ETV Bharat / bharat

পুৰণি নোট ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত সতৰ্কবাণী ভাৰতীয় ৰিজাৰ্ভ বেংকৰ

ৰিজাৰ্ভ বেংকে ৰাইজক পুৰণি নোটৰ ক্ৰয় আৰু বিক্ৰীৰ ক্ষেত্ৰত সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনাইছে ৷ এনে ধৰণৰ ভুৱা আৰু প্ৰৱঞ্চনামূলক অফাৰৰ জৰিয়তে ধন আহৰণ কৰিবলৈ ৰিজাৰ্ভ বেংকৰ নাম ব্যৱহাৰ কৰা চক্ৰসমূহৰ পৰামৰ্শ দিছে ।

rbi cautions
পুৰণি নোট ক্ৰয় বা বিক্ৰীৰ ক্ষেত্ৰত সতৰ্কবাণী ভাৰতীয় ৰিজাৰ্ভ বেংকৰ
author img

By

Published : Aug 4, 2021, 6:21 PM IST

নেশ্যনেল ডেস্ক, ৪ আগষ্ট : ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (Reserve Bank of India) নামত লুণ্ঠন চলাইছে অসাধু চক্ৰই । পুৰণি নোট (Old note) আৰু মুদ্ৰা ক্ৰয় অথবা বিক্ৰী সম্পৰ্কীয় লেনদেনত একাংশ লোকক দেশজুৰি প্ৰৱঞ্চনা কৰিবলৈ ধৰিছে অসাধু চক্ৰটোৱে । সেয়েহে ৰাইজক দুষ্টচক্ৰৰ বলি হোৱাৰ পৰা বিৰত থাকিবলৈ সতৰ্ক কৰি দিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে ।

ৰিজাৰ্ভ বেংকে এক বিবৃতিৰ জৰিয়তে ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰিছে । বিবৃতিটোত কোৱা হৈছে যে একাংশ দুষ্টচক্ৰই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নাম আৰু ল'গ' ব্যৱহাৰ কৰি বিভিন্ন অনলাইন আৰু অফলাইন প্লেটফৰ্মৰ জৰিয়তে পুৰণি বেংক নোট আৰু মুদ্ৰা ক্ৰয় আৰু বিক্ৰী সম্পৰ্কীয় লেনদেনত ৰাইজৰ পৰা মাচুল, কমিছন আৰু কৰ বিচাৰিছে ।

বিবৃতিযোগে ৰিজাৰ্ভ বেংকে স্পষ্ট কৰি দিছে যে ভাৰতীয় ৰিজাৰ্ভ বেংকে এনে ধৰণৰ লেনদেন নকৰে আৰু কেতিয়াও কোনো ধৰণৰ মাচুল বা কমিছন বিচৰা নাই ।

ভাৰতীয় ৰিজাৰ্ভ বেংকে এনে লেনদেনত মাচুল বা কমিছন সংগ্ৰহ কৰিবলৈ কোনো প্ৰতিষ্ঠান বা ব্যক্তিক কৰ্তৃত্ব প্ৰদান কৰা নাই । ৰিজাৰ্ভ বেংকে ৰাইজক এই ক্ষেত্ৰত সতৰ্ক হৈ থাকিবলৈ আৰু এনে ধৰণৰ ভুৱা আৰু প্ৰৱঞ্চনামূলক অফাৰৰ জৰিয়তে ধন আহৰণ কৰিবলৈ ৰিজাৰ্ভ বেংকৰ নাম ব্যৱহাৰ কৰা চক্ৰবোৰৰ চিকাৰ নহ'বলৈ পৰামৰ্শ দিছে ।

লগতে পঢ়ক :'মাউণ্টেইন মেন' দশৰথ মাঁঝিক ভাৰতৰত্ন প্ৰদানৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.