নিউজ ডেস্ক, 26 ডিচেম্বৰ: মঙলবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু সভাপতি মল্লিকাৰ্জুন খাৰ্গেই জম্মু-কাশ্মীৰৰ নেশ্যনেল কনফাৰেন্স, পিপলচ্ ডেম’ক্ৰেটিক পাৰ্টী আৰু পঞ্জাবৰ আম আদমী পাৰ্টীৰ ৰাজ্যিক নেতৃত্বৰ সৈতে মিত্ৰতা সন্দৰ্ভত বৈঠকত মিলিত হোৱাৰ কথা ৷ মিত্ৰতাৰ উপৰিও কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যক বিশেষ মৰ্যাদা প্ৰদান কৰা ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ ক্ষেত্ৰত দলৰ মতামত দৃঢ় কৰিব ।
ফাৰুক আব্দুল্লাৰ নেশ্যনেল কনফাৰেন্স আৰু মেহবুবা মুফতীৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ দৰে আঞ্চলিক দলৰ সৈতে নিৰ্বাচনী মিত্ৰতা গঢ়ি তোলাৰ ধাৰণাটো যোৱা বছৰ কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ সময়ত আৰম্ভ হৈছিল ৷ আব্দুল্লা আৰু মেহবুবাই সংহতিৰ প্ৰদৰ্শনত পদযাত্ৰাত যোগদানো কৰিছিল । তেতিয়াৰ পৰাই এন চি আৰু পিডিপিৰ নেতাসকলে বিৰোধী মিত্ৰজোঁট INDI-ৰ বৈঠকত অংশগ্ৰহণ কৰি আহিছে ।
‘‘INDI ৰ মিত্ৰতা শক্তিশালীভাৱে আগবাঢ়িছে যদিও আমি চাব লাগিব যে আগন্তুক লোকসভা নিৰ্বাচন কেনেকৈ যুঁজিম আৰু দলৰ কৌশল কি হ’ব লাগে । ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ অধ্যক্ষতাত ২৬ ডিচেম্বৰত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ’ব । তেওঁলোকে ৰাজ্যৰ নেতাসকলৰ পৰা মতামত বিচাৰিব ।’’ এইদৰে কয় জম্মু-কাশ্মীৰৰ এআইচিচিৰ সাধাৰণ সম্পাদক ভাৰতসিংহ সোলংকীয়ে ।
পূৰ্বৰ ৰাজ্যখনত লাডাখকে ধৰি ৬ খন লোকসভাৰ আসন আছিল । ২০১৯ ৰ ৰাষ্ট্ৰীয় নিৰ্বাচনত এন চি আৰু বিজেপিয়ে তিনিখনকৈ আসন লাভ কৰিছিল । পৰৱৰ্তী সময়ত সংসদৰ আইনৰ জৰিয়তে ২০১৯ চনৰ ৫ আগষ্টত সংবিধানৰ ৩৭০ অনুচ্ছেদ আঁতৰাই এই প্ৰক্ৰিয়াত পূৰ্বৰ ৰাজ্যখনক দুখন কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু লাডাখত বিভক্ত কৰা হয় ।
যিহেতু সীমান্তৱৰ্তী ৰাজ্যখনৰ জনসাধাৰণৰ বাবে ৩৭০ অনুচ্ছেদ এক আৱেগিক বিষয় আছিল ৷ সেয়েহে শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে সমৰ্থন কৰা সাংবিধানিক ব্যৱস্থাটো আঁতৰোৱাৰ পৰিণতিৰ মূল্যায়নৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চলৰ কংগ্ৰেছ ইউনিটে ১৬ ডিচেম্বৰত জম্মুত এক কনক্লেভৰ আয়োজন কৰিছিল । ‘‘৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চলৰ জনসাধাৰণে ক্ষতিগ্ৰস্ত হৈছে । পৰ্যালোচনা বৈঠকত আনুষংগিক বিষয়সমূহো আলোচনা কৰা হ’ব ।’’ সোলাংকীয়ে কয় ।
কংগ্ৰেছ ৱৰ্কিং কমিটীৰ সদস্য তথা জম্মু কাশ্মীৰ কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী গুলাম আহমেদ মিৰৰ মতে, স্থানীয় ইউনিটে ১৬ ডিচেম্বৰত কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক বিষয়সমূহৰ তালিকাভুক্ত কৰি এক প্ৰস্তাৱ গৃহীত কৰে । ‘‘চাৰি বছৰৰ আগতে ৰাজ্যখনক কেন্দ্ৰীয় শাসিত অঞ্চললৈ অৱনমিত কৰা হৈছিল । আমি বিচাৰো যে অতি সোনকালে জম্মু-কাশ্মীৰত ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰ আৰু বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা হওক । ৰাইজে নিজৰ পৰিচয়, মাটি, চাকৰি আৰু প্ৰাকৃতিক সম্পদৰ অধিকাৰ হেৰুৱাইছে ।’’ মিৰে এইদৰে কয় ।
ৰাহুল আৰু খাৰ্গেই চুবুৰীয়া ৰাজ্য পঞ্জাৱতো পৰ্যালোচনা কৰিব য’ত তেওঁলোকে শাসকীয় আপৰ সৈতে নিৰ্বাচনী চুক্তি হোৱাৰ বিতৰ্কিত বিষয়টোৰ ওপৰত সিদ্ধান্ত ল’ব লাগিব ।
“চাওক, মিত্ৰজোঁটৰ ওপৰত চূড়ান্ত আহ্বান লোৱাৰ দায়িত্ব হাই কমাণ্ডৰ। হাই কমাণ্ডে যি সিদ্ধান্ত ল’ব আমি মানি চলিম । অৱশ্যে আপৰ সৈতে হোৱা নিৰ্বাচনী চুক্তিক লৈ ৰাজ্যিক ইউনিটটোৱে কেইবাবাৰো নেতৃত্বৰ আগত নিজৰ সংশয় প্ৰকাশ কৰিছে । আমাৰ ফালৰ পৰা ৰাজ্যৰ ১৩খন লোকসভা আসনৰ বাবে আমি প্ৰস্তুতি আৰম্ভ কৰিছো । আমি সকলো সংসদীয় আসনত জিলা দলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি আপ চৰকাৰৰ বিৰুদ্ধে আন্দোলনমূলক কাৰ্যসূচী প্ৰস্তুত কৰি আছো ।’’ পঞ্জাৱৰ এআইচিচিৰ ভাৰপ্ৰাপ্ত সম্পাদক চেতন চৌহানে এইদৰে কয় ।
লগতে পঢ়ক: চিপিআইৰ প্ৰতিষ্ঠা দিৱস: কি দৰে ক্ৰমান্বয়ে গুৰুত্বহীন হৈ পৰিল একালৰ প্ৰধান বিৰোধী দল...