ETV Bharat / bharat

ইজৰাইলী দূতাবাসত বোমাৰ আতংক, নিৰাপত্তা বৃদ্ধি - Israel Embassy news

Israeli Embassy blast call case: আৰক্ষীলৈ অহা এটা ফোন কলত দাবী কৰা হৈছিল যে দিল্লীত থকা ইজৰাইলী দূতাবাসৰ সমীপত বিস্ফোৰণৰ শব্দ শুনা গৈছে । লগে লগে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে । ঘটনা সন্দৰ্ভত দুজনক আটক কৰা হৈছে । দূতাবাসৰ সমীপত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে ।

Israel Embassy
ইজৰাইলী দূতাবাসত বোমাতংক
author img

By ANI

Published : Dec 28, 2023, 10:50 AM IST

Updated : Dec 28, 2023, 2:35 PM IST

নেশ্যনেল ডেস্ক,২৮ ডিচেম্বৰ : দিল্লীৰ ইজৰাইলী দূতাবাসৰ বাহিৰত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে । দূতাবাসৰ সমীপত বৃহৎ সংখ্যক অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে । বৃহস্পতিবাৰে পুৱা চৌহদৰ চাৰিওফালে লোকৰ চলাচল সীমিত কৰা হৈছে আৰু সমান্তৰালকৈ অঞ্চলটোত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে ।

উল্লেখ্য যে দিল্লী আৰক্ষীয়ে মঙলবাৰে এটা ফোন পাইছিল যে চাণক্যপুৰীৰ ইজৰাইলী দূতাবাসৰ সমীপত এটা বিস্ফোৰণৰ শব্দ শুনা গৈছে । কিন্তু বিষয়াসকলে নিশ্চিত কৰিছিল যে ঘটনাস্থলীত তেনে কোনো একো প্ৰমাণ পোৱা নগ'ল । দিল্লী অগ্নি নিৰ্বাপক বাহিনীয়ে সন্ধিয়া প্ৰায় ৬ বজাত এই ফোনটো পাইছিল । বুধবাৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ)ক ঘটনাটোৰ তদন্তৰ দায়িত্ব দিয়া হয় ।

ইফালে, দিল্লী আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ পিচত দুজন সন্দেহজনক লোকক প্ৰত্যক্ষ কৰিছে । অৱশ্যে বিষয়াসকলে এই ঘটনাত তেওঁলোক জড়িত থকাৰ কোনো নিশ্চিত তথ্য লাভ কৰা নাই । সূত্ৰৰ মতে মঙলবাৰে সন্ধিয়া ইজৰাইল দূতাবাসৰ ওচৰত ঘূৰি ফুৰা দুজন ব্যক্তিক কথিত বিস্ফোৰণ ঘটনাত জড়িত থকাৰ সন্দেহত আটক কৰা হৈছে ।

বিস্ফোৰণ সম্পৰ্কীয় ফোন কলৰ ঘটনাত তেওঁলোকৰ ভূমিকা এতিয়াও স্পষ্ট হোৱা নাই । তেওঁলোকৰ পৰিচয় আৰু কলৰ সময়ত তেওঁলোকে অঞ্চলটোত কি কৰি আছিল সেয়া জানিবলৈ চেষ্টা কৰি থকা হৈছে । তেওঁলোকক জেৰাৰ অন্তত হে সকলো তথ্য পোহৰলৈ আহিব ।

সম্প্ৰতি আৰক্ষীয়ে ওচৰৰ অঞ্চলবোৰৰ চিচিটিভি পৰীক্ষা কৰি আছে । ইফালে দিল্লী আৰক্ষীয়ে মঙলবাৰে সন্ধিয়া ইজৰাইল দূতাবাসৰ সমীপত বিস্ফোৰণ সম্পৰ্কীয় এখন পত্ৰ লাভ কৰিছিল । ইজৰাইলী দূতাবাসলৈ ইংৰাজীত এই পত্ৰখন লিখা হৈছিল য'ত ভাবুকিপূৰ্ণ শব্দ ব্যৱহাৰ কৰা হৈছিল ।

লগতে পঢ়ক :পুনৰ ইৰাণ সমৰ্থিত হুথিৰ আক্ৰমণক বিফল কৰিলে আমেৰিকাৰ সেনাই, 12 টা ড্ৰোন আৰু পাঁচটা মিছাইল ধ্বংস

Last Updated : Dec 28, 2023, 2:35 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.