ETV Bharat / bharat

জম্মু-কাশ্মীৰত উদ্ধাৰ গ্ৰেণেডঃ কথমপি ৰক্ষা সুৰক্ষা কৰ্মী - কুপৱাৰা

জম্মু আৰু কাশ্মীৰত গ্ৰেনেড বিস্ফোৰণৰ পৰা কথমপি ৰক্ষা পৰিল সুৰক্ষা কৰ্মী ৷ শুকুৰবাৰে ৰাতিপুৱা কোনো সন্দেহজনক সন্ত্ৰাসবাদীয়ে উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাত এক বাছ আস্থানৰ কাষত সুৰক্ষা কৰ্মীলৈ লক্ষ্য কৰি এটা গ্ৰেনেড নিক্ষেপ কৰে ৷

জম্মু-কাশ্মীৰত উদ্ধাৰ গ্ৰেণেডঃ কথমপি ৰক্ষা সুৰক্ষা কৰ্মী

author img

By

Published : Mar 5, 2021, 10:30 PM IST

নিউজ ডেস্ক, ৫ মাৰ্চ: উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাত শুকুৰবাৰে ৰাতিপুৱা এটা গ্ৰেনেড বিস্ফোৰণৰ পৰা সুৰক্ষা কৰ্মীসকল কথমপি ৰক্ষা পৰে ৷ জানিব পৰা মতে, সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে শুকুৰবাৰে ৰাতিপুৱা উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাত এক বাছ আস্থানৰ কাষত সুৰক্ষা কৰ্মীলৈ লক্ষ্য কৰি এটা গ্ৰেনেড নিক্ষেপ কৰে ৷

কুপৱাৰা এছএছপি এ শ্ৰীৰামে কয় যে, সৌভাগ্যক্ৰমে গ্ৰেনেডটোৰ বিস্ফোৰণ নঘটাৰ ফলত কোনো ধৰণৰ হানি-বিঘিনি হোৱা নাই ৷ দুস্কৃতিকাৰীক কৰায়ত্ব কৰাৰ উদ্দেশ্যে অঞ্চলটো ঘেৰাও কৰি সুৰক্ষা কৰ্মীসকলে অভিযান চলাই থকা বুলি জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, চলিত মাহৰ আৰম্ভণিতে, মুজামিল কাদিৰ ভাট নামৰ সন্ত্ৰাসবাদীজনক জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে এটা হেণ্ড গ্ৰেনেড জব্দ কৰিছিল । আৰক্ষী, ৪২ নং ৰাষ্ট্ৰীয় ৰাইফলছ আৰু কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনী (চিআৰপিএফ)ৰ ১৮০ বেটেলিয়নৰ যুটীয়া অভিযানত ভাটক লোৰো জাগিৰ ট্ৰাল গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হয় । ইয়াৰোপৰি, জইছ-ই-মহম্মদৰ বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: পোনপ্ৰথমবাৰৰ বাবে মিজোৰামত জনজাতীয় কলা কৰ্মশালা অনুষ্ঠিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.