ETV Bharat / bharat

এইবাৰ পেট্ৰ’ল ঢালি আত্মহত্যাৰ হুংকাৰ শিক্ষকৰ - বিবেকানন্দ ময়দানত মহাকৰণ অভিযান

সোমবাৰে ত্ৰিপুৰাত এটি শিক্ষকৰ দলে তেওঁলোকৰ সমস্যা সমূহ সমাধান কৰিবলৈ বিবেকানন্দ ময়দানত ‘মহাকৰণ অভিযান’ শীৰ্ষক এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে ৷ আনকি এই প্ৰতিবাদী শিক্ষকসকলে পেট্ৰ’ল ঢালি আত্মহত্যা কৰাৰ ভাবুকি প্ৰদান কৰে (teachers threatens to kill them selves) ৷

sacked-tripura-teachers-threatens-to-kill-them-selves-if-govt-doesnt-come-out-with-a-solution
পেট্ৰ’ল ঢালি মৰাৰ হুংকাৰ ত্ৰিপুৰাৰ শিক্ষকৰ
author img

By

Published : Mar 14, 2022, 10:54 PM IST

আগৰতলা, 14 মাৰ্চ : সোমবাৰে ত্ৰিপুৰাত প্ৰায় ১০,৩২৩ জন শিক্ষকে তেওঁলোকৰ সমস্যা সমূহ সমাধান কৰিবলৈ বিবেকানন্দ ময়দানত ‘মহাকৰণ অভিযান’ শীৰ্ষক এক প্ৰতিবাদী অনুষ্ঠান অনুষ্ঠিত কৰে (100 terminated teachers organized a ‘Mahakaran Abhiyan’) ৷ এই অনুষ্ঠানত সমবেত হৈ শিক্ষকসকলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ (Chief Minister Biplab Kumar Deb)ক সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যা সমূহ সমাধান কৰিবলৈ আহ্বান জনায় ৷

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি শিক্ষকসকলে ময়দানৰ পৰা এক সমদল উলিওৱাৰ পাছতে আৰক্ষীয়ে প্ৰতিবাদী শিক্ষকবৃন্দক বাধা প্ৰদান কৰাত আৰক্ষী আৰু প্ৰতিবাদীসকলৰ মাজত হতাহতি হয় ৷ যাৰফলত 100 ৰো অধিক প্ৰতিবাদী শিক্ষকক আৰক্ষীয়ে আটক কৰে ৷ এনে উত্তপ্ত পৰিস্থিতিৰ মাজতে প্ৰতিবাদী শিক্ষকৰ দলটোৱে মুখ্যমন্ত্ৰীক সাক্ষাৎ নকৰালৈকে প্ৰতিবাদস্থলীৰ পৰা আঁতৰি নাযায় বুলি হুংকাৰ দিয়াৰ লগতে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব নিদিলে আত্মহত্যা কৰাৰো হুংকাৰ দিয়ে প্ৰতিবাদী শিক্ষকৰ দলটোৱে ৷

sacked-tripura-teachers-threatens-to-kill-them-selves-if-govt-doesnt-come-out-with-a-solution
পেট্ৰ’ল ঢালি মৰাৰ হুংকাৰ ত্ৰিপুৰাৰ শিক্ষকৰ

ইফালে প্ৰতিবাদকাৰী শিক্ষকৰ দলটোৱে মুখ্যমন্ত্ৰীক লগ কৰিবলৈ আবেদনো কৰিছিল ৷ পিছে মুখ্যমন্ত্ৰীয়ে এই আবেদনত কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদী শিক্ষকসকলে ৷ ইয়াৰোপৰি, প্ৰতিবাদী শিক্ষকৰ এটা দলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ সচিবালয়লৈও গৈছিল বুলি উল্লেখ কৰে প্ৰতিবাদী শিক্ষকসকলে ৷

জানিব পৰা মতে, বিগত 2020 বৰ্ষৰ 31 মাৰ্চৰ পিছৰে পৰা এই প্ৰতিবাদী শিক্ষকসকলে দৰমহা লাভ কৰা নাই ৷ যাৰ ফলত এই দুৰ্ভগীয়া শিক্ষকসকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হৈছেগৈ ৷ যাৰফলত এই প্ৰতিবাদী শিক্ষকসকলে পেট্ৰ’ল ঢালি মৰাৰো ভাবুকি প্ৰদান কৰে ৷ তদুপৰি, আৰক্ষীয়ে এই প্ৰতিবাদী শিক্ষকসকলৰ ওপৰত লাঠীচালনাও কৰে ৷ লগতে 300ৰো অধিক শিক্ষকক আৰক্ষীয়ে আটক কৰা বুলি পশ্চিম জিলা আৰক্ষী অধীক্ষক (গ্ৰাম্য) পিয়ামাধুৰী মজুমদাৰে জানিব দিয়ে ৷

লগতে পঢ়ক : Tamulpur Bomb Blast : তামুলপুৰত সংঘটিত বোমা বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.