নেশ্যনেল ডেস্ক,১১ এপ্ৰিল : সাংসদ পদ খাৰিজ হোৱাৰ পাচত প্ৰথমবাৰৰ বাবে পূৰ্বৰ লোকসভা সমষ্টি কেৰালাৰ ৱায়ানাড় ভ্ৰমণ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi to visit Wayanad)। মঙলবাৰে কেৰালাত তেওঁৰ পূৰ্বৰ লোকসভা সমষ্টিটো পৰিদৰ্শন কৰিব । ইফালে কংগ্ৰেছ নেতাসকলে ৰাহুল গান্ধীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপক প্ৰস্তুতি চলাইছে । একেদিনাই তেওঁ ৱায়ানাড় জিলাৰ সদৰ কালপেট্টা চহৰত এক বিশাল জনসভা সম্বোধন কৰিব ।
চলিত বৰ্ষৰ ২৩ মাৰ্চত লোকসভাৰ সাংসদ হিচাপে অযোগ্য ঘোষণা হোৱাৰ পাচৰে পৰা ৰাহুল গান্ধীয়ে কেন্দ্ৰত শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টী (বিজেপি)ৰ ওপৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰি আহিছে (Rahul Gandhi disqualification)। কংগ্ৰেছ নেতাগৰাকীয়ে উদ্যোগপতি গৌতম আদানিৰ বিৰুদ্ধেও বিভিন্ন অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী মোডীৰ সৈতে তেওঁৰ কথিত সম্পৰ্কক লৈ প্ৰশ্ন কৰি আহিছে (Modi Adani relation)। তেনেস্থলত ৰাহুল গান্ধীৰ ৱায়ানাড় ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে ।
ইফালে মোডী উপাধি মানহানিৰ গোচৰত চূড়াট আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰাৰ পাচতে তেওঁৰ সাংসদ পদ খাৰিজ হয় । লগে লগে এই বিষয়টোক লৈ ৰাজনৈতিক মহল উত্তাল হৈ পৰে । ইফালে ৰাহুল গান্ধীয়ে এতিয়া লোকসভাত ৱায়ানাড় সমষ্টিক প্ৰতিনিধিত্ব কৰিব নোৱাৰে । ৱায়ানাড় কেৰালাৰ ২০ টা লোকসভা সমষ্টিৰ ভিতৰত অন্যতম (Kerala Wayanad Lok Sabha constituency)।
২০১৯ ৰ সাধাৰণ নিৰ্বাচনত, ৰাহুল গান্ধীয়ে ৱায়ানাড়ৰ পৰা দ্বিতীয়বাৰৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল । নিকটতম প্ৰতিদ্বন্দী আৰু চিপিআই প্ৰাৰ্থী পি পি চুনিয়েৰৰ তুলনাত ৪,৩১,৭৭৯ তকৈ অধিক অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত তেওঁ জয়ী হৈছিল (Rahul Gandhi in 2019 General election)। একেটা নিৰ্বাচনতে ৰাহুল গান্ধীয়ে অৱশ্যে গান্ধী পৰিয়ালৰ দুৰ্গ হিচাপে পৰিচিত উত্তৰ প্ৰদেশৰ আমেঠি আসনখনত বিজেপিৰ স্মৃতি ইৰাণীৰ বিৰুদ্ধে ৫০ হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত হয় ।
ৱায়ানাড় হৈছে সাক্ষৰতাৰ ক্ষেত্ৰত অতি আগবঢ়া আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকৰ প্ৰভাৱশালী জিলা । তাৰ বেছি সংখ্যক লোকেই যোৱা কেইটামান দশকত কেৰালাৰ অন্যান্য স্থানৰ পৰা প্ৰব্ৰজন কৰিছিল । জনসংখ্যাৰ ৩০ শতাংশতকৈও অধিক লোক পাহাৰতে বাস কৰে ।
লগতে পঢ়ক : Amit Shah Arunachal Visit : সীমান্তত আইটিবিপিৰ সৈতে বৈঠক গৃহমন্ত্ৰীৰ