ETV Bharat / bharat

Sanatan Dharma remark deepens : সনাতন ধৰ্ম বিতৰ্কত উদয়ানিধি ষ্টেলিনক সমৰ্থন প্ৰিয়াংক খাৰ্গেৰ

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 7:29 PM IST

বেংগালুৰুত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংকে কয়, "মোৰ মতে, যিকোনো ধৰ্ম যিয়ে সমতাৰ প্ৰচাৰ নকৰে বা আপোনাৰ মানুহ হোৱাৰ মৰ্যাদা নিশ্চিত নকৰে, সেয়া ধৰ্ম নহয় ।" তেওঁ লগতে কয়, "যিকোনো ধৰ্ম যিয়ে সমান অধিকাৰ নিদিয়ে বা আপোনাক মানুহৰ দৰে ব্যৱহাৰ নকৰে, সেয়া ৰোগৰ দৰে ।"

Sanatan Dharma remark deepens
Sanatan Dharma remark deepens

নিউজ ডেস্ক, ৪ ছেপ্টেম্বৰ : সনাতন ধৰ্মক লৈ চলি বিতৰ্কৰ মাজতে জ্বলা জুইত ঘিঁউ ঢালি দিয়াৰ দৰে হৈছে প্ৰিয়াংক খাৰ্গেৰ এক মন্তব্য । সনাতন ধৰ্ম বিতৰ্ক অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা থকা এক মন্তব্য কৰিছে কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেয়ে । তেওঁ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ পুত্ৰ উদয়ানিধি ষ্টেলিনৰ সমৰ্থনত ওলাই আহিছে ।

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কংগ্ৰেছ প্ৰধান মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংকে কয়, "যিকোনো ধৰ্ম যিয়ে সমতাৰ প্ৰচাৰ নকৰে বা আপোনাৰ মানুহ হোৱাৰ মৰ্যাদা নিশ্চিত নকৰে, মোৰ মতে সেয়া ধৰ্ম নহয় ।" তেওঁ লগতে কয়, "যিকোনো ধৰ্ম যিয়ে সমান অধিকাৰ নিদিয়ে বা আপোনাক মানুহৰ দৰে ব্যৱহাৰ নকৰে, সেয়া ৰোগৰ দৰে ।"

উল্লেখ্য যে ইয়াৰ পূৰ্বে ডিএমকেৰ যুৱ শাখাৰ মুৰব্বী তথা তামিলনাডুৰ মন্ত্ৰী উদয়ানিধি ষ্টেলিনে সমাজৰ পৰা সনাতন ধৰ্মক 'নিৰ্মূল' কৰাৰ আহ্বান জনাই ইয়াক বহু 'সামাজিক কুফলৰ' বাবে দোষী বুলি এক বিতৰ্কিত মন্তব্য কৰিছিল । আনহাতে, বিজেপিয়ে তেওঁৰ এই বক্তব্যৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তুমুল বিতৰ্কৰ সৃষ্টি কৰিছে । লগতে এই মন্তব্যক 'গণহত্যাৰ আহ্বান' বুলি অভিহিত কৰি বিৰোধী মিত্ৰজোঁটক 'হিন্দুবিৰোধী' বুলি অভিহিত কৰিছে ।

তামিলনাডু প্ৰগতিশীল লেখক, শিল্পী সন্থাৰ দ্বাৰা শনিবাৰে আয়োজিত 'সমাজৰ পৰা সনাতন ধৰ্ম নিৰ্মূল' শীৰ্ষক এখন সন্মিলনত ভাষণ দি উদয়ানিধিয়ে কয় যে সনাতন ধৰ্ম হৈছে এক নীতি, যিয়ে মানুহক জাতি আৰু ধৰ্মৰ নামত বিভক্ত কৰে । কেৱল ইয়াক উৎখাত কৰিলেহে মানৱতা আৰু মানৱ সমতা বৰ্তী থাকিব ।

তেওঁৰ মন্তব্যৰ পিছতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আগবঢ়োৱা প্ৰতিক্ৰিয়াই এক ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰিছে । ৰাজনাথ সিঙে দাবী কৰিছে যে সমগ্ৰ ইণ্ডিয়া ব্লকে সনাতন ধৰ্মৰ অপমানৰ বাবে ক্ষমা বিচাৰিব লাগে । আনহাতে, কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ইয়াৰ প্ৰত্যুত্তৰ দি কয় যে বিজেপিৰ মিত্ৰশক্তিয়ে ৰাম আৰু হনুমান দুয়োকে সামান্য কৰি দিছিল আৰু বিৰোধীয়ে 'ভক্তি'ৰ ওপৰত প্ৰমাণ-পত্ৰ দিয়াৰ প্ৰয়োজন নাই ।

লগতে পঢ়ক :Sanatan Dharma controversy : মুজাফৰপুৰ আদালতত উদয়ানিধিৰ বিৰুদ্ধে গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.