ETV Bharat / bharat

Skin-to-skin contact: বোম্বে উচ্চ ন্যায়ালয়ৰ ৰায় খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে

যৌন নিৰ্যাতন সন্দৰ্ভত বোম্বে উচ্চ ন্যায়ালয়ে(Bombay High Court) প্ৰদান কৰা ৰায় বৃহস্পতিবাৰে খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে(Supreme Court) । বোম্বে উচ্চ ন্যায়ালয়ে ৰায় দিছিল যে, অভিযুক্তই নিৰ্যাতিতাৰ শৰীৰত স্পৰ্শ কৰিলেহে POCSO আইনৰ অধীনত যৌন নিৰ্যাতন হোৱা বুলি বিবেচনা কৰা হ'ব । অন্যথা এনে কাৰ্যক নিৰ্যাতন বুলি গণ্য কৰা নহয় ।

author img

By

Published : Nov 18, 2021, 6:33 PM IST

SC quashes skin to skin judgement of Bombay HC
বোম্বে উচ্চ ন্যায়ালয়ৰ ৰায় খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে

নেশ্যনেল ডেস্ক, ১৮ নৱেম্বৰ: বৃহস্পতিবাৰে বোম্বে উচ্চ ন্যায়ালয়(Bombay High Court)ৰ ৰায় খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে(Supreme Court) । বোম্বে উচ্চ ন্যায়ালয়ে যৌন নিৰ্যাতন(Sexual assault) সন্দৰ্ভত এক অদ্ভূত ৰায় দিছিল । বোম্বে উচ্চ ন্যায়ালয়ে কৈছিল যে, অভিযুক্তই নিৰ্যাতিতাৰ শৰীৰত স্পৰ্শ কৰিলেহে POCSO আইনৰ অধীনত যৌন নিৰ্যাতন হোৱা বুলি বিবেচনা কৰা হ'ব । অন্যথা এনে কাৰ্যক নিৰ্যাতন বুলি গণ্য কৰা নহয় ।

ন্যায়াধীশ ইউ ইউ ললিতৰ নেতৃত্বত গঠিত বিচাৰপীঠে উচ্চ ন্যায়ালয়ৰ এই ৰায় খাৰিজ কৰি কয় যে, যৌন নিৰ্যাতন চলোৱাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যৌন অভিপ্ৰায় । শিশুৰ শৰীৰত প্ৰত্যক্ষভাৱে স্পৰ্শ কৰাটোহে কেৱল যৌন নিৰ্যাতন নহয়, যৌন অভিপ্ৰায়েৰে কাপোৰৰ ওপৰৰ পৰা স্পৰ্শ কৰিলেও সেয়া নিৰ্যাতন বুলিয়েই গণ্য কৰা হ'ব । অপৰাধীক শাস্তিৰ পৰা পৰিত্ৰাণ কৰাটো আইনৰ উদ্দেশ্য নহয় বুলিও বিচাৰপীঠে স্পষ্ট কৰি দিয়ে ।

ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট আৰু বেলা এম ত্ৰিবেদীক লৈ গঠিত বিচাৰপীঠে কয় যে, যেতিয়া আইনসভাই স্পষ্টকৈ এই বিষয়ে উল্লেখ কৰি থৈছে, তেনেস্থলত আদালতে ইয়াত বিভ্ৰান্তিৰ সৃষ্টি কৰিব নোৱাৰে ।

বৰ্তমান এটৰ্নি জেনেৰেল(Attorney General) আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগ(National Commission for Women)ৰ পৃথক আবেদনৰ শুনানি গ্ৰহণ কৰি আছে উচ্চতম ন্যায়ালয়ে । বোম্বে উচ্চ ন্যায়ালয়ে POCSO আইনৰ অধীনত এজন লোকক নিৰ্দোষী সাব্যস্ত কৰি প্ৰদান কৰা ৰায় সন্দৰ্ভত শুনানি যোৱা ২৭ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখে । সত্ৰ ন্যায়াধীশৰ আদালতে POCSO আইনৰ অধীনত অভিযুক্তজনক এই অপৰাধৰ বাবে তিনি বছৰৰ কাৰাদণ্ডেৰে দণ্ডিত কৰিছিল । কিন্তু বোম্বে উচ্চ ন্যায়ালয়ে তেওঁক নিৰ্দোষী সাব্যস্ত কৰে ।

লগতে পঢ়ক:Sydney Dialogue : ভাৰতৰ প্ৰযুক্তি বিকাশ আৰু বিপ্লৱ সম্পৰ্কে ক'ব প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.