ETV Bharat / bharat

Rocket launcher attack in Punjab:পাঞ্জাৱ সীমান্তৰ থানাত ৰকেট লঞ্চাৰৰে আক্ৰমণ

author img

By

Published : Dec 10, 2022, 3:23 PM IST

পাঞ্জাৱ সীমান্তৰ তৰণ জিলাৰ এখন আৰক্ষী থানাত দুৰ্বৃত্তই ৰকেট লঞ্চাৰৰে আক্ৰমণ (Rocket launcher attack at Punjab)। এই বিষয়ে সদৰী কৰিছে বিশেষ আৰক্ষী অধীক্ষক গুৰমিত চৌহানে । উল্লেখ্য় যে বিগত এবছৰত পাঞ্জাৱত লঞ্চাৰৰে আক্ৰমণ চলোৱাৰ এইটো পঞ্চম ঘটনা ।

Rocket launcher attack in Punjab
পাঞ্জাৱ সীমান্তৰ থানাত ৰকেট লঞ্চাৰৰে আক্ৰমণ

নেশ্য়নেল ডেস্ক, ১০ ডিচেম্বৰ: সীমান্তৰ সিপাৰৰ পৰা ভাৰতত অহৰ্নিশে অপৰাধমূলক কাৰ্যকলাপ চলাই আহিছে । ইয়াৰ মাজতেই শনিবাৰে পুৱতি নিশা পাঞ্জাৱ সীমান্তৰ তৰণ জিলাৰ এখন আৰক্ষী থানাত ৰকেট লঞ্চাৰৰে আক্ৰমণ চলে সীমান্তৰ সিপাৰৰ পৰা (police station in Tarn Taran attacked)। জিলাখনৰ তৰ্ণ তৰণৰ অমৃতসৰ বাথিন্দা ৰাষ্ট্ৰীয় ঘাইপথৰ এখন থানাত এই ঘটনাটো সংঘটিত হোৱা বুলি বিশেষ আৰক্ষী অধীক্ষক গুৰমিত চৌহানে শনিবাৰে আক্ৰমণৰ বিষয়ে নিশ্চিত কৰিছে । উল্লেখ্য় যে বিগত এবছৰত পাঞ্জাৱত সংঘটিত এনে ধৰণৰ এইটো পঞ্চম ঘটনা ।

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি,দুৰ্বৃত্তই ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চাৰহালীৰ আৰক্ষী চকীত এটা ৰকেট লঞ্চাৰৰে অস্ত্ৰ নিক্ষেপ কৰাত ভিতৰৰ বেৰ, চাঞ্জ কেন্দ্ৰৰ দুৱাৰৰ আয়না আৰু এখন দুৱাৰৰ স্ক্ৰ'ল ভাঙি যায় (Sarhali Police Station )। অৱশ্য়ে এতিয়ালৈকে কোনো আঘাতৰ খবৰ পোৱা হোৱা নাই (Amritsar Bathinda Highway in Tarn Taran) ।

ইয়াৰ পিছতে তৰ্ণ তৰণৰ এছএছপিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী থানাৰ ভিতৰৰ পৰা ৰকেটটো উদ্ধাৰ কৰে । এই আক্ৰমণৰ সময়ত কৰ্তব্যৰত বিষয়া প্ৰকাশ সিং আৰু আঠজন আৰক্ষী কৰ্মী থানাখনৰ ভিতৰত উপস্থিত আছিল ।

উল্লেখ্য় যে এই বছৰৰ ৮ মে'ত মোহালিত থকা পাঞ্জাৱ আৰক্ষীৰ চোৰাংচোৱা মুখ্য কাৰ্যালয়ত এটা ৰকেটচালিত গ্ৰেনেড (আৰপিজি) নিক্ষেপ কৰিছিল । অৱশ্য়ে কাৰ্যালয়টোত সন্ধিয়া আক্ৰমণ সংঘটিত হোৱা বাবে কোনো লোক হতাহত হোৱা নাছিল । আৰক্ষী বিষয়াই সদৰী কৰা মতে উক্ত গ্ৰেনেডটোৱে এখন বেৰ আৰু কাঁচৰ অংশৰ ক্ষতিসাধন কৰিছিল । এই গ্ৰেনেডটো পাৰ্কিং লটৰ এখন গাড়ীৰ পৰা উৎক্ষেপণ কৰা হৈছিল ।

ইপিনে,২০২১ চনৰ ৭ নৱেম্বৰৰ নিশা মূল গেটত নিক্ষেপ কৰা হৈছিল এটা গ্ৰেনেড । ইয়াৰ দুসপ্তাহৰ পিছত ২১ নৱেম্বৰত পাঠানকোটত সেনানিবাসৰ ত্ৰিবেণী গেটৰ ওচৰত মটৰচাইকেল আৰোহী আক্ৰমণকাৰীয়ে আন এটা গ্ৰেনেড নিক্ষেপ কৰিছিল (Triveni gate of the Armys cantonment in Pathankot)।

লগতে পঢ়ক:Road accident at Digboi: ডিগবৈত সংঘটিত পথ দুৰ্ঘটনা গুৰুতৰভাৱে আহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.