ETV Bharat / bharat

অনুচ্ছেদ ৩৭০ বাতিল প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ যুগান্তকাৰী ৰায়ৰ ১০ গুৰুত্বপূৰ্ণ বিবৃতি - Article 370 of Constitution

উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া সংবিধান বিচাৰপীঠে অনুচ্ছেদ ৩৭০ বাতিল সন্দৰ্ভত বহু প্ৰতীক্ষিত ৰায় প্ৰদান কৰিছে । সোমবাৰে ভাৰতৰ মুখ্য ন্যায়াধীশে পাঠ কৰা ৰায়ৰ ১০ টা গুৰুত্বপূৰ্ণ বিবৃতি ইয়াত উল্লেখ কৰা হৈছে ।

SC verdict on Jammu Kashmir special status
অনুচ্ছেদ ৩৭০ বাতিলৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ যুগান্তকাৰী ৰায়ৰ ১০ গুৰুত্বপূৰ্ণ বিবৃতি
author img

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 5:53 PM IST

নিউজ ডেস্ক, ১১ ডিচেম্বৰ : অনুচ্ছেদ ৩৭০-ৰ অধীনত জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল কৰাৰ চাৰি বছৰ, চাৰি মাহ আৰু পাঁচ দিন পিছত সোমবাৰে উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া সংবিধান বিচাৰপীঠে বহু প্ৰতীক্ষিত ৰায় প্ৰদান কৰে । শীৰ্ষ ন্যায়ালয়ে এই বছৰৰ ২ আগষ্টত অনুচ্ছেদ ৩৭০ বাতিলৰ বিৰুদ্ধে কৰা কেইবাখনো আবেদনৰ শুনানি আৰম্ভ কৰে । ৫ আগষ্ট, ২০১৯ৰ সিদ্ধান্তৰ বৈধতা সন্দৰ্ভত দৈনিক শুনানি ১৬ দিন ধৰি চলে । ইয়াৰ পিছত শীৰ্ষ ন্যায়ালয়ে ৫ ছেপ্টেম্বৰত ইয়াৰ ৰায় সংৰক্ষিত ৰাখে ।

সোমবাৰে অনুচ্ছেদ ৩৭০ বাতিল কৰা আৰু জম্মু-কাশ্মীৰ পুনৰ্গঠন বিধেয়ক, ২০১৯ প্ৰৱৰ্তনৰ কেন্দ্ৰৰ সিদ্ধান্ত বাহাল ৰাখি মুখ্য ন্যায়াধীশ ধনঞ্জয়া যশৱন্ত চন্দ্ৰচূড়ে আঙুলিয়াই দিয়ে যে 'অনুচ্ছেদ ৩৭০ অস্থায়ী আছিল আৰু জম্মু-কাশ্মীৰে ভাৰত গণৰাজ্যক স্বীকাৰ কৰাৰ পিছত কোনো আভ্যন্তৰীণ সাৰ্বভৌমত্ব বাকী নাছিল' ।

নিজৰ ৰায়ত শীৰ্ষ ন্যায়ালয়ে ভাৰতৰ নিৰ্বাচন আয়োগক ৩০ ছেপ্টেম্বৰ, ২০২৪ৰ ভিতৰত জম্মু-কাশ্মীৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়াৰ লগতে পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা অতি সোনকালে ঘূৰাই দিবলৈও নিৰ্দেশ দিয়ে ।

ভাৰতৰ মুখ্য ন্যায়াধীশে পাঠ কৰা ৰায়ৰ ১০ টা মুখ্য বিবৃতি ইয়াত উল্লেখ কৰা হৈছে :

১) জম্মু-কাশ্মীৰ ৰাজ্যই সাৰ্বভৌমত্বৰ কোনো উপাদান বৰ্তাই ৰাখিব নোৱাৰে । ইয়াৰ আভ্যন্তৰীণ সাৰ্বভৌমত্ব নাই । অনুচ্ছেদ ৩৭০ সাৰ্বভৌমত্ব নহয়, অসমতাবাদৰ এক বিশেষত্ব ।

২) আবেদনকাৰীসকলে ৰাষ্ট্ৰপতিৰ ঘোষণাক প্ৰত্যাহ্বান জনোৱা নাছিল । ঘোষণাৰ পিছত ৰাষ্ট্ৰপতিৰ ক্ষমতা প্ৰয়োগ ন্যায়িক পৰ্যালোচনা সাপেক্ষে । ৩৭০(১)(ঘ)ৰ অধীনত ৰাষ্ট্ৰপতিৰ দ্বাৰা ক্ষমতা প্ৰয়োগ কৰাটো অসৎ নহয় । ৰাষ্ট্ৰপতিয়ে ৰাজ্যখনৰ সন্মতি ল'বলগা হোৱা নাছিল আৰু গণৰাজ্যৰ সন্মতিৰ ওপৰত কাম কৰিব পাৰে ।

৩) ৰাজ্যিক বিধানসভাৰ হৈ ক্ষমতা প্ৰয়োগ কৰাৰ অনুচ্ছেদ ৩৫৬(১)ৰ অধীনত সংসদৰ ক্ষমতা আইন প্ৰণয়নৰ ক্ষমতাতে সীমাবদ্ধ নহয় ।

৪) আমি ধৰি লৈছোঁ যে অনুচ্ছেদ ৩৭০ এটা অস্থায়ী ব্যৱস্থা । জম্মু-কাশ্মীৰৰ সংবিধান সভাৰ অস্তিত্ব বন্ধ হোৱাৰ পিছত অনুচ্ছেদ ৩৭০(৩)ৰ অধীনত ক্ষমতা বন্ধ হোৱা নাছিল । অনুচ্ছেদ ৩৭০(১)(ঘ)ৰ অধীনত ক্ষমতা প্ৰয়োগ কৰি অনুচ্ছেদ ৩৭০ সংশোধন কৰিব নোৱাৰি ।

৫) জম্মু-কাশ্মীৰত সংবিধানৰ সকলো ব্যৱস্থা প্ৰয়োগ কৰা পেৰা ২ৰ পৰা চিঅ' ২৭২ বৈধ ।

৬) জম্মু-কাশ্মীৰ সংবিধান সভাৰ পৰামৰ্শ অবিহনে অনুচ্ছেদ ৩৭০ কাৰ্যকৰী হোৱা বন্ধ বুলি ঘোষণা কৰি এখন জাননী জাৰি কৰাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ আছে । এইটো একত্ৰীকৰণ প্ৰক্ৰিয়াৰ এক পৰিণতি ।

৭) অনুচ্ছেদ ৩ৰ অধীনত ক্ষমতা প্ৰয়োগৰ ক্ষেত্ৰত এখন ৰাজ্যক এক বা একাধিক কেন্দ্ৰীয়শাসিত অঞ্চললৈ ৰূপান্তৰ কৰি সংসদে ৰাজ্যৰ চৰিত্ৰ নিৰ্বাপিত কৰিব পাৰিবনে সেই প্ৰশ্নটো মুকলি কৰি দিয়া হৈছে ।

৮) এক উপযুক্ত ক্ষেত্ৰত এই ন্যায়ালয়ে এখন ৰাজ্যক কেন্দ্ৰীয়শাসিত অঞ্চললৈ ৰূপান্তৰ কৰাৰ প্ৰয়োজনীয় প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত অনুচ্ছেদ ৩-ৰ অধীনত ক্ষমতাৰ পৰিসৰ বুজাব লাগিব । যিটো হৈছে স্বায়ত্ত শাসন হ্ৰাস কৰা হ'ব, ফেডাৰেটিং ইউনিট সৃষ্টিৰ ঐতিহাসিক প্ৰেক্ষাপট আৰু ফেডাৰেলিজিম আৰু প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰ নীতিৰ ওপৰত ইয়াৰ প্ৰভাৱ ।

৯) অনুচ্ছেদ ৩ প্ৰবন্ধৰ অধীনত ৰাজ্যিক বিধানসভাৰ মতামত পৰামৰ্শমূলক । উচ্চতম ন্যায়ালয়ে কয় যে লাডাখক কেন্দ্ৰীয়শাসিত অঞ্চল হিচাপে ৰাখিয়েই জম্মু-কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰ কৰা হ'ব । গতিকে এই বিষয়টো এৰি দিয়া হৈছে ।

১০) আমি নিৰ্দেশ দিছোঁ যে ৩০ ছেপ্টেম্বৰৰ ভিতৰত জম্মু-কাশ্মীৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ভাৰতৰ নিৰ্বাচন আয়োগে পদক্ষেপ ল'ব । ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰ যিমান সম্ভৱ সোনকালে হ'ব ।

লগতে পঢ়ক :অনুচ্ছেদ ৩৭০ আৰু ইয়াৰ বাতিলকৰণ : উৎপত্তিৰ পৰা বিলুপ্তিলৈ জম্মু কাশ্মীৰৰ বিশেষ মৰ্যাদাৰ সময়ৰেখা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.