ETV Bharat / bharat

সন্মুখত উপ-নিৰ্বাচন : ত্ৰিপুৰাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা আৰক্ষীৰ - Conflicts between political parties in Tripura

ত্ৰিপুৰাৰ উপ-নিৰ্বাচনলৈ (Tripura bye election 2022) মাজত মাত্ৰ কেইটামান দিন বাকী আছে । তাৰ প্ৰাকক্ষণত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টি কেইটাত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰক্ষীয়ে । ঠায়ে ঠায়ে মোতায়েন কৰা হৈছে কেন্দ্ৰীয় সশস্ত্ৰ অৰ্ধসামৰিক বাহিনীৰ দল । যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ সাজু ত্ৰিপুৰা আৰক্ষী । ফ্লাইং স্কোৱাড আৰু ষ্টেটিক চাৰ্ভিলেঞ্চ দলও মোতায়েন কৰা হৈছে ।

election
ত্ৰিপুৰাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা আৰক্ষীৰ
author img

By

Published : Jun 16, 2022, 1:39 PM IST

আগৰতলা,১৬ জুন : অহা ২৩ জুনত ত্ৰিপুৰাৰ ৪ খন বিধানসভা আসনত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব (Tripura bye election 2022)। তাৰ প্ৰাক্ ক্ষণত সমষ্টি কেইটাত ৰাজনৈতিক দলসমূহৰ মাজত বিভিন্ন ধৰণৰ সংঘাত দেখিবলৈ পোৱা গৈছে (Conflicts between political parties in Tripura)। কিছুমান স্থানত হিংসাত্মক ঘটনাও সংঘটিত হৈছে । যাৰ বাবে নিৰ্বাচন আয়োগ আৰু প্ৰশাসন সম্পূৰ্ণ সষ্টম হৈ পৰিছে ।

শেহতীয়াকৈ ত্ৰিপুৰা আৰক্ষীয়ে এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰি কৈছে যে উপ-নিৰ্বাচনৰ সময়ত যিকোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ ত্ৰিপুৰা আৰক্ষীয়ে পৰ্যাপ্ত কেন্দ্ৰীয় সশস্ত্ৰ অৰ্ধসামৰিক বাহিনী (চিএপিএফ) মোতায়েনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে (Tripura police tighten security for bye election) । যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ আৰু আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সকলো সমষ্টিতে ফ্লাইং স্কোৱাড আৰু ষ্টেটিক চাৰ্ভিলেঞ্চ দলও মোতায়েন কৰা হৈছে । ত্ৰিপুৰা আৰক্ষীয়ে উল্লেখ কৰা মতে যুৱৰাজনগৰ সমষ্টিৰ এটা সৰু ঘটনাৰ বাহিৰে আন কোনো স্থানতে তেনে ঘটনা সংঘটিত হোৱা নাই ।

স্পৰ্শকাতৰ অঞ্চলবোৰৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে আৰু ইতিমধ্যে চিএপিএফৰ ২০ টা কোম্পানী আৰু ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছৰ ৫ টা কোম্পানীয়ে সেই অঞ্চলবোৰ নিয়ন্ত্ৰণত ৰাখিছে । লগতে স্থানীয় আৰক্ষী আৰু টিএছআৰৰ অতিৰিক্ত বাহিনীয়ে নিৰ্বাচন প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে আৰু লগতে সংশ্লিষ্ট বিধানসভা সমষ্টিৰ ভোটাৰসকলৰ মাজত নিৰাপত্তাৰ সুনিশ্চিত কৰিবলৈ পদক্ষেপ হাতত লৈছে ।

আৰক্ষীয়ে বিজ্ঞপ্তিত প্ৰকাশ কৰা মতে আগৰতলা চহৰৰ আশে-পাশে নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰি তোলা হৈছে । আৰক্ষীয়ে উল্লেখ কৰা মতে উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া চাৰিটা সমষ্টি ক্ৰমে আগৰতলা, টাউন বৰদোৱালী, সুৰমা (এছচি) আৰু যুৱৰাজনগৰত ৰাজনৈতিক দলসমূহে বিভিন্ন নিৰ্বাচনী কাৰ্যসূচীও অনুষ্ঠিত কৰিছে । আৰক্ষীৰ তথ্য অনুসৰি যুৱৰাজনগৰ বিধানসভা সমষ্টিত মুঠ ২০ টাকৈ নিৰ্বাচনী কাৰ্যসূচী আয়োজন কৰা হৈছে, সুৰমা (এছচি) বিধানসভা সমষ্টিত ৮ টা কাৰ্যসূচী, আগৰতলা আৰু টাউন বৰদোৱালী বিধানসভা সমষ্টিত মুঠ ৪ টাকৈ কাৰ্যসূচী আয়োজন কৰা হৈছে ।

লগতে পঢ়ক :Tripura By poll: বিজেপি কৰ্মীৰ বিৰুদ্ধে হিংসাত নিমজ্জিত হোৱাৰ অভিযোগ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.