ETV Bharat / bharat

লক্ষ্ণৌত মহিলা আৰপিএফ কনিষ্টবলৰ তৎপৰতাত প্ৰাণ ৰক্ষা মহিলাৰ

author img

By

Published : Jan 13, 2021, 9:47 PM IST

লক্ষ্ণৌৰ চাৰবাগ ৰে‘লৱে ষ্টেচনত এগৰাকী মহিলা আৰপিএফ জোৱানৰ তৎপৰতাৰ ফলতে কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী মহিলাৰ ৷ মহিলা কনিষ্টবলগৰাকীৰ এই কৰ্তব্যনিষ্ঠাৰ বাবে পুৰস্কৃত কৰাৰ কথা ঘোষণা উত্তৰ ৰে‘লৱেৰ প্ৰৱন্ধক সঞ্জয় ত্ৰিপাঠীৰ ৷

rpf-soldier-readiness-saved-a-woman-life-in-lucknow
লক্ষ্ণৌত মহিলা আৰপিএফ কনিষ্টবলৰ তৎপৰতাত প্ৰাণ ৰক্ষা মহিলাৰ

নেশ্যনেল ডেস্ক,13 জানুৱাৰী : উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ চাৰবাগ ৰে‘লৱে ষ্টেচনত বুধবাৰে পুৱা এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে ৷ এগৰাকী মহিলা আৰপিএফ জোৱানৰ তৎপৰতাৰ ফলতে কথমপি জীৱন ৰক্ষা পৰে এগৰাকী মহিলাৰ ৷

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, চাৰবাগ ৰে‘লৱে ষ্টেচনৰ বুধবাৰে পুৱা গোমতী এক্সপ্ৰেছ বিশেষ ৰেলখন লক্ষ্ণৌৰ পৰা নতুন দিল্লী অভিমুখে ৰাওনা হয় ৷ ৰে‘লখনে নিজৰ গতি আৰম্ভ কৰা মাত্ৰকে শীততাপ নিয়ন্ত্ৰিত ডবাৰ পৰা এগৰাকী মহিলাই নামিবলৈ চেষ্টা কৰে ৷ কিন্তু উক্ত সময়তে মহিলাগৰাকীৰ ভৰি পিছলে ৷ ষ্টেচনৰ প্লেটফৰ্মত উক্ত সময়ত আৰপিএফ কনিষ্টবল বিনীতা কুমাৰী কৰ্তব্যত নিয়োজিত হৈ আছিল ৷ ঘটনা প্ৰত্যক্ষ কৰা মাত্ৰকে বিনীতা কুমাৰীয়ে পিছলি পৰা মহিলাগৰাকীক প্লেটফৰ্মৰ পৰা বাগৰি তললৈ যোৱাৰ পৰা ৰক্ষা কৰে ৷ ৰে‘ল পাৰ হৈ যোৱাৰ পাছতে দুৰ্ঘটনাত পতিত হোৱা মহিলাগৰাকীক সুস্থ থকাৰ বাবে ঘৰলৈ পঠাই দিয়া হয় ৷ ইফালে মহিলা কনিষ্টবলগৰাকীৰ এই কৰ্তব্যনিষ্ঠাৰ বাবে উত্তৰ ৰে‘লৱেৰ প্ৰৱন্ধক সঞ্জয় ত্ৰিপাঠীয়ে মহিলা আৰ পি এফ কনিষ্টবলগৰাকীক পুৰস্কৃত কৰাৰ কথাও ঘোষণা কৰে ৷

লগতে পঢ়ক : উৰা বাতৰিৰ বাবে সোণৰ মুদ্ৰা বিচাৰি নদী খান্দিলে ৰাইজে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.