ETV Bharat / bharat

CPIM worker killed in Tripura:হত্যাকাৰীক শাস্তিৰ দাবীত ত্ৰিপুৰাত পথ অৱৰোধ

author img

By

Published : Feb 12, 2022, 11:56 AM IST

ৰাজ্যখনত পুনৰ আক্ৰমণৰ বলি চিপিআই(এম)ৰ কৰ্মী । এইবাৰ দক্ষিণ জিলাৰ কমলপুৰত দুৰ্বৃত্তই হত্যা কৰিলে চিপিআই(এম)ৰ কৰ্মীক (CPIM worker killed in Tripura)। বিজেপিৰ বিৰুদ্ধে হত্যাৰ অভিযোগ । বিজেপি গুণ্ডা বাহিনীক গ্ৰেপ্তাৰৰ দাবীত বিভিন্ন স্থানত প্ৰতিবাদ ।

CPIM worker killed in Tripura
হত্যাকাৰীক শাস্তিৰ দাবীত ত্ৰিপুৰাত পথ অৱৰোধ

আগৰতলা,১২ ফেব্ৰুৱাৰী : ত্ৰিপুৰাত বৰ্তমানৰ শাসকীয় বিজেপি দল আৰু পূৰ্বে শাসনত থকা চিপিআই(এম) দলৰ মাজত সংঘাত অব্যাহত আছে (Clashes between BJP and CPIM in Tripura)। বিভিন্ন সময়ত ৰাজ্যখনত দুয়োটা দলৰ মাজত সংঘৰ্ষ হোৱা দেখা গৈছে । ইয়াৰ মাজতে পুনৰ এগৰাকী চিপিআই(এম)ৰ কৰ্মীক হত্যাৰ অভিযোগ উত্থাপন হৈছে বিজেপি কৰ্মীৰ বিৰুদ্ধে । জানিব পৰা মতে বেনু বিশ্বাস নামৰ চিপিআই(এম)ৰ কৰ্মী তথা এছচি শাখাৰ সদস্যজনক দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰিছিল আৰু এই আক্ৰমণত বেনু বিশ্বাসৰ মৃত্যু হয় (CPIM worker killed in Tripura)।

ত্ৰিপুৰাৰ দক্ষিণ জিলাৰ বেলোনিয়া মহকুমাৰ ৰাজনগৰ আৰ ডি ব্লকৰ অন্তৰ্গত কমলপুৰ গাঁৱত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হৈছে এই ঘটনা । বেনু বিশ্বাসৰ পৰিয়ালৰ অভিযোগ বজাৰৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাতে ৪-৫ জনীয়া বিজেপিৰ গুণ্ডা বাহিনীয়ে তেওঁক হত্যা কৰিছে । এই ঘটনাৰ পাছতে সমগ্ৰ ৰাজ্যখনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিজেপিৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ উঠিছে বহু চিপিআই(এম) নেতা ।

চিপিআই(এম)ৰ ৰাজ্যিক সমিতিৰ সম্পাদক জীতেন্দ্ৰ চৌধুৰীৰ অভিযোগ ২০১৮ চনত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছত চিপিআই(এম)ৰ মুঠ ২৩ গৰাকী কৰ্মীক হত্যা কৰা হৈছে । তেওঁৰ মতে বেনু বিশ্বাস এগৰাকী ভাল মানুহ আছিল । তেওঁৰ কেৱল এটাই দোষ আছিল যে তেওঁ চিপিআইএমৰ সমৰ্থক আছিল । বেনু বিশ্বাসৰ দৰে ৰাজ্যখনৰ আৰু বহু লোক বিজেপি গুণ্ডা বাহিনীৰ আক্ৰমণৰ বলি হৈছে বুলিও অভিযোগ কৰে নেতাগৰাকীয়ে ।

ইফালে এই ঘটনাৰ পাছতে অঞ্চলটোত তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে । অপৰাধীক কঠোৰ শাস্তিৰ দাবীত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে পথ অৱৰোধৰ কাৰ্যসূচীও ৰূপায়ণ কৰিছে । বেনু বিশ্বাসৰ মৃতদেহ ঘৰলৈ অনাৰ পাছতে এক অভাৱনীয় পৰিৱেশে বিৰাজ কৰে ।

চিপিআই(এম)ৰ ৰাজ্যিক সমিতিৰ সম্পাদক জিতেন্দ্ৰ চৌধুৰী, বিধায়ক সুধন দাস আৰু ৰতন ভৌমিক বেনু বিশ্বাসৰ ঘৰত উপস্থিত হয় । বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি দক্ষিণ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজীৱ সেনগুপ্তাই কয় যে আৰক্ষীয়ে ইতিমধ্যে এটা গোচৰ ৰুজু কৰিছে আৰু পৰৱৰ্তী তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Tripura mob lynching: বলৰাম দেবনাথৰ হত্যাৰে জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.