ETV Bharat / bharat

স্বাস্থ্য পৰীক্ষা কৰিহে মহাকুম্ভ মেলালৈ যাব লাগিব - স্বাস্থ্যৰ পৰীক্ষা কৰাটো বাধ্যতামূলক

কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতে মহাকুম্ভ মেলালৈ অহা সকলো ভক্তপ্ৰাণ ৰাইজকে স্বাস্থ্যৰ পৰীক্ষা কৰাটো বাধ্যতামূলক নিৰ্দেশ প্ৰদান উত্তৰাখণ্ড চৰকাৰক ।

স্বাস্থ্য পৰীক্ষা কৰিহে মহাকুম্ভ মেলালৈ যাব লাগিব

author img

By

Published : Jan 30, 2021, 8:34 PM IST

নিউজ ডেস্ক, ৩০ জানুৱাৰী: ১৫ জানুৱাৰীৰ পৰা হৰিদ্বাৰত অনুষ্ঠিত হোৱা মহাকুম্ভ মেলাৰ বাবে উত্তৰাখণ্ড চৰকাৰে সকলো ৰাজ্য চৰকাৰক বিশেষ আহ্বান জনাইছে । অতিমাৰী কৰ'ণা ভাইৰাছৰ বাবে সকলো ভক্তপ্ৰাণ ৰাইজক স্বাস্থ্য পৰীক্ষা কৰাৰ পাচতহে 'হৰিদ্বাৰ কুম্ভ মেলা'লৈ যাব পাৰিব । ইয়াৰ বাবে শুকুৰবাৰে উত্তৰাখণ্ড চৰকাৰে সকলো ৰাজ্য চৰকাৰক আহ্বান জনাইছে ।

ৰাজ্যৰ মুখ্য সচিব ওম প্ৰকাশে সকলো ৰাজ্যৰ সচিবসকলক এক পত্ৰযোগে ভক্তসকলে যাতে কোনো বিশেষ যাত্ৰীবাহী বাছেৰে যাত্ৰা নকৰে তাৰবাবে আহ্বান জনায় ৷ লগতে অসুস্থ লোকসকলে এই মহাকুম্ভ মেলালৈ যাব নোৱাৰিব বুলি উল্লেখ কৰে এই পত্ৰত ।

কেন্দ্ৰীয় চৰকাৰে কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতে মহাকুম্ভ মেলালৈ অহা সকলো ভক্তপ্ৰাণ ৰাইজকে স্বাস্থ্যৰ পৰীক্ষা কৰাটো বাধ্যতামূলক নিৰ্দেশ প্ৰদান কৰে উত্তৰাখণ্ড চৰকাৰক ।

উল্লেখ্য যে, ১৫ জানুৱাৰীৰ পৰা হৰিদ্বাৰত অনুষ্ঠিত হোৱা মহাকুম্ভ মেলাৰ অহা ২৭ এপ্ৰিলত সামৰণি পৰিব ।

লগতে পঢ়ক:প্ৰচণ্ড শীতে কঁপাইছে দিল্লীবাসীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.