ETV Bharat / bharat

বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত অধ্য়াপকৰ প্ৰস্তাৱ নীতা আম্বানিক..! - Nita Ambani fake news

বিভিন্ন মহলত খবৰ ওলাইছিল যে ৰিলায়েঞ্চ কোম্পানীৰ কাৰ্যবাহী পৰিচালক নীতা আম্বানিক বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ভিজিটিং অধ্যাপকৰ প্ৰস্তাৱ দিয়া হৈছে । ইয়াৰ পিছতে ৰিলায়েঞ্চ কোম্পানী লিমিটেডে বুধবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এই খবৰটো ভুৱা ।

বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত অধ্য়াপকৰ প্ৰস্তাৱ নীতা আম্বানিক..!

author img

By

Published : Mar 17, 2021, 2:13 PM IST

নেশ্যনেল ডেস্ক,১৭ মাৰ্চ: শেহতীয়াকৈ এক খবৰে দেশত যথেষ্ট চৰ্চা লাভ কৰিছে । খবৰ ওলাইছিল যে ৰিলায়েঞ্চ কোম্পানীৰ কাৰ্যবাহী পৰিচালক নীতা আম্বানিক বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ভিজিটিং অধ্যাপকৰ প্ৰস্তাৱ দিয়া হৈছে । ইয়াৰ পিছতে ৰিলায়েঞ্চ কোম্পানী লিমিটেডে বুধবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এই খবৰটো ভুৱা ।

ৰিলায়েঞ্চ কোম্পানীৰ মুখপাত্ৰই সংবাদমাধ্যমক জনোৱা মতে এই খবৰ সম্পূৰ্ণ মিছা । নীতা আম্বানিলৈ অধ্যাপকৰ বাবে কোনো প্ৰস্তাৱ অহা নাই ।

ইফালে বিভিন্ন মাধ্যমত প্ৰকাশ পোৱা মতে নীতা আম্বানিক অধ্যাপকৰ বাবে প্ৰস্তাৱ দিয়া বিষয়কলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে । প্ৰস্তাৱক বিৰোধীতা কৰি প্ৰতিবাদকাৰীসকলে কয় যে নীতা আম্বানিৰ পৰিৱৰ্তে মহিলা সৱলীকৰণত অৰিহণা যোগোৱা আন মহিলাকহে ভিজিটিং অধ্যাপক হিচাপে আমন্ত্ৰণ জনাব লাগে ।

ইফালে, মহিলা অধ্যয়ন আৰু উন্নয়ন কেন্দ্ৰৰ সমন্বয়ক অধ্যাপক নিধি শৰ্মাই কয় যে নীতা আম্বানিক ভিজিটিং অধ্যাপক কৰাৰ প্ৰস্তাৱ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হৈছে । তেওঁৰ মতে আম্বানি এগৰাকী মহিলা উদ্যোগী সেয়ে আম্বানি তেওঁলোকৰ কেন্দ্ৰত যোগদান কৰিলে পূৰ্ৱাঞ্চলৰ মহিলাসকলে বহু অভিজ্ঞতা লাভ কৰিব পাৰিব ।

লগতে পঢ়ক:সৰুআইৰ পৰা হাত সাৰিবলৈ টিকাকৰণ কৰক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.