ETV Bharat / bharat

Rath Yatra 2023: ৰথ যাত্ৰাত বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি 7 জন লোকৰ মৃত্যু

author img

By

Published : Jun 28, 2023, 9:24 PM IST

ত্ৰিপুৰাৰ ৰথ যাত্ৰাত ভয়ংকৰ ঘটনা ৷ ত্ৰিপুৰাৰৰ উনাকোটি জিলাৰ কুমাৰঘাটত বিদ্যুৎস্পৃষ্ট হৈ দুটা শিশুসহ 7 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাগৰাকী লোক আহত হয় ৷

Seven dead after chariot comes in contact with high-voltage wire in Tripura
ৰথ যাত্ৰাত বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি 7 জন লোকৰ মৃত্যু

নিউজ ডেস্ক, 28 জুন: ত্ৰিপুৰাত ৰথ যাত্ৰাৰ মাজতে ভয়ংকৰ অঘটন ৷ বুধবাৰে ত্ৰিপুৰাৰৰ উনাকোটি জিলাৰ কুমাৰঘাটত বিদ্যুৎস্পৃষ্ট হৈ দুটা শিশুসহ 7 গৰাকী লোকৰ মৃত্যু হয় বুলি জানিবলৈ পৰা গৈছে ৷ ভগৱান জগন্নাথক সাত দিনৰ পিছত তেওঁৰ মন্দিৰলৈ ঘূৰাই অনা প্ৰথা "উল্টো ৰথ" উৎসৱৰ সময়তে ৰথ টানি থকাৰ মাজতে লোককেইগৰাকীৰ শৰীৰত বিদ্যুৎ পৰিবাহী তাঁৰৰ ছিগি পৰিছিল ৷ লগে লগে ঘটনাস্থলীতেই জীৱন্তে দপদপকৈ জ্বলি উঠে লোককেইগৰাকী ৷

এই ঘটনা সন্দৰ্ভত ইটিভি ভাৰতক কুমাৰঘাট এছডিপিঅ’ কমল দেৱবাৰ্মাই কয়, "পুৱাৰে পৰা অঞ্চলটোত ধাৰাসাৰ বৰষুণ হৈ আছিল ৷ তাৰ মাজতে উল্টো ৰথ যাত্ৰাৰ বাবে ভালেখিনি ভক্ত সমবেত হৈছিল ৷ ভক্তসকলে উল্টো ৰথ যাত্ৰা উৎসৱৰ সময়ত ৰথখন টানি আনি লৈ অহাৰ সময়তে ই উচ্চ-ভল্টেজ তাঁৰৰ ওপৰৰ সংস্পৰ্শলৈ আহিছিল ৷ লগে লগে সাতজন লোক নিহত হয় আৰু আন বহুলোক আহত হয় ৷"

স্থানীয় বিধায়ক ভগবান চন্দ্ৰ দাসৰ ঘটনা সন্দৰ্ভত কোৱা অনুসৰি এই শোকাৱহ ঘটনাটোত দুগৰাকী শিশু, চাৰিগৰাকী মহিলা আৰু এজন পুৰুষে প্ৰাণ হেৰুৱাইছিল ৷ সূত্ৰই জনোৱা অনুসৰি বিদ্যুতস্পৃষ্ট হৈ 20 জনৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে ৷ আহত সকলৰ ভিতৰত সাতজনক কৈলাশাহাৰৰ সমীপৰ উনাকোটি জিলা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে ৷ ইয়াৰোপৰি কুমাৰঘাট মহকুমা চিকিৎসালয়ত প্ৰায় 15 ৰ পৰা 20 জন ভক্ত চিকিৎসাধীন হৈ আছে ৷

এই ঘটনাৰ পিচতে মুখ্যমন্ত্ৰী ড৹ মানিক সাহাই গভীৰ শোক প্ৰকাশ কৰি সামাজিক মাধ্যমত এটা পোষ্টত উল্লেখ কৰে , "আজি উল্টো ৰথৰ সময়ত বিদ্যুৎস্পৃষ্ট হোৱাৰ এই শোকাৱহ ঘটনাত যথেষ্ট সংখ্যক ভক্তই প্ৰাণ হেৰুৱাইছে ৷ এই ঘটনাটোত মই গভীৰভাৱে দুখ প্ৰকাশ কৰিছো৷ শোকসন্তপ্ত পৰিয়ালসমূহলৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো লগতে আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছো ৷" লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে শোকগ্ৰস্ত পৰিয়ালসমূহৰ লগত থিয় দিব ৷

আনহাতে ঘটনা সন্দৰ্ভত বিৱৰণ দি বিধায়ক ভগবান চন্দ্ৰ দাসে কয়, "ৰীতি-নীতি অনুসৰি, ৰথ যাত্ৰাৰ সময়ত ভগৱান জগন্নাথক সাত দিনৰ বাবে আন এখন ঠাইলৈ অনা হয় ৷ কুমাৰঘাটত এটা অস্থায়ী মন্দিৰ স্থাপন কৰি মূৰ্তিসমূহ ৰখা হৈছিল ৷ বুধবাৰে, মূৰ্তিবোৰ পুনৰ মন্দিৰলৈ ৰাখিবলৈ ৰথৰ ওপৰত স্থাপন কৰা হৈছিল ৷ যেতিয়া ৰথখন চৌমুহানীত ব্লকত উপস্থিত হৈছিল, তেতিয়াই বিদ্যুৎ পৰিবাহী তাঁৰ এডাল ৰথৰ শীৰ্ষৰ সংস্পৰ্শলৈ আহিছিল যাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হৈছিল ৷"

এই ঘটনাৰ কথা শুনাৰ পিচতেই বিধায়কগৰাকীয়ে ঘটনাস্থলীলৈ ততাতৈয়াকৈ উপস্থিত হৈছিল লগতে ঘটনাৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰিছিল ৷

এই ঘটনাৰ পিচতে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ প্ৰথমে আহত লোকসকলক উদ্ধাৰ কৰে আৰু তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ পৰৱৰ্তী সময়ত মৃত লোকসকলৰ মৃতদেহসমূহ চিনাক্ত কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নশ্বৰ দেহকেইটা চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ কথা আছে বুলিও বিধায়কগৰাকীয়ে সদৰী কৰে ৷

লগতে পঢ়ক: Odisha Train Crash: ওড়িশা ট্ৰেজেডী; এতিয়াও চিনাক্ত হোৱা নাই 81 টা মৃতদহেৰ পৰিচয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.