ETV Bharat / bharat

আন এক নতুন বিতৰ্কত ৫ ভাৰতীয় ক্ৰিকেটাৰ - ভাৰতীয়

ৰোহিত শৰ্মা সহ আন ৪ জন খেলুুৱৈয়ে বিশেষ জন্তুৰ মাংস ভক্ষণ কৰাক লৈ সমৰ্থকৰ মাজত বিশেষ চৰ্চা চলিছে । মেলবৰ্ণৰ ৰেষ্টোৰাঁত ৰোহিত শৰ্মাসহ ভাৰতীয় দলৰ ৫ খেলুৱৈয়ে আহাৰ গ্ৰহণ কৰিবলৈ যোৱা বুলি এজন ভাৰতীয় সমৰ্থকে সামাজিক মাধ্য়মত দাবী কৰিছিল । সমগ্ৰ ঘটনাক ভাৰতীয় ক্ৰিকেট কন্ট্ৰ'ল ব'ৰ্ডে মিছা আখ্য়া দিয়াৰ লগতে অষ্ট্ৰেলিয়াৰ একাংশ সংবাদ মাধ্য়মে ভুৱা প্ৰচাৰ চলোৱা বুলি অভিযোগ কৰিছে ।

আন এক নতুন বিতৰ্কত ভাৰতীয় ৫ খেলুৱৈ
আন এক নতুন বিতৰ্কত ভাৰতীয় ৫ খেলুৱৈ
author img

By

Published : Jan 3, 2021, 3:10 PM IST

স্পৰ্টছ ডেস্ক , ৩ জানুৱাৰী : অষ্ট্ৰেলিয়াত চলি থকা ভাৰত-অষ্টেলিয়া টেষ্টৰ মাজতে বিতৰ্কত সোমাই পৰিছে ভাৰতীয় দলটোৰ ৫ গৰাকী খেলুৱৈ । মেলবৰ্ণৰ এখন ৰেষ্টোৰাঁত আহাৰ গ্ৰহণ কৰিবলৈ যোৱা খবৰৰ পিছতে আৰম্ভ হৈছে এই বিতৰ্কৰ । ক'ভিড বিধি উলংঘা কৰি ৰেষ্টোৰাঁত আহাৰ গ্ৰহণ কৰাৰ অভিযোগৰ পিছতে আন এক নতুন সমস্য়াৰ সন্মুখীন হৈছে খেলুৱৈ কেইগৰাকী । কেৱল অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্য়মতে নহয়, সমৰ্থকৰো সমালোচনাৰ মুখামুখী হৈছে খেলুৱৈ কেইগৰাকী । মেলবৰ্ণৰ ৰেষ্টোৰাঁখনত আহাৰ গ্ৰহণ কৰাৰ সময়ৰ ফটো এজন ভাৰতীয় সমৰ্থকে সামাজিক মাধ্য়মত প্ৰকাশ কৰাৰ পিছতে খেলুৱৈ কেইগৰাকীয়ে খোৱা খাদ্য়ক লৈ টুইটাৰত চৰ্চা আৰম্ভ হৈছে । ৰোহিত শৰ্মা সহ আন ৪ জন খেলুুৱৈয়ে বিশেষ জন্তুৰ মাংস ভক্ষণ কৰাকলৈ সমৰ্থকৰ মাজত ইতিমধ্যে বিশেষ সমালোচনা চলিছে ।

উল্লেখ যে এজন ভাৰতীয় সমৰ্থকে সামাজিক মাধ্য়মত দাবী কৰিছিল যে, ১ জানুৱাৰীত মেলবৰ্ণৰ ৰেষ্টোৰাঁখনত ভাৰতীয় দলৰ ৰোহিত শৰ্মা, ঋষভ পন্ট, শুভমন গীল, পৃথ্বি শ্ব' আৰু নৱদীপ চাইনীয়ে আহাৰ গ্ৰহণ কৰিবলৈ আহিছিল আৰু তেওঁ প্ৰত্য়ক্ষ কৰি তেওঁলোকৰ সৈতে কথোপকথন হোৱাৰ লগতে ফটোও উঠিছিল । আনকি সমৰ্থকজনে ঋষভ পন্টৰ সৈতে আলিঙ্গন কৰাৰো দাবী কৰিছিল । অৱশ্য়ে এই কথাক লৈ সামাজিক মাধ্য়মত বিতৰ্ক আৰম্ভ হোৱাৰ পিছতে এই কথা অস্বীকাৰ কৰে নবলদীপ সিং নামৰ সমৰ্থকজনে ।

আনফালে ক'ভিড প্ৰটকল ভংগ কৰি ৰেষ্টোৰাঁত আহাৰ গ্ৰহণ কৰাৰ বিষয়টো লৈ বিচিচিআইয়ে এক তদন্ত আৰম্ভ কৰাৰ এক খবৰো ওলাইছিল সামাজিক মাধ্য়মত । কিন্তু এই সমগ্ৰ ঘটনাক ভাৰতীয় ক্ৰিকেট কন্ট্ৰ'ল ব'ৰ্ডে মিছা আখ্য়া দিয়াৰ লগতে অষ্ট্ৰেলিয়াৰ একাংশ সংবাদ মাধ্য়মে ভুৱা প্ৰচাৰ চলোৱা বুলি অভিযোগ কৰে ।

লগতে পঢ়ক :আগন্তুক তিনি মাহলৈ কোনো খেলত অংশ নলয় ফিলিপ কুটিনহোই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.