ETV Bharat / bharat

National Unity Day: আজি দেশজুৰি পালন কৰা হ’ব নৱম সংখ্যক ৰাষ্ট্ৰীয় একতা দিৱস

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 10:04 AM IST

31 অক্টোবৰৰ দিনটো ভাৰতত ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হৈ আহিছে 2014 বৰ্ষৰ পৰা । প্ৰয়াত পেটেল আছিল নেহৰু প্ৰধানমন্ত্ৰী হৈ থকা সময়ত উপ-প্ৰধানমন্ত্ৰী ৷ লগতে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ প্ৰথম প্ৰধান সেনাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল পেটেলে । ইয়াৰোপৰি গৃহ দপ্তৰৰ দায়িত্বও বহন কৰিছিল চৰ্দাৰ বল্লভভাই পেটেলে ।

SARDAR VALLABHBHAI PATEL BIRTH ANNIVERSARY NATIONAL UNITY DAY 2023 HISTORY SIGNIFICANCE
আজি দেশজুৰি পালন কৰা হ’ব নৱম সংখ্যক ৰাষ্ট্ৰীয় একতা দিৱস

নেশ্যনেল ডেস্ক, 31 অক্টোবৰ: আজি 31 অক্টোবৰ ৷ সমগ্ৰ ভাৰততে আজিৰ দিনটোত পালন কৰা হ’ব ৰাষ্ট্ৰীয় একতা দিৱস ৷ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি আজিৰ দিনটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হৈ আহিছে । 1875 চনৰ 31 অক্টোবৰত জন্মগ্ৰহণ কৰা পেটেলৰ মৃত্যু হৈছিল 1950 চনৰ 15 ডিচেম্বৰত ।

চৰ্দাৰ বল্লভভাই পেটেল জৱাহৰলাল নেহৰুৰ সময়ত উপ-প্ৰধানমন্ত্ৰী আৰু ভাৰতীয় সশস্ত্ৰ বাহিনীৰ প্ৰথম প্ৰধান সেনাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ইয়াৰোপৰি গৃহ দপ্তৰৰ দায়িত্বও বহন কৰিছিল চৰ্দাৰ বল্লভভাই পেটেলে ।

31 অক্টোবৰ অৰ্থাৎ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিনটো ৰাষ্ট্ৰীয় ঐক্য দিৱস হিচাপে পালন কৰা হৈ আহিছে । 1928 চনত গুজৰাটৰ বাৰদৌলিত হোৱা সত্যাগ্ৰহত পেটেলক চৰ্দাৰ উপাধি প্ৰধান কৰা হৈছিল, গুজৰাটী আৰু অন্যান্য ভাৰতীয় ভাষাত যাৰ অৰ্থ মুখ্য বা নেতা ।

ভাৰতৰ স্বাধীনতা আন্দোলনত নাগৰিক অবাধ্যতা আৰু প্ৰতিৰোধৰ মূল নিদৰ্শন দেখা পোৱা গৈছিল বাৰদৌলি সত্যগ্ৰহত । চৰ্দাৰ পেটেলক ব্ৰিটিছ শাসনকালত 1930 চনৰ পৰা 1945 চনৰ ভিতৰত প্ৰায় দহবাৰ গ্ৰেপ্তাৰ কৰা হৈছিল ।

উল্লেখ কৰা প্ৰয়োজন যে, প্ৰয়াত চৰ্দাৰ বল্লভ ভাই পেটেলৰ কূটনৈতিক দক্ষতা আৰু নেতৃত্বই প্ৰান্তীয় ৰাষ্ট্ৰসমূহক ভাৰতীয় সংঘত যোগদান কৰিবলৈ পতিয়ন নিয়াবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ যাৰ ফলত দেশৰ ভূখণ্ডৰ অখণ্ডতা ৰক্ষা পৰিছিল । পেটেলৰ এই প্ৰচেষ্টাই ঐক্যবদ্ধ আৰু শান্তিপূৰ্ণ ভাৰতৰ ভেঁটি স্থাপন কৰিছিল । এই বাবেই 2014 বৰ্ষৰ পৰা সমগ্ৰ দেশতে চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি পালন কৰা হৈ আহিছে ৰাষ্ট্ৰীয় একতা দিৱস ৷

X যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাৰে সোঁৱৰে ৷

  • On the Jayanti of Sardar Patel, we remember his indomitable spirit, visionary statesmanship and the extraordinary dedication with which he shaped the destiny of our nation. His commitment to national integration continues to guide us. We are forever indebted to his service.

    — Narendra Modi (@narendramodi) October 31, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক: Amrit Kalash Yatra: দিল্লী পালেগৈ অসমৰ অমৃত কলহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.