ETV Bharat / bharat

সংযুক্ত কিষাণ মৰ্চাৰ ‘ৰে’ল ৰোকো’ৰ প্ৰভাৱ পৰা নাই উত্তৰ-পূৰ্বাঞ্চলত - kheri incident update

সোমবাৰে সংযুক্ত কিষাণ মৰ্চাৰ দ্বাৰা আহ্বান কৰা 6 ঘন্টীয়া ৰে’ল ৰোকো কাৰ্যসূচীৰ ফলত দেশৰ প্ৰায়সমূহ অঞ্চলতে ৰে’ল চলাচল ব্যাহত হৈ পৰিছে ৷ পঞ্জাৱ আৰু হাৰিয়ানাৰ প্ৰায় সকলোবোৰ ৰে’লপথেই কৃষকসকলে বন্ধ কৰি ৰাখিছে যাৰ বাবে ৰে’লৰ চলাচলত প্ৰভাৱ পৰিছে ৷ কিন্তু ইয়াৰ প্ৰভাৱ পৰা নাই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ৷

Rail Roko programme: movement of trains remained unaffected in the northeastern states
ৰে’ল ৰোকো কাৰ্যসূচীৰ কোনো প্ৰভাৱ পৰা নাই উত্তৰ-পূৱৰ ৰাজ্যসমূহত
author img

By

Published : Oct 18, 2021, 2:22 PM IST

নিউজ ডেস্ক, 18 অক্টোবৰ : সংযুক্ত কিষাণ মৰ্চাৰ দ্বাৰা সোমবাৰে গ্ৰহণ কৰা ‘ৰেল ৰোকো’ কাৰ্যসূচীৰ ফলত সমগ্ৰ দেশতে ৰে’ল চলাচল ব্যাহত হোৱাৰ সমান্তৰালকৈ উত্তৰ-পূৰ্বাঞ্চলত ৰে’লৰ চলাচলত পৰা নাই ইয়াৰ কোনো প্ৰভাৱ ৷ ৰে’ল ৰোকো কাৰ্যসূচীৰ ফলত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ অধীনত থকা অঞ্চলসমূহত ৰে’লৰ চলাচল ব্যাহত নোহোৱাৰ কথা সদৰী কৰিছে NF ৰে’লৱেৰ এগৰাকী মুখপাত্ৰই ৷

তেওঁ কয় যে, "নিউ কোচবিহাৰ আৰু শালবাৰী ৰে’ল ষ্টেচনত দুপৰীয়া 12 বজাৰ পৰা 1 বজাৰ ভিতৰত ৰে’লৰ চলাচল কিছু ব্যাহত হৈছে ৷ কিন্তু এই দুটা ষ্টেচনৰ বাহিৰে অঞ্চলটোৰ কোনো ঠাইতে প্ৰতিবাদৰ প্ৰভাৱ পৰা পৰিলক্ষিত হোৱা নাই ৷" ইয়াৰ উপৰিও ৰে’লৰ সময়সূচীতো কোনো সালসলনি হোৱা নাই ৷ অহা-যোৱা কৰা প্ৰতিখন ৰে’ল সঠিক সময়তেই আছে ৷

সোমবাৰে সংযুক্ত কিষাণ মৰ্চাৰ দ্বাৰা আহ্বান কৰা 6 ঘন্টীয়া ৰে’ল ৰোকো কাৰ্যসূচীৰ ফলত দেশৰ প্ৰায়সমূহ অঞ্চলতে ৰে’ল চলাচল ব্যাহত হৈ পৰিছে ৷ পঞ্জাৱ আৰু হাৰিয়ানাৰ প্ৰায় সকলোবোৰ ৰে’লপথেই কৃষকসকলে বন্ধ কৰি ৰাখিছে যাৰ বাবে ৰে’লৰ চলাচলত প্ৰভাৱ পৰিছে ৷

দুয়োখন ৰাজ্যতে ৰে’ল সেৱা ব্যাহত হৈছে ৷ কিন্তু এই প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত কোনো অনাকাংক্ষিত ঘটনাৰ তথ্য পোহৰলৈ অহা নাই ৷

কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী অজয় মিশ্ৰ টেনীক মন্ত্ৰীসভাৰ পৰা নিলম্বনৰ দাবীত সংযুক্ত কিষাণ মৰ্চাই এই প্ৰতিবাদী কাৰ্যসূচী হাতত হৈছে ৷ উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত প্ৰতিবাদকাৰী কৃষকৰ গাৰ ওপৰেৰে বাহন চলাই নিয়া ঘটনাৰ মূল অভিযুক্ত আছিল অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰ টেনী ৷ ইয়াৰ পিছতে অজয় মিশ্ৰক মন্ত্ৰীসভাৰ পৰা নিলম্বনৰ বাবে দাবী উত্থাপিত হৈ আহিছিল ৷

ইয়াৰ উপৰিও কৃষকসকলে তিনিওখন কৃষি আইন বাতিলৰ বাবেও দাবী উত্থাপন কৰে ৷ সোমবাৰে সংযুক্ত কিষাণ মৰ্চাই পুৱা 10 বজাৰ পৰা আবেলি 4 বজালৈ সমগ্ৰ দেশতে 6 ঘন্টীয়া ৰে’ল ৰোকো কাৰ্যসূচীৰ আহ্বান কৰিছিল ৷ ফিৰোজপুৰ টাউনত, ৰে’লপথ অৱৰোধ কাৰ্য সময়তকৈ এঘন্টা আগতে আৰম্ভ কৰা হয় ৷

প্ৰতিবাদৰ সময়চোৱাত আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পঞ্জাৱ আৰু হাৰিয়ানাৰ বিভিন্ন স্থানত আৰক্ষী আৰু নিৰাপত্তাবাহিনীৰ লোক মোতায়েন কৰা হৈছে ৷ দেশজুৰি হোৱা ধৰ্মঘটৰ বাবে ৰে’ল চলাচল নকৰাৰ বাবে শতাধিক লোকে অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈছিল।

লগতে পঢ়ক : দেশজুৰি ৰে'ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ সংযুক্ত কিষাণ মৰ্চাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.