ETV Bharat / bharat

Raid in red light area: বিহাৰৰ ৰেড লাইট অঞ্চলত অসমৰ যুৱতী উদ্ধাৰ - গুৱাহাটীৰ আৰক্ষী বিষয়া

বহিঃৰাজ্যৰ পতিতালয়ত অসমৰ যুৱতী উদ্ধাৰ (Raid in red light area) ৷ প্ৰলোভন দি অসমৰ যুৱকে বিহাৰৰ সীতামাঢ়ীৰ ৰেড লাইট অঞ্চলত বিক্ৰী কৰে যুৱতীগৰাকীক (Assam girl recovered from Sitamarhi)৷

raid-in-red-light-area-in-sitamarhi-assam-girl-recovered
বিহাৰৰ ৰেড লাইট অঞ্চলত অসমৰ যুৱতী উদ্ধাৰ
author img

By

Published : Mar 3, 2023, 10:00 PM IST

নেশ্যনেল ডেস্ক, 3 মাৰ্চ: দেশজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে মানৱ সৰবৰাহৰ ঘটনা ৷ এইবাৰ বিহাৰৰ সীতামাঢ়ীৰ এক পতিতালয়ত উদ্ধাৰ কৰা হৈছে এগৰাকী অসমৰ যুৱতী (Assam girl recovered) ৷ এক বিশেষ সূত্ৰৰ পম খেদি বিহাৰৰ সীতামাঢ়ীৰ এটা ৰেড লাইট অঞ্চলত সীতামাঢ়ী আৰক্ষীয়ে শুকুৰবাৰে এক অভিযান চলায় (Raid in red light area) ৷ এই অভিযানত আৰক্ষীয়ে অঞ্চলটোৰ পৰা বহুতো পুৰুষ আৰু মহিলাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ এই অভিযানত আৰক্ষীয়ে অসমৰ এগৰাকী যুৱতীক পতিতালয়ৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Assam girl recovered from Sitamarhi ) ৷

প্ৰকৃততে অসমৰ এজন লোকে বিহাৰৰ সীতামাঢ়ীত উপস্থিত হৈ আৰক্ষী অধীক্ষক হৰ কিশোৰ ৰায়ক লগ কৰি এগৰাকী যুৱতী নিখোজ হৈ থকাৰ কথা অৱগত কৰিছিল ৷ অসমৰ কামৰূপ জিলাৰ যুৱতীগৰাকীক প্ৰলোভন দি বিহাৰলৈ আনি পতিতালয়ত বিক্ৰী কৰি দিয়া হৈছিল ৷ তাৰ পিচতে যুৱতীগৰাকীয়ে কোনোমতে ঘৰৰ লোকলৈ এই তথ্য প্ৰেৰণ কৰিছিল ৷ তাৰ পিচতে যুৱতীগৰাকীৰ ঘৰৰ পৰিয়ালে যুৱতীগৰাকীক বিচাৰ খোচাৰ কৰিবলৈ বিহাৰৰ সীতামাঢ়ীত উপস্থিত হৈছিলহি ৷ যুৱতীগৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি সীতামাঢ়ী আৰক্ষীয়ে ৰেড লাইট অঞ্চলটোত অভিযান চলায় (Assam girl recovered in red light area) ৷

ইফালে আৰক্ষীৰ এই অভিযানৰ কথা পূৰ্বতে গম পাই অঞ্চলটোৰ অধিকাংশ লোক পলাবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে বহু লোকক গ্ৰেপ্তাৰ কৰিবলৈও সক্ষম হয় ৷ আৰক্ষীয়ে ধৃত লোকসকলক সোধা পোছা অব্য়াহত ৰাখিছে ৷

ভুক্তভোগী যুৱতীগৰাকীৰ আত্মীয়ই কয় যে "মোৰ বন্ধুৰ এগৰাকী ভগ্নীক অসমৰ লোক এজনে প্ৰলোভন দি লৈ আহি ইয়াৰ পতিতালয়ত বিক্ৰী কৰিছিলহি ৷ ৰক্সৌলৰ পৰা এজন যুৱক ৰেড লাইট এলেকাৰ ফালে যাওঁতে যুৱতীগৰাকীয়ে সুযোগ বুজি এটা ফোন নম্বৰ লিখি ঘৰৰ লোকক তাইক পতিতালয়ত বিক্ৰী কৰাৰ কথা জনাবলৈ দিছিল ৷

তাৰ পিচতেই যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে মোলৈ ফোন কৰিছিল ৷ যুৱতীগৰাকীৰ ঘৰৰ কথা শুনি মই যুৱতীগৰাকীৰ পৰিয়ালক ইয়ালৈ লৈ আহিছিলো ৷ মই ইয়াৰ স্থানীয় আৰক্ষীৰ সৈতে কথা পাতি ৰেড লাইট এলেকাত অভিযান চলাবলৈ আৰক্ষীক হেঁচা প্ৰয়োগ কৰিছিল ৷ গুৱাহাটীৰ আৰক্ষী বিষয়াসকলেও ইয়াত বড়া বাবুৰ সৈতে কথা পাতিছিল। তাৰ পিছত ব্যৱস্থা লোৱা হৈছিল ৷"

লগতে পঢ়ক: Youtuber detained: জঘন্য ! শিশু অভিনেত্ৰীক ধৰ্ষণ কৰি প্ৰাণে মৰাৰ চেষ্টা ইউটিউবাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.