ETV Bharat / bharat

ত্ৰিপুৰাৰ শাসকীয় দলসমূহ অশান্ত হৈ আছে: জিতেন্দ্ৰ চৌধুৰী - Jitendra Chaudhury

ত্ৰিপুৰাৰ শাসকীয় দলসমূহৰ ভিতৰ আৰু বাহিৰচ’ৰা অস্থিৰ হৈ আছে ৷ কাৰণ তেওঁলোকে বুজি উঠিছে যে সাধাৰণ ৰাইজ তেওঁলোকৰ পক্ষত নাই ৷ এই মন্তব্য ত্ৰিপুৰাৰ প্ৰাক্তন সাংসদ তথা জ্যেষ্ঠ চিপিআইএম (CPIM) নেতা জিতেন্দ্ৰ চৌধুৰীৰ ৷

as-ntl-ruling-parties-facing-unrest-within-veteran-cpim-leader-etv-bharat-news
ত্ৰিপুৰাৰ শাসকীয় দলসমূহ নিজৰ মাজতেই অশান্ত হৈ আছে: জ্যেষ্ঠ চি পি আই এম নেতা
author img

By

Published : Jun 12, 2021, 11:31 AM IST

আগৰতলা, 12 জুন : ত্ৰিপুৰাৰ শাসকীয় চৰকাৰখনে এক কঠিন সময়ৰ সন্মুখীন হৈছে ৷ কাৰণ ৰাজ্যখনত বিজেপি আৰু আইপিএফটি (IPFT) এই দুয়ো দলকেই ৰাইজে প্ৰত্যাখ্যান কৰিছে ৷ এই মন্তব্য পূৱ ত্ৰিপুৰা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা ত্ৰিপুৰা উপজাতি গণমুক্তি পৰিষদ (Tripura Upajati Ganamukti Parishad)ৰ সভাপতি জিতেন্দ্ৰ চৌধুৰীৰ ৷ প্ৰাক্তন সাংসদ গৰাকীয়ে কয় যে, ‘দলৰ ভিতৰ আৰু বাহিৰচ’ৰাত অস্থিৰতাৰ সৃষ্টি হৈছে ৷ বিধায়কসকলে দলৰ বিৰুদ্ধে মুকলিকৈ ঘৃণা ব্যক্ত কৰিছে ৷ ইয়াৰ উপৰিও বদৰঘাট, আগৰতলাৰ মণ্ডৱাই, কমলপুৰকে ধৰি কেইবাটাও অঞ্চলৰ বিধায়কসকলে ৰাজ্যখনৰ নেতাসকলক একাধিকবাৰ অস্বীকাৰ কৰিছে ৷ প্ৰায় সকলো পঞ্চায়ত সমিতিতে অবিশ্বাস প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে ৷ এইসমূহ ঘটনাই স্পষ্ট ছবিখন দাঙি ধৰিছে’ ৷

জিতেন্দ্ৰ চৌধুৰীৰ বিৰুদ্ধে প্ৰৰোচনামূলক মন্তব্য কৰাৰ অভিযোগত এক গোচৰ ৰুজু কৰা হৈছিল খোৱাই আৰক্ষী চকীত ৷ এই সন্দৰ্ভতে তেওঁ খোৱাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক সাক্ষাতৰ সময়তে স্থানীয় সাংবাদিকৰে হোৱা মত বিনিময়ত সাধাৰণ ৰাইজ শাসকীয় দলটোৰ সৈতে নাই এই কথা চৰকাৰখনে বুজি উঠিছে বুলি মন্তব্য কৰে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে চিপিআইএম (CPIM) দলৰ তিনিগৰাকীকৈ হেভীৱেট নেতাৰ বিৰুদ্ধে সামাজিক মাধ্যমত কৰা মন্তব্যৰ বাবে কেইবাখনো এজাহাৰ দাখিল হৈছিল ৷ এই সন্দৰ্ভতে চৌধুৰীক আমতলী আৰক্ষী চকীক সোধ-পোছৰ বাবে মাতি পঠিওৱা হৈছিল ৷

জিতেন্দ্ৰ চৌধুৰীয়ে "মই বামপন্থীৰ সমৰ্থকসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বিভিন্ন উপাদানসমূহৰ বিৰুদ্ধে লিখিছো ৷ মই পোনপ্ৰথমবাৰৰ বাবে দুৰ্বৃত্তৰ বিৰুদ্ধে লিখিছিলো আৰু যেতিয়া মই দেখো যে মোৰ পোষ্টে ধনাত্মক প্ৰতিক্ৰিয়া লাভ কৰিছে মই লিখিছিলো অন্তিম সীমাত থকা শক্তিক শেষ কৰক"- এক পোষ্টযোগে এই কথা স্পষ্ট কৰি দিয়ে চৌধুৰীয়ে ৷ অৱশেষত তেওঁ কয়, এগৰাকী কেবিনেট মন্ত্ৰীয়ে তেওঁলোকৰ সামাজিক মাধ্যমত দিয়া পোষ্টসমূহ বক্ৰ বাখ্যা কৰি সেই মন্তব্যসমূহ সংঘৰ্ষৰ সময়ত উত্থাপন কৰা হয় ৷

লগতে পঢ়ক- ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ মাচুল নিয়ন্ত্ৰণ কৰিব ত্ৰিপুৰা চৰকাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.