নেশ্যনেল ডেস্ক, ১৭ জুলাই : জয়পুৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে সৰ্বভাৰতীয় আইনী সেৱা বৈঠক (All India Legal Services Meet in Jaipur)। য'ত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে দেশৰ আমোলাতন্ত্ৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ এক অস্পষ্ট ছবি দাঙি ধৰিবলৈ চেষ্টা কৰে । ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ নেতৃত্বত আয়োজিত অনুষ্ঠানত ভাষণ দি জ্যেষ্ঠ কংগ্ৰেছ নেতা গেহলটে কয় যে, তেওঁলোকৰ অৱসৰৰ পাছত বিষয়বোৰ কেনেকুৱা হ'ব সেই প্ৰশ্ন বিচাৰকসকলৰ মনত থাকিব নালাগে (Ashok Gehlot on judiciary of India)।
মন্ত্ৰী, বিধায়ক, সাংসদ বা বিচাৰক সকলোৱে দেশ সেৱাৰ স্বাৰ্থত ভাল প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিব লাগে বুলি তেওঁ উল্লেখ কৰে । যদি সেয়া নকৰি অৱসৰৰ পিছত কি কৰিব সেই বিষয়ে নিৰন্তৰ চিন্তা কৰে তেনেহ'লে বিষয়বোৰ কেনেদৰে আগবাঢ়িব বুলিও তেওঁ প্ৰশ্ন কৰে ?
প্ৰাক্তন ন্যায়াধীশ ৰঞ্জন গগৈৰ কথা উল্লেখ কৰি তেওঁ কয় যে, উচ্চতম ন্যায়ালয়ৰ চাৰিগৰাকী ন্যায়াধীশে কৈছিল যে 'গণতন্ত্ৰ বিপদত আছে' । যাক লৈ সকলো চিন্তিত হৈছিল । তেওঁলোকৰ ভিতৰত এগৰাকী মুখ্য ন্যায়াধীশ হৈছিল । কিন্তু, তাৰ পাছতো আগৰ দৰেই একে প্ৰণালী চলি থাকিল ।
আচলতে সেই সময়ত মুখ্য ন্যায়াধীশগৰাকী শুদ্ধ আছিল নে এতিয়া ? আনকি এই বিষয়টো মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই ৰাষ্ট্ৰপতিক অৱগত কৰিছিল । অৱশ্যে পৰৱৰ্তী সময়ত ৰঞ্জন গগৈ সংসদৰ সদস্য হয় । এনে ধৰণৰ বিষয়বোৰৰ ওপৰত চিন্তা কৰিব লাগে বুলি তেওঁ উল্লেখ কৰে (Gehlot slams former CJI Ranjan Gogoi)।
নুপূৰ শৰ্মা বিতৰ্কক লৈও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । শেহতীয়াকৈ এই বিতৰ্কত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ জে বি পাৰ্ডিৱালা আৰু ন্যায়াধীশ সূৰ্য কান্তৰ পৰ্যৱেক্ষণ সম্পৰ্কেও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । দুয়োগৰাকী ন্যায়াধীশে নুপূৰ শৰ্মাক সমালোচনা কৰিছিল । কিন্তু উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ, আমোলাতন্ত্ৰ আৰু বিষয়াসহ ১১৬ গৰাকী লোকক তেওঁলোকৰ বিৰুদ্ধে থিয় দিবলৈ বাধ্য কৰোৱা হৈছিল । কোনে এই কাম কৰিছে তেওঁ নাজানে যদিও ইয়াৰ দ্বাৰা দেশত সমস্যাৰ সৃষ্টি হৈছিল ।
ইফালে মুখ্যমন্ত্ৰী অশোক গেহলটে কয় যে, উকীলসকলৰ মাচুল এক কোটি টকালৈ বৃদ্ধি পাইছে । বিচাৰকসকলেও মুখ চাই ৰায় দিয়া আৰম্ভ কৰিছে বুলি তেওঁ অভিযোগ কৰে । বিচাৰাধীন বন্দীসকল বহু বছৰ ধৰি কাৰাগাৰত থাকে আৰু পিছত তেওঁলোকক নিৰ্দোষী বুলি কোৱা হয় । সেইসকল লোকৰ মনত কি ধৰণৰ চিন্তা হ'ব গেহলটে প্ৰশ্ন কৰে । দেশৰ পৰিস্থিতিৰ অৱনতি ঘটিছে বুলি দাবী কৰে মুখ্যমন্ত্ৰী গেহলটে ।
হৰ্চ ট্ৰেডিং সম্পৰ্কেও মুখ্যমন্ত্ৰীগৰাকী মন্তব্য কৰে । তেওঁৰ মতে হৰ্চ ট্ৰেডিঙৰ জৰিয়তে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক ভাঙি পেলোৱা হৈছে । ৰাজস্থানতো কোনো মতে চৰকাৰ ৰক্ষা পৰিছে । অন্যথা তাতো বেলেগ মুখ্যমন্ত্ৰী হ'লহেতেন বুলি তেওঁ অভিযোগ কৰে ।
লগতে পঢ়ক :Minister Kiren Rijiju in MNLU: দেশৰ আদালতত ৫ কোটিৰো অধিক গোচৰ বিচৰাধীন