ETV Bharat / bharat

সৱৰিমালা মন্দিৰত দুমাহত সংগ্ৰহ 200 কোটি টকা - Karala Mandir Revenue collection

Sabarimala Sree Ayyappan Temple : কেৰালাৰ শৱৰিমালা শ্ৰী আয়াপ্পান মন্দিৰত মাত্ৰ দুটা মাহত সংগৃহীত হ’ল 200 কোটি টকা ৷ ভক্তসকলে আগবঢ়োৱা অৰিহণা আৰু মন্দিৰ কৰ্তৃপক্ষই বিক্ৰী কৰা সামগ্ৰীৰ জৰিয়তে উক্ত বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰা হয় ৷

Sabarimala Revenue collection
সৱৰিমালা মন্দিৰ
author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 9:23 PM IST

সবৰীমালা, 26 ডিচেম্বৰ : মাত্ৰ দুটা মাহত এটা মন্দিৰত সংগ্ৰহ হোৱা ৰাজহৰ পৰিমানে আচৰিত কৰি তুলিব আপোনাক ৷ কেৰালাৰ শৱৰিমালা শ্ৰী আয়াপ্পান মন্দিৰত দুমাহত সংগ্ৰহ হৈছে 200 কোটি টকা ৷ উল্লেখ্য যে শবৰীমালাত চলি থকা বাৰ্ষিক তীৰ্থযাত্ৰাৰ প্ৰথম পৰ্যায়ৰ অন্ত পৰিব 27 ডিচেম্বৰত ৷ শুভ মন্দালয় পূজাৰে সামৰণি মৰা হ’ব প্ৰথম পৰ্যায়ৰ বাৰ্ষিক তীৰ্থযাত্ৰা ৷

ভগৱান আয়াপ্পা মন্দিৰ পৰিচালনাৰ দায়িত্বত থকা মন্দিৰ সংস্থা ট্ৰাভাংকোৰ দেৱস্বম ব’ৰ্ডে (টিডিবি) মঙলবাৰে জনায় যে যোৱা ৩৯ দিনত অৰ্থাৎ ২৫ ডিচেম্বৰলৈকে মন্দিৰটোত সংগৃহীত ৰাজহৰ পৰিমান ২০৪.৩০ কোটি টকা ৷

মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি মন্দিৰ পৰিচালনাৰ দায়িত্বত থকা সংস্থটোৰ সভাপতি পি এছ প্ৰশান্তে কয় যে তীৰ্থযাত্ৰীসকলে কানিক্কা (অৰিহণা) হিচাবে আগবঢ়োৱা মুদ্ৰা গণনা কৰাৰ পিছত ৰাজহৰ পৰিমাণ অধিক বৃদ্ধি পাব ৷ সংবাদমেলযোগে জনোৱা অনুসৰি ২০৪.৩০ কোটি টকাৰ মুঠ ৰাজহৰ ভিতৰত ভক্তসকলে অৰিহণা হিচাবে ৬৩.৮৯ কোটি টকা আগবঢ়াইছিল আৰু ‘আৰাভানা’ (মিঠা নৈবেদ্য) বিক্ৰীৰ জৰিয়তে ৯৬.৩২ কোটি টকা সংগ্ৰহ কৰা হৈছিল ৷ ইয়াৰোপৰি তীৰ্থযাত্ৰীসকলক বিক্ৰী কৰা আন এক মিঠা সামগ্ৰী ‘আপ্পামে’ বিক্ৰীৰ জৰিয়তে ১২.৩৮ কোটি টকা সংগ্ৰহ কৰা হয় ৷

ইফালে চলিত বৰ্ষত পাহাৰৰ মন্দিৰ তীৰ্থস্থানত হোৱা অভাৱনীয় ভিৰৰ কথা উল্লেখ কৰি টিডিবিৰ সভাপতিগৰাকীয়ে কয় যে যোৱা ২৫ ডিচেম্বৰলৈকে প্ৰায় ৩১,৪৩,১৬৩ গৰাকী ভক্তই শবৰীমালাত প্ৰাৰ্থনা কৰে ৷

আনহাতে প্ৰশান্তে কয় যে ২৫ ডিচেম্বৰলৈকে ‘অন্নদানা মণ্ডলম’ৰ জৰিয়তে ৭,২৫,০৪৯ গৰাকী লোকক বিনামূলীয়াকৈ খাদ্য প্ৰদান কৰা হয় ৷

লগতে পঢ়ক: কৰ্ণাটকত স্কুল বাছ দুৰ্ঘটনাগ্ৰস্ত, শিক্ষাৰ্থীসহ ৪ গৰাকী গুৰুতৰভাৱে আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.