ETV Bharat / bharat

Sanjay Singh arrest : আপলৈ ইমান ভয় কিয় বিজেপিৰ; অৰবিন্দ কেজৰিৱাল

author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 8:26 AM IST

Updated : Oct 5, 2023, 9:15 AM IST

ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ ৷ বুধবাৰে পুৱাৰে পৰা চলিছিল আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সদস্য সঞ্জয় সিঙৰ চৰকাৰী বাসগৃহত ED অভিযান । ED অভিযানত বিজেপিৰ হাত আছে বুলি উল্লেখ কৰিছে আপে ৷ আগন্তুক নিৰ্বাচনত বিজেপি পৰাজিত হ’বলৈ গৈ আছে ৷ সেয়েহে ED য়ে এই অভিযান চলাইছে বুলি উল্লেখ কৰিছে আপ নেতাসকলে ।

Sanjay Singh arrest
ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক, 5 অক্টোবৰ : শেহতীয়া খবৰ অনুসৰি আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰিছে বলবৎকাৰী সঞ্চালকালয় চমুকৈ ED য়ে ৷ দিল্লী সুৰা নীতিৰ (Delhi liquor policy) তদন্তৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰা হৈছে ৷

ইফালে আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সদস্য সঞ্জয় সিঙৰ চৰকাৰী বাসগৃহত বলবৎকাৰী সঞ্চালকালয়ৰ (ED) অভিযানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আপে । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই সন্দৰ্ভত কেতবোৰ মন্তব্য কৰিছে ৷ লগতে এই কাৰ্যত কেন্দ্ৰৰ মোদী চৰকাৰ জড়িত আছে বুলি উল্লেখ কৰিছে ৷ তেওঁ কয় যে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি হাৰিব । এনে পৰিস্থিতিতেই তথাকথিত সুৰা কেলেংকাৰী সন্দৰ্ভত ইডিয়ে অভিযান চলাইছে ।

সঞ্জয় সিঙৰ ঘৰত ED ৰ অভিযান সন্দৰ্ভত মুখ্যমন্ত্ৰী কেজৰিৱালে কয়, ‘‘বিগত এবছৰ ধৰি তথাকথিত সুৰা কেলেংকাৰীক লৈ হুলস্থুল চলি আছে ৷ কিন্তু তেওঁলোকে এটকাও পোৱা নাই । 1000 ৰো অধিক বাৰ অভিযান চলাইছে । কিন্তু ক’তো একো সফল হোৱা নাই ৷ বিজেপি নেতাই কেতিয়াবা কয় যে বিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণত কেলেংকাৰী, কেতিয়াবা আকৌ বাছ ক্ৰয়, বিদ্যুৎ, পানী আদিত কেলেংকাৰী জড়িত হোৱাৰ কথা । এই সকলোবোৰৰ পৰীক্ষা কৰা হ’ল ৷ কিন্তু একোৱেই পোৱা নগ’ল । একেদৰে সঞ্জয় সিঙৰ ক্ষেত্ৰতো একো পোৱা নাযাব’’ ।

একে সময়তে দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশীয়ে কয়, ‘‘বিগত 15 মাহ ধৰি CBI আৰু ED য়ে তথাকথিত সুৰা কেলেংকাৰীৰ তদন্ত চলাই আহিছে যদিও এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰ আৰু ইয়াৰ সকলো সংস্থাই এটাও দুৰ্নীতি প্ৰমাণ কৰিব পৰা নাই । ইয়াৰ পৰা দেখা যায় যে বিজেপিয়ে আম আদমী পাৰ্টীলৈ ভয় কৰে’’ ।

একে সময়তে মন্ত্ৰী সৌৰভ ভৰদ্বাজে কয়, ‘‘এইটো এটা কাল্পনিক কেলেংকাৰী ৷ য’ত যোৱা 15 মাহ ধৰি তদন্ত চলি আছে । ED আৰু CBI য়ে কমেও 1000 ঠাইত অভিযান চলাইছে যদিও এটকাও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । নিৰ্বাচনত যে বিজেপি হাৰিব, এয়াই সত্য ।’’

লগতে পঢ়ক : Kharge Appealed To PM Modi : মণিপুৰলৈ যাবলৈ ভয় কিয় ? প্ৰধানমন্ত্ৰীক আক্ৰমণ খাৰ্গেৰ

Last Updated : Oct 5, 2023, 9:15 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.