খাৰিজ কৰে ৷

তেওঁ জানিবলৈ দিয়া মতে, পশ্চিম ত্ৰিপুৰা জিলাত 4 নৱেম্বৰ পৰ্যন্ত 144 ধাৰা বলবৎ থকাৰ প্ৰতি লক্ষ্য ৰাখি আদালতে চৰকাৰৰ সিদ্ধান্তত হস্তক্ষেপ নকৰাৰ সিদ্ধান্ত লয় ৷ সম্প্ৰতি, দুৰ্গা পূজা আৰু ক'ভিড-19ৰ তৃতীয় ঢৌৰ প্ৰতি লক্ষ্য ৰাখি ত্ৰিপুৰা চৰকাৰে 144 ধাৰা জাৰি কৰি ৰাখিছে ৷

লক্ষণীয়ভাৱে উচ্চ ন্যায়ালয়ৰ শুনানিৰ ঠিক এদিন পূৰ্বে পশ্চিম ত্ৰিপুৰাৰ ভাৰপ্ৰাপ্ত জিলা-দণ্ডাধীশ ৰাজীৱ দত্তই হিংসাত্মক ঘটনা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি 144 ধাৰা জাৰি কৰে ৷ 144 ধাৰা বলবৎ কৰাৰ উদ্দেশ্যে জাৰি কৰা অধিসূচনাটোত উল্লেখ থকা অনুসৰি, ৰাজনৈতিক দলসমূহৰ সমৰ্থকসকলে কোনোধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত কৰাৰ চেষ্টা কৰিব পাৰে ৷ এনে সংঘৰ্ষ তথা হিংসাই আইন-শৃংখলাজনিত পৰিস্থিতি গুৰুতৰভাৱে প্ৰভাৱিত কৰিব পাৰে ৷ সেয়ে ৰাজ্যখনত 144 ধাৰা বলবৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

এই অধিসূচনা অনুসৰি, 21 ছেপ্টেম্বৰৰ পুৱা 6 বজাৰ পৰা 04 নৱেম্বৰৰ মাজনিশালৈকে কোনো ৰাজনৈতিক দলে যিকোনো ধৰণৰ সভা, শোভাযাত্ৰা বা ৰাজহুৱা সমাৱেশ অনুষ্ঠিত কৰিব নোৱাৰিব ৷ আদালতত আবেদন কৰিও ৰেলী অনুষ্ঠিত কৰাত বিফল হৈ তৃণমূল কংগ্ৰেছৰ নেতা তথা সাংসদ শান্তনু সেনে কয় যে, ত্ৰিপুৰাৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে তৃণমূলক ভয় কৰে আৰু সেয়ে তৃণমূল কংগ্ৰেছৰ উত্থাপন প্ৰতিহত কৰাৰ বাবে তেওঁলোকে যৎপৰোনাস্তি চেষ্টা চলাইছে ৷

লগতে পঢ়ক : থানালৈ আহি অসুস্থ হৈ পৰিল তৃণমূল কংগ্ৰেছৰ নেতা কুনাল ঘোষ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.