ETV Bharat / bharat

কোনে প্ৰস্তুত কৰিছে ৰাম মন্দিৰৰ মূল ধ্বজাখন ?

Ram Mandir flag : 22 জানুৱাৰীত অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা হ’বলগীয়া ৰাম মন্দিৰৰ মূল ধ্বজা বা পতাকাখন ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে ৷ 21,000 টকাত এই পতাকাখনৰ কাম সম্পূৰ্ণ কৰি তুলিছে হাজাৰিবাগৰ গোলাম জিলানিয়ে ৷

author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 8:02 PM IST

Ram Mandir flag by a Islamic Tailor Golam Zilani
Etv Bharat

নিউজ ডেস্ক, 28 ডিচেম্বৰ : মাজত আৰু প্ৰায় এটা মাহ বাকী ৷ বহু বাদ-বিবাদৰ অন্তত 2024 চনৰ 22 জানুৱাৰীত অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰাম মন্দিৰৰ ৷ এই মন্দিৰত ৰামৰ মূৰ্তি নিৰ্মাণৰ প্ৰসংগৰ মাজতে এইবাৰ চৰ্চালৈ আহিছে ৰাম মন্দিৰৰ একেবাৰে শীৰ্ষত উৰুৱাব লগীয়া পতাকাখনৰ কথা ৷

তথ্য অনুসৰি, ৰাম মন্দিৰৰ একেবাৰে শীৰ্ষত উৰুৱাব লগীয়া পতাকাখন 40 ফুট দীঘল আৰু 42 ফুট বহল ৷ 40 ফুট ওখ এটা খুটাত উৰুৱাব লগীয়া এই পতাকাখনৰ এটা ফালে হনুমানৰ আৰু আনটো ফালে থাকিব ৰাম-লক্ষ্মণৰ প্ৰতিচ্ছবি ৷ ৰাম মন্দিৰৰ অন্যতম গৌৰৱ এই পতাকা প্ৰস্তুত কৰিছে হাজাৰিবাগৰ গোলাম জিলানিয়ে ৷ ৰাম মন্দিৰৰ পতাকাখন প্ৰস্তুত কৰি উলিওৱা গোলাম জিলানিৰ বয়স 55 বছৰ ৷

সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত গোলাম জিলানিয়ে কয়, ‘‘100 কোটিতকৈয়ো অধিক ভাৰতীয়ৰ সপোনৰ দায়িত্ব লৈ মই আনন্দিত ৷ এই কামৰ দায়িত্ব বহন কৰি ৰাম মন্দিৰৰ এক অংশীদাৰী হৈ মই গৌৰৱ অনুভৱ কৰিছো’’ ৷ ইতিমধ্যে এই বিশেষ পতাকাখন আকৰ্ষণীয়ভাৱে সজাই তোলা হৈছে বুলি জানিব পৰা গৈছে ৷ এই পতাকাখন 10 দিনৰ ভিতৰতে অৰ্থাৎ 26 ডিচেম্বৰত সম্পূৰ্ণ হৈ উঠিছে ৷

প্ৰকৃততে নবাল কিশোৰ খাণ্ডেলৱাল নামৰ এজন ব্যক্তিক দায়িত্ব অৰ্পন কৰা হৈছিল ৰাম মন্দিৰৰ একেবাৰে শীৰ্ষত উৰুৱাব লগীয়া পতাকাখনৰ প্ৰস্তুতৰ কাম ৷ তাৰ পাচত তেওঁ 21,000 টকাত এই কামৰ দায়িত্ব দিছিল হাজাৰিবাগৰ বীৰ বস্ত্ৰালয়ত কৰ্মৰত গোলাম জিলানি নামৰ দৰ্জীগৰাকীক ৷

তথ্য অনুসৰি, আগন্তুক বৰ্ষৰ 22 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশগ্ৰহণ কৰিব । মূল অনুষ্ঠানৰ এসপ্তাহ পূৰ্বেই অৰ্থাৎ 16 জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ইয়াৰ বৈদিক অনুষ্ঠানসমূহ ৷ জানিব পৰা মতে, ৰাম মন্দিৰৰ মূল এই পতাকাখন অযোধ্যালৈ নিয়া হৈছে ৷ এই পতাকাখন কঢ়িয়াই নিছে 81 বছৰীয়া নবাল কিশোৰ খাণ্ডেলৱালে ৷

উল্লেখ্য যে, ৰাম মন্দিৰৰ লগত নবাল কিশোৰ খাণ্ডেলৱালৰ আছে এক পুৰণা সম্পৰ্ক ৷ জানিব পৰা মতে, যেতিয়া ৰাম মন্দিৰ-বাবৰি মছজিদৰ প্ৰসংগক লৈ বিবাদ চলি আছিল, তেতিয়া তেওঁ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰো হ’ব লগাত পৰিছিল ৷ ফলত তেওঁ বাবৰি মছজিদ ভঙা গোচৰত 3 মাহ ধৰি হাজাৰিবাগ কেন্দ্ৰীয় কাৰাগাৰত বন্দিত্বৰ জীৱন কটাবলীয়া হৈছিল ৷ কিন্তু বৰ্তমান ৰাম মন্দিৰৰ মূল পতাকা নিৰ্মাণৰ দায়িত্ব লাভ কৰি তেওঁ নিজকে ভাগ্যৱান বুলি অভিহিত কৰিছে ৷

লগতে পঢ়ক : অযোধ্যাৰ ৰাম মন্দিৰৰ মূৰ্তিৰ খনিকৰ জামালুদ্দিন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.