নেশ্যনেল ডেস্ক, 15 ছেপ্টেম্বৰ : চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বৃহৎ পৰিমাণৰ চোৰাং সামগ্ৰী জব্দ কৰা হৈছে ৷ বৃহস্পতিবাৰে শুল্ক বিষয়াসকলে এক গোপনীয় তথ্যৰ ভিত্তিত ওমান এয়াৰলাইনছেৰে ওমানৰ পৰা অহা যাত্ৰীসকলৰ ওপৰত তালাচী চলাই ৷ প্ৰথম অৱস্থাত মুঠ 186 জন যাত্ৰীক তালাচী চলাবলৈ আটক কৰা হৈছিল। তাৰ পিচতে তন্ন তন্নকৈ কৰা তালাচীত 73 জন যাত্ৰীক চোৰাং ব্যৱসায়ত জড়িত থকাৰ কোনো তথ্য নোপোৱাত যাবলৈ অনুমতি দিয়া হয় ৷
তাৰ পিচতে অন্য 113 জন যাত্ৰীক পুনৰ তালাচী চলাই সোধা পোছা কৰা হয় । কমেও পুৱাৰ পৰা বিয়লি 3 বজালৈ এই সোধা পোছা প্ৰক্ৰিয়া অব্যাহত আছিল। যাত্ৰীসকলে আপত্তি কৰা স্বত্বেও বিমানবন্দৰ কৰ্তৃপক্ষই তেওঁলোকক সেই স্থানত খাদ্য যোগান ধৰে ৷ যাত্ৰীসকলক যাবলৈ কোনোপধ্যেই অনুমতি নিদিয়ে ৷
তেওঁলোকে আহাৰ গ্ৰহণ কৰাৰ পিচত তেওঁলোকক পুনৰ বিষয়াসকলে সোধা পোছা আৰম্ভ কৰে ৷ প্ৰায় শেষ নিশালৈ চলা এই অভিযানত 113 গৰাকী যাত্ৰীৰ পৰা চোৰাংভাৱে অনা সামগ্ৰীৰ প্ৰায় এক ভাণ্ডাৰ জব্দ কৰা হৈছিল । যাত্ৰীসকলে বিভিন্ন উপায়েৰে লুকুৱাই আনিছিল 13 কিলোগ্ৰাম সোণ, যাৰ ভিতৰত আছে সোণৰ বাৰ আৰু সোণৰ পেষ্ট, 204 টা ফোন (120 টা আইফোন আৰু 84 টা এণ্ড্ৰইড ফোন), বিদেশী চিগাৰেট, কেশৰ আৰু লেপটপ। জব্দ কৰা এই সামগ্ৰীসমূহৰ আনুমানিক আন্তঃৰাষ্ট্ৰীয় মূল্য প্ৰায় ১৪ কোটি টকা।
শুল্ক আইনৰ অধীনত, 1 কোটি টকাৰ অধিক মূল্যৰ সামগ্ৰী চোৰাং ভাৱে লৈ অনা ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰিব পাৰে ৷ আনহাতে এই নিৰ্ধাৰিত পৰিমাণতকৈ কমকৈ আনিলে তেনে লোকৰ নাম পঞ্জীয়ন কৰি মুকলি কৰি দিব পাৰে ৷ অৱশ্যে ইয়াৰ পিচত 113 জন ব্যক্তিক জামিনত মুক্তি দিয়া হয় ৷ কেন্দ্ৰীয় ৰাজহ অনুসন্ধান বিভাগ আৰু শুল্ক বিষয়াসকলে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: Heroin seized: গুজৰাটৰ সমুদ্ৰৰ তীৰৰ পৰা 5.09 কোটি টকাৰ হেৰ’ইনৰ পেকেট জব্দ