নেশ্যনেল ডেস্ক,১৯ আগষ্ট : ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ বিৰুদ্ধে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰ সন্দৰ্ভত সত্ৰ আদালতে শুনানি গ্ৰহণ কৰে । শুনানিৰ সময়ত আদালতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অংশগ্ৰহণ কৰিবলৈ গেহলটক দিয়া সকাহ বজাই ৰাখে । গেহলটে পুনৰ ২১ আগষ্টত অতিৰিক্ত মুখ্য মেট্ৰ'পলিটান মেজিষ্ট্ৰেট (এচিএমএম) হৰজিৎ সিং জছপালৰ আদালতত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অংশগ্ৰহণ কৰিবলৈ সক্ষম হ'ব ।
গেহলটৰ বিচাৰ আদালতৰ ব্যক্তিগত হাজিৰ আদেশৰ পৰা অব্যাহতিৰ গোচৰৰ শুনানি গ্ৰহণ কৰি থকা সত্ৰ ন্যায়াধীশ এম কে নাগপাল ছুটীত থকাৰ বাবে সত্ৰ ন্যায়াধীশ বিকাশ ধুলে গোচৰটোৰ শুনানি গ্ৰহণ কৰে আৰু পূৰ্বৰ আদেশটো বজাই ৰাখে । গোচৰটোৰ পৰৱৰ্তী শুনানি ১৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব । উক্ত দিনাও গেহলটে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আদালতত অংশগ্ৰহণ কৰিব পাৰিব ।
যোৱা ৭ আগষ্টত ৭ তাৰিখে, গেহলটে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে দণ্ডাধীশ আদালতত অংশগ্ৰহণ কৰিছিল । শুনানিৰ পাছত অতিৰিক্ত মুখ্য মেট্ৰ'পলিটান মেজিষ্ট্ৰেট (এচিএমএম) হৰজিৎ সিং জছপালে বিষয়টো পৰৱৰ্তী শুনানিৰ বাবে ২১ আগষ্টত তালিকাভুক্ত কৰে । আনহাতে বিষয়টো ১৯ আগষ্টত সত্ৰ আদালতত শুনানিৰ বাবে তালিকাভুক্ত কৰা হয় ।
শ্বেখাৱতে মানহানিৰ অভিযোগত কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে গোচৰ তৰিছিল । কথিত সঞ্জীৱনী কেলেংকাৰী সম্পৰ্কীয় মন্তব্যৰ বাবে শ্বেখাৱতৰ অভিযোগৰ পাছত গেহলটকো আদালতলৈ মাতি পঠোৱা হৈছিল । এই গোচৰটো সঞ্জীৱনী ক্ৰেডিট কোঅপাৰেটিভ চ'চাইটিৰ দ্বাৰা হাজাৰ হাজাৰ বিনিয়োগকাৰীক প্ৰায় ৯০০ কোটি টকা প্ৰতাৰিত কৰাৰ অভিযোগৰ সৈতে জড়িত ।
লগতে পঢ়ক :Different Wards for Transgender patient : পুনেৰ ছাছোন হাস্পতালত তৃতীয় লিংগৰ ৰোগীৰ বাবে পৃথক ৱাৰ্ড